মৰম ডট্ কম
"সেইখন ৰ'দটো ঢাকি সময়ত মানুহৰ আগত ষ্টাইলটো মেইনটেইন কৰিবলৈ ত্ৰিছ টকা খৰচ কৰা নে? নে কেতিয়াবা তাৰ ভিতৰত থকা কথাবোৰ পঢ়াও?"-বাছষ্টেণ
ৰ'দত ৰঙা-চঙাজনী হৈ থকা অনামিকাই কালি দেৱীজনী হৈ মোৰ ফালে চায় কিবা এষাৰ ক'ব খুজিছিল।কাষত মানুহবোৰ উপস্থিতি দেখি নক'লে যদিও কি ক'ব খুজিছিল মই বুজিলোঁ বাৰু।এৰা এটা শব্দ যিটো ক'লে গা মন জুৰ পৰি যায়।প্ৰেমিকসকলে
অলপ ৰৈ অনামিকাই মুখ মেলিলে, "একো চখ নাই ত্ৰিছ টকা দি এইখন কিনাৰ,ক্লাছত থাকোতে কোনোবা এজনীৰ মুখৰ পৰা গম পালোঁ তোমাৰ গল্প এটা প্ৰকাশ পাইছে,সেয়েহে কিনিছোঁ বুজিছা।তেনেকৈ ইতিকিং নকৰিবা।আৰু পঢ়িও শেষ কৰিলোঁ।ভাল লিখিছা"
"নাইচ বুলি ফেচবুকত কমেণ্ট এটা এটা দিবা দেই ।তোমালোক গোটেইকেইজনীকে কৈছোঁ।" হাঁহি এটি মাৰি সিহঁতকেইজনীক ক'লোঁ।
"দিম দিম অকল নাইচ বুলিয়েই নহয় ধেই কিবা কিবি দিম" অনামিকাৰ লগৰ পাপৰিয়ে মুখ মেলিলে এইবাৰ।তাৰ পাছত গোটেইকেইজনীয়ে মুখ মেলি হাঁহিলে।
-আজিওটো কথা পাতিব নোৱাৰিম চাগে!
চাহকাপত সোহা এটা মাৰি অনামিকাই প্ৰশ্নবোধক এৰিলে।
-নোৱাৰিবা মানে আজি ফোনেই কৰিব নালাগে।আজিৰ নিশাটোহে হাতত বাকী।কামটো শেষ হৈ লওকচোন।তোমাৰ এই ৩৪৯ য়েও কামত নিদিব।
-হুঁহ কি বা কৰে ৰাতিখন।মোৰ কিন্তু সন্দেহ।
-আস্ নুবুজা কিয়?
-হ'ব হ'ব।এটা কথা মনত ৰাখিবা কাইলৈ মোৰ বার্থ দে।অফিচৰ কাম শেষ আমাৰ ঘৰলৈ এপাক মাৰিবা।
-এহ মই পাহৰিয়েই গৈছিলোঁ।অফিচৰ কাম শেষ কৰি কাইলৈ ঘৰলৈ এপাক মৰাৰ কথাহে ভাবিছিলোঁ।
-তোমাৰ যি মন যায় তাকে কৰিবা অকে।তোমাৰ গুৰুত্বহীনতাৰ বলি হ'বলৈ তোমাৰ প্ৰেমত বলিয়া হ'লোঁ।মই পাগলী জনী...।
-আৰে আৰে ইমানখন বকিব নালাগে।কিবা এটা মেনেজ কৰিব লাগিব।হ'ব এতিয়া দুইবজাত মিটিং এখন আছে।মই যাওঁ।ঘৰ পালে মেছেজ এটা কৰিবা।
-অহ নকৰো ফোন।মেছেজো নিদিওঁ।ইমান চিন্তা কৰিব নালাগে।
অনিমিকাৰ অভিমানে মোক হঁহুৱালে।হোটেলৰ
কাইলৈ অফিচত নতুন প্ৰজেক্টটোৰ ফাইনেল প্ৰেজেনটেশ্যন দিব লাগিব।এফালে কামৰ শতকৰা পঞ্চাচ ভাগো শেষ কৰিব পৰা নাই।আজিৰ নিশাটোত যেনে-তেনে অলপ কষ্ট বহন কৰিবই লাগিব।ইমান ডাঙৰ এটা প্ৰজেক্ট কেৱল মোৰ তত্বাৱধানত সম্পূর্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে।বচৰ সেইকণ বিশ্বাসক মই আওকাণ কৰিব নিবিচাৰোঁ।ভাতকে
নিমাও মাও পৰিবেশটোত নিজকে বিলীন কৰিবলৈ কিছু অসুবিধা পাওঁ সেয়েহে মেডিয়া ফাইলবোৰ খুচৰি প্ৰিয় গানকেইটাৰ প্লেলিষ্টত ক্লিক কৰিলোগৈ।জুবিনৰ কণ্ঠত লাহেকৈ ভাহি আহিল,
"পাখি পাখি এই মন
পাখি মেলি যা উৰি..."
মোৰ কিন্তু ভাল গুন এটা আছে।মই দুই তিনিটা বিষয়ত একেলগে মনোযোগ দি কাম কৰাত পাকৈত।তেনেকৈ কৰিলে ভুল প্ৰায়ে নহয়।
পাখি পাখি এই গানটো প্ৰথমবাৰৰ বাবে তাহানিৰে এটি দূপৰীয়াত বাইদেউহঁতে চকলিউৱা জকলীয়া সনা কেঁচা আমটেঙাৰ জুটি ঘৰৰ আগৰ বৰগছজোপাৰ তলত বহি ৰেডিঅত শুনিছিলোঁ।আকাশব
বাৰ বাজিবলৈ মাত্ৰ সাতমিনিট বাকী।কামো শেষ হওঁ হওঁ।অনামিকাই সচাঁকৈয়ে মোক বুজি পাইনে? মই যে দিনে-নিশাই অহৰহ কষ্ট কৰিছোঁ।কিয় কৰিছোঁ এবাৰলেও অনুধাৱন কৰে নে অনামিকাই? সচাঁকৈয়ে মই তাইক গুৰুত্ব নিদিও নেকি?ইমানখিনি কষ্টৰ আঁৰতে যে অনামিকাক নিজৰ কৰি লোৱাৰ সপোন এটিয়ে পোখা মেলি ডাঙৰ হৈছে অনামিকাই জানে জানো!
কাইলৈ অফিচৰ পৰা বাহিৰে বাহিৰে সোণাৰিৰ পৰা আঙুঠিটো আনিবগৈ লাগিব।বাকী থকা দহহাজাৰ টকাও কাইলৈয়ে আদায় কৰিব লাগিব।কামখিনি সূচাৰুৰূপে বাৰ বজাৰ আগে আগে শেষ কৰিলোঁ।মোবাইলটো
-কোৱা
-হেপ্পী বার্থ দে মাই চুইটহার্ট।
-ওঁ কাম শেষ কৰিলা?
-য়া এইমাত্ৰ।
-ভাত খালা?
-খালো তো।
-আই এম চৰী সোণ।
-হোৱাই?
-মই যে তোমাৰ ওপৰত প্ৰয়োজনাধিক অভিমান কৰোতে কৰোতে তোমাৰ কষ্টিখিনিক তোমাৰ ব্যস্ততা বুলি ভাবি লৈছোঁ।তাৰ বাবে।
-অহ আই চি।
-সেই ফোনটো ৰাখা....
মই সচাঁকৈয়ে অনামিকাক খং উঠোৱাবলৈকে তাইৰ কথাবোৰত গুৰুত্ব নিদিলোঁ।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত। অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »
অপ্ৰত্যাশিত
তেওঁৰ লগত কথা পাতি বৰ ভাল লাগে অ’ শিখা।ইমান গভীৰ মানুহ মই আজিলৈকে দেখা নাই।
-দাদা কাৰ? এই আমুকীৰ।
-হুম!ইউ আৰ চ’ লাকী।বৰ সৰল মানুহজন।
-ইমান প্ৰশংসা কৰিব নালাগে বর্ণালী।আৰু তই যে দাদাক বৰ ডাঙৰ মানুহৰ দৰে মানুহজন মানুজন কৈ আছ?
-কি যে কৈ থাক তই।তেওঁৰ গানবোৰ যে মোৰ বহুত ভাল লাগে।
-আৰু দাদাক?
-তেওঁক ভাল লাগে বাবেই গানবোৰো ভাল লাগে।
-তয়ো ভাল গান গাৱ দে।দাদাৰ লগত যুগলবন্দী ভাল জমিব।
-আশা কৰো সেইকণ সময় সোনকালেই আহক।তেওঁক বুজাবিচোন।সেইবো
ৰ ঘটনা আজিকালি কমন।তাৰ বাবে ইমান চেণ্টি হোৱাৰ প্ৰয়োজন নাই।এবছৰ হ’বৰ হ’ল।সেইগৰাকীয়েও চাগে কেতিয়াবাই পাহৰিল।
-প্ৰেমৰ আমেজ অনুক্ষণ, বিৰহ চিৰজীৱন।চা দাদা আজি সকলোফালৰে পৰা সমাজৰ এজন সফল যুৱক কিন্তু সি মানসিকভাবে বৰ দুর্বল।মই সেইবোৰ কথাকে সোঁৱৰাই তাক আকৌ আঘাট দিব নিবিচাৰোঁ।
-সোঁৱৰাব নালাগে।পাহৰাই পেলাবলৈ চেষ্টা ক’ৰ।
-মই নোৱাৰিছোঁ।মই কিবা তাৰ প্ৰেমিকা নহয় নহয়।তই পাৰিবি?
-ময়ো প্ৰেমিকা নহয়।
-কিন্তু তই ভণ্টীও নহয়।
“ৰ’বি তই যোৱাৰ আগতে এবাৰ এইখন পঢ়।দাদায়ে নিজেই লিখিছিছ কলেজৰ আলোচনীত।সম্পূর্ ণ নিজৰ ওপৰত।” শিখাই আলোচনীখন আগবঢ়াই দিলে।আৰু ককায়েকৰ “তুমি নহ’লেও হ’ব” শীর্ষক লেখাৰ পৃষ্ঠাখন উলিয়াই তাই ভিতৰলৈ গ’ল।অতি আগ্ৰহ আৰু উৎসুকতাৰে বর্ণালীয়ে পঢ়ি গ’ল।
“মাৰ মৰিশালীটোৰ কাষত ৰুই দিয়া নাহৰৰ পুলিটো দুবছৰীয়া হৈছেগৈ।শুৰশুৰাই বৈ অহা পছোৱাজাকে সৰাই পেলোৱা লঠঙা শুকান পাতবোৰ তলখন ভৰাই পেলাইছে।আৰু সিমানেই স্পষ্ট কৰি পেলাইছে ন’ কৈ বাঢ়ি অহা কোমল কুঁহিপাতবোৰ।
ঝাৰুটোৱে মৰিশালিটোৰ কাষৰ ঠাইখিনি চাফা কৰি সেৱা কৰিলোঁ।কাইলৈ নতুন এলবামটোৰ ৰেকর্ডিং আছে।
মা’ মৃত্যু হোৱাৰ এদিনৰ আগত মোক কৈছিল “বাবা তই ভালকৈ থাকিবি আৰু কিবা যদি অসুবিধা নহ’লে কিবা বিপদে আপদে মোৰ তালৈ গৈ মোক জনাবি।মই সদায় তোৰ লগত থাকিম।সহায় কৰিম।”
সেইদিনা মই কান্দিব পৰা নাছিলোঁ।হয়তো নাজানিছিলো।হয়তো দুখৰ সৈতে পৰিচয় ঘটাই নাছিল।তাৰ পাছত আইতাই কোৱাৰ বাবে মাৰ কপালত চুমা এটা খাই স্কুললৈ গৈছিলোঁ।পাছদিনা কিন্তু চিঞৰি চিঞৰি কান্দিছিলো।মাক মানুহবোৰে ক’লৈ নিছে? কি কৰিবগৈ? মায়ে বৰ কষ্ট পাইছে চাগে।খুড়ীয়ে মোক তাৰ পৰা আঁতৰাই লৈ গৈছিল।সাবটি লৈ কান্দিছিল “তেওঁ আৰু কেতিয়াও ঘূৰি নাহে।”
তেতিয়াও মা’ৰ মৰিশালিটোৰ পৰা ধোঁৱা ওলায়েই আছিল।পাছনিশা সেৰেঙা আন্ধাৰৰ মাজতে ধোঁৱাবোৰে দিগ-বিদিগ হেৰুৱাই উৰা মাৰিছিল আকাশলৈ।আকাশৰ আদিগন্তৰ কোনোবাখিনিত এচপৰা মেঘে গোমোঠা হৈ ৰৈ আছিল।
দেউতা এতিয়াও শুই আছে।টোপনি ধৰা নাই বোধহয়।ভণ্টী? তাই সাৰ পাই আছে।মাজে মাজে কেইবাৰো তাইৰ উচুপনি শুনিছোঁ।যোৱাকাল ি গধূলিতে বাৰীৰ সৌ চুকটোত মাৰ নিথৰ হৈ পৰা শৱদেহটোত মই নিজে জুই লগাই থৈ আহিছোঁ।কান্দিব পৰা নাছিলোঁ।চকুপানী খিনিও ক্ৰমশঃ ক্ষান্ত হৈছিল।এটা কথা বুজিছিলোঁ, আজিৰ পৰা মোক কোনেও “বাবা বাবা” কৈ চিঞৰি নাথাকে।
পাছনিশা সময় প্ৰায় চাৰি বাজিছে।আকাশত তৰাবোৰে এতিয়াও জিলমিলাই আছে।মই গঁড়ালৰ হাঁহ-কুকুৰা কেইটাক চাউল এমুঠি আনি দিলোঁ।টু শব্দ এটাও নকৰাকৈ সিঁহতে পেটৰ ক্ষুধাকণ শেষ কৰিছে।কেইঘণ্টাম ানৰ আগতে মা’ৰ শৱদেহক বগা কাপোৰ এখনেৰে ঢাকি থোৱা ঠাই ডোখৰ হাতেৰে এবাৰ চুই চালোঁ।ওঁহো।বিশে ষ একো নাই।
আকাশখনলৈ চালোঁ।এটি তৰা যেন মোৰ ফালে আহি আছে।সচাঁকৈ।তেনে ই ওচৰ পালেহি।সেইয়া আন কোনো নহয়, মোৰ মা’।
“মা’…” চিৎকাৰ কৰি চিঞৰি দিছিলোঁ সেইদিনা।
ক্ৰমশঃ সময়বোৰে গতি কৰে।আমিও সহযাত্ৰী হওঁ।প্ৰাপ্তি অপ্ৰাপ্তিৰে জীৱনৰ বাটত খোজ দি সমীকৰণ কৰোঁ সুখ দুখৰ।জীয়াই থাকিবই লাগিব।ভণ্টী আৰু দেউতাৰ সুখ দুখৰ সমভাগী হৈ ময়ো আগবাঢ়িছিলোঁ।
হঠাতে এদিন লগ পাইছিলো পৰিনীতাক।তাই মোৰ বাবে বিশেষ হৈ পৰিছিল।হয়তো ময়ো।কোনোদিনে প্ৰেমৰ কথা চিন্তা নকৰা গতানুগতিক মই অনুভৱ কৰিছিলোঁ মই যে সচাকৈয়ে পৰিনীতাৰ প্ৰেমত পৰিছোঁ।অৱশ্যে সিমানখিনি সুযোগ দিছিল তাই।মোৰ গান শুনি বলীয়াৰ দৰে হৈ পৰা পৰীনীতাৰ উৎসাহে মোক প্ৰেৰণা দিছিল কিবা এটা কৰিবলৈ।মই সুখী হৈছিলোঁ।মা’ৰ মৃত্যুৰ পাছত পৰীনীতাৰ সান্নিধ্যই মোৰ জীৱনটোক এক নতুনত্ব প্ৰদান কৰিছিল।গতানুগতি ক জীৱনটোত বৈচিত্ৰৰ পৰিসীমাৰ ভিতৰত মই আৱেগিক হ’বলৈ শিকিলোঁ।মানুহৰ দুখবোৰ মোৰ বাবে বিশেষ আকর্ষিত হৈ পৰিল।দিনে-নিশাই সময় পালেই লিখি উলিয়াইছিলো দুখ বিৰহৰ গান।গানটো শুনি যেতিয়াৰ পৰীনীতাৰ দৰে আন বহুতে যেতিয়া চকুলো টুকে তেতিয়া মই সফল হওঁ।মানুহক কন্দুৱাই নহয় আনৰ দুখত আনুগত্য প্ৰকাশ কৰোৱাই ভাল পাওঁ।
এক নিবিড় মুহূর্তত পৰীনীতাই যেতিয়া মোৰ কান্ধত আঁউজি কয় “মই তোমাৰ অবিহনে সপোনতো নিজকে অকলশৰে কল্পনা কৰিব নোৱাৰা হৈছোঁ।” তেতিয়া মোৰ ভাল লাগে।
সময় সলনি হয়।মানুহৰ মনবোৰো সলনি হয়।কিন্তু পৰীনীতাৰ মন কেনেকৈ সলনি হ’বলৈ পালে? আচৰিত হৈছিলোঁ।নিজকে জুকিয়াই চাইছিলোঁ কোনোবাখিনিত মোৰেই ভুল হোৱা নাইতো? ওঁহো মোৰ ভুল নাই।সচাঁ অর্থত তাই মোক প্ৰতাৰণা কৰিলে।
মই ভাবি লৈছিলোঁ “মায়ে জীয়াই থাকিবলৈ শিকাই মোৰ পৰা আঁতৰি গ’ল আৰু পৰিনীতাই মৰিবলৈ শিকাই গ’ল।মাৰ স্মৃতি বেদনাসিক্ত হলেও বিৰহৰ নহয় কিন্তু পৰিনীতাৰ স্মৃতি বিষাদৰ,বিৰহৰ।তা ইৰ প্ৰতাৰণাৰ কাৰণ কিমান ডাঙৰ নাজানো কিন্তু তাইক অভিশাপ দিয়াৰ কথা ভবা নাই।তাই সুখী হওক।”
বর্ণালীৰ দুচকুৰে বাগৰি অহা চকুপানী কেইটোপাল উৰুণাখনে সংগোপনে মোহাৰি পেলালে।বুকুখনত বাঢ়ি অহা ঘন উশাহবোৰে তাইক কষ্ট দিছে।মুখখন সোপা মাৰি ধৰি আছে তাই।
“এইয়া চাহ ল” শিখাই চাহকাপ আগবঢ়াই দিলে।বর্ণালীয়ে ওঁঠদুটি কামুৰি উচুপি উঠিল।
-আৰে আৰে বর্ণালী কি হ’ল তোৰ?নকৱ কিয়? কি হ’ল?
-পৰীনীতা…পৰীনীত া…
-পৰীনীতাৰ আকৌ কি হ’ল?
-পৰীনীতা মোৰ বাইদেউ হয়।
-কি?
মৌন হৈ ৰ’ল পৰিবেশটো।মাজে মাজে বর্ণালীয়ে উচুপি আছে।
“এদিন মই বা’ক কৈছিলো, মই বিকাশ দাক বহুত ভাল পাওঁ।তেওঁ কেৱল মোৰ হোৱাটো বিচাৰোঁ।তাই কৈছিল “চিন্তা নকৰিবি এদিন নহয় এদিন বিকাশ তোৰেই হ’ব”
বিকাশ দা যে বা’ৰ প্ৰেমিক মই মুঠেই গম পোৱা নাছিলোঁ।”
বিচনাৰ গাৰুটোত মুখখন গুজি বর্ণালীয়ে উচুপি থাকিল।নিথৰ হৈ ৰ’ল শিখা।
-দাদা কাৰ? এই আমুকীৰ।
-হুম!ইউ আৰ চ’ লাকী।বৰ সৰল মানুহজন।
-ইমান প্ৰশংসা কৰিব নালাগে বর্ণালী।আৰু তই যে দাদাক বৰ ডাঙৰ মানুহৰ দৰে মানুহজন মানুজন কৈ আছ?
-কি যে কৈ থাক তই।তেওঁৰ গানবোৰ যে মোৰ বহুত ভাল লাগে।
-আৰু দাদাক?
-তেওঁক ভাল লাগে বাবেই গানবোৰো ভাল লাগে।
-তয়ো ভাল গান গাৱ দে।দাদাৰ লগত যুগলবন্দী ভাল জমিব।
-আশা কৰো সেইকণ সময় সোনকালেই আহক।তেওঁক বুজাবিচোন।সেইবো
-প্ৰেমৰ আমেজ অনুক্ষণ, বিৰহ চিৰজীৱন।চা দাদা আজি সকলোফালৰে পৰা সমাজৰ এজন সফল যুৱক কিন্তু সি মানসিকভাবে বৰ দুর্বল।মই সেইবোৰ কথাকে সোঁৱৰাই তাক আকৌ আঘাট দিব নিবিচাৰোঁ।
-সোঁৱৰাব নালাগে।পাহৰাই পেলাবলৈ চেষ্টা ক’ৰ।
-মই নোৱাৰিছোঁ।মই কিবা তাৰ প্ৰেমিকা নহয় নহয়।তই পাৰিবি?
-ময়ো প্ৰেমিকা নহয়।
-কিন্তু তই ভণ্টীও নহয়।
“ৰ’বি তই যোৱাৰ আগতে এবাৰ এইখন পঢ়।দাদায়ে নিজেই লিখিছিছ কলেজৰ আলোচনীত।সম্পূর্
“মাৰ মৰিশালীটোৰ কাষত ৰুই দিয়া নাহৰৰ পুলিটো দুবছৰীয়া হৈছেগৈ।শুৰশুৰাই
ঝাৰুটোৱে মৰিশালিটোৰ কাষৰ ঠাইখিনি চাফা কৰি সেৱা কৰিলোঁ।কাইলৈ নতুন এলবামটোৰ ৰেকর্ডিং আছে।
মা’ মৃত্যু হোৱাৰ এদিনৰ আগত মোক কৈছিল “বাবা তই ভালকৈ থাকিবি আৰু কিবা যদি অসুবিধা নহ’লে কিবা বিপদে আপদে মোৰ তালৈ গৈ মোক জনাবি।মই সদায় তোৰ লগত থাকিম।সহায় কৰিম।”
সেইদিনা মই কান্দিব পৰা নাছিলোঁ।হয়তো নাজানিছিলো।হয়তো
তেতিয়াও মা’ৰ মৰিশালিটোৰ পৰা ধোঁৱা ওলায়েই আছিল।পাছনিশা সেৰেঙা আন্ধাৰৰ মাজতে ধোঁৱাবোৰে দিগ-বিদিগ হেৰুৱাই উৰা মাৰিছিল আকাশলৈ।আকাশৰ আদিগন্তৰ কোনোবাখিনিত এচপৰা মেঘে গোমোঠা হৈ ৰৈ আছিল।
দেউতা এতিয়াও শুই আছে।টোপনি ধৰা নাই বোধহয়।ভণ্টী? তাই সাৰ পাই আছে।মাজে মাজে কেইবাৰো তাইৰ উচুপনি শুনিছোঁ।যোৱাকাল
পাছনিশা সময় প্ৰায় চাৰি বাজিছে।আকাশত তৰাবোৰে এতিয়াও জিলমিলাই আছে।মই গঁড়ালৰ হাঁহ-কুকুৰা কেইটাক চাউল এমুঠি আনি দিলোঁ।টু শব্দ এটাও নকৰাকৈ সিঁহতে পেটৰ ক্ষুধাকণ শেষ কৰিছে।কেইঘণ্টাম
আকাশখনলৈ চালোঁ।এটি তৰা যেন মোৰ ফালে আহি আছে।সচাঁকৈ।তেনে
“মা’…” চিৎকাৰ কৰি চিঞৰি দিছিলোঁ সেইদিনা।
ক্ৰমশঃ সময়বোৰে গতি কৰে।আমিও সহযাত্ৰী হওঁ।প্ৰাপ্তি অপ্ৰাপ্তিৰে জীৱনৰ বাটত খোজ দি সমীকৰণ কৰোঁ সুখ দুখৰ।জীয়াই থাকিবই লাগিব।ভণ্টী আৰু দেউতাৰ সুখ দুখৰ সমভাগী হৈ ময়ো আগবাঢ়িছিলোঁ।
হঠাতে এদিন লগ পাইছিলো পৰিনীতাক।তাই মোৰ বাবে বিশেষ হৈ পৰিছিল।হয়তো ময়ো।কোনোদিনে প্ৰেমৰ কথা চিন্তা নকৰা গতানুগতিক মই অনুভৱ কৰিছিলোঁ মই যে সচাকৈয়ে পৰিনীতাৰ প্ৰেমত পৰিছোঁ।অৱশ্যে সিমানখিনি সুযোগ দিছিল তাই।মোৰ গান শুনি বলীয়াৰ দৰে হৈ পৰা পৰীনীতাৰ উৎসাহে মোক প্ৰেৰণা দিছিল কিবা এটা কৰিবলৈ।মই সুখী হৈছিলোঁ।মা’ৰ মৃত্যুৰ পাছত পৰীনীতাৰ সান্নিধ্যই মোৰ জীৱনটোক এক নতুনত্ব প্ৰদান কৰিছিল।গতানুগতি
এক নিবিড় মুহূর্তত পৰীনীতাই যেতিয়া মোৰ কান্ধত আঁউজি কয় “মই তোমাৰ অবিহনে সপোনতো নিজকে অকলশৰে কল্পনা কৰিব নোৱাৰা হৈছোঁ।” তেতিয়া মোৰ ভাল লাগে।
সময় সলনি হয়।মানুহৰ মনবোৰো সলনি হয়।কিন্তু পৰীনীতাৰ মন কেনেকৈ সলনি হ’বলৈ পালে? আচৰিত হৈছিলোঁ।নিজকে জুকিয়াই চাইছিলোঁ কোনোবাখিনিত মোৰেই ভুল হোৱা নাইতো? ওঁহো মোৰ ভুল নাই।সচাঁ অর্থত তাই মোক প্ৰতাৰণা কৰিলে।
মই ভাবি লৈছিলোঁ “মায়ে জীয়াই থাকিবলৈ শিকাই মোৰ পৰা আঁতৰি গ’ল আৰু পৰিনীতাই মৰিবলৈ শিকাই গ’ল।মাৰ স্মৃতি বেদনাসিক্ত হলেও বিৰহৰ নহয় কিন্তু পৰিনীতাৰ স্মৃতি বিষাদৰ,বিৰহৰ।তা
বর্ণালীৰ দুচকুৰে বাগৰি অহা চকুপানী কেইটোপাল উৰুণাখনে সংগোপনে মোহাৰি পেলালে।বুকুখনত বাঢ়ি অহা ঘন উশাহবোৰে তাইক কষ্ট দিছে।মুখখন সোপা মাৰি ধৰি আছে তাই।
“এইয়া চাহ ল” শিখাই চাহকাপ আগবঢ়াই দিলে।বর্ণালীয়ে ওঁঠদুটি কামুৰি উচুপি উঠিল।
-আৰে আৰে বর্ণালী কি হ’ল তোৰ?নকৱ কিয়? কি হ’ল?
-পৰীনীতা…পৰীনীত
-পৰীনীতাৰ আকৌ কি হ’ল?
-পৰীনীতা মোৰ বাইদেউ হয়।
-কি?
মৌন হৈ ৰ’ল পৰিবেশটো।মাজে মাজে বর্ণালীয়ে উচুপি আছে।
“এদিন মই বা’ক কৈছিলো, মই বিকাশ দাক বহুত ভাল পাওঁ।তেওঁ কেৱল মোৰ হোৱাটো বিচাৰোঁ।তাই কৈছিল “চিন্তা নকৰিবি এদিন নহয় এদিন বিকাশ তোৰেই হ’ব”
বিকাশ দা যে বা’ৰ প্ৰেমিক মই মুঠেই গম পোৱা নাছিলোঁ।”
বিচনাৰ গাৰুটোত মুখখন গুজি বর্ণালীয়ে উচুপি থাকিল।নিথৰ হৈ ৰ’ল শিখা।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে মাহেকীয়া আলোচনী 'মায়া' নবেম্বৰ (২০১৫) সংখ্যা আৰু 'গণঅধিকাৰ'ৰ কাকতৰ 'সাহিত্য' পৃষ্ঠাত ২৩/০৮/২০১৫(দেওবাৰ)প্ৰকাশিত গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »
বৰ্ণিল
-যদি মই মৰি থাকো তেতিয়া তুমি কি কৰিবা?
-তিনিদিন লঘোনে থাকিম।
-অ’ অ’।মই অফিচ পালোহি।হ’ব এতিয়া থাকা।
-ৰ’বা ৰ’বা তোমাৰ লগত কথা এটা আছে।
-পাছত ক’বা।
-নহয় এতিয়াই।
-কোৱা।
-মই তোমাৰ কেইনাম্বাৰৰ প্ৰেয়সী আছিলো বাৰু?
-সঠিককৈ মনত নাই কিন্তু তুমি মোৰ প্ৰথমজনী পত্নী।
-অ’ ৰাম।কি মানুহ অ’ এইটো? হ’ব ফোন ৰাখা।ঘৰলৈ আহাচোন মজা পাবা।
কথমপি বাচি গ’লো আজি।নহ’লে ৰাজপথৰ মাজতে তেজেৰে গা ধুবলগা হ’লহেঁতেন।দুচৰম
ান লগাবৰ মন গৈছিল সেই ল’ৰাদুটাক।বাপেক ে বাইক কিনি দিছে কলেজ যাবলৈ।ৰাজপথত ৰেচিং,ষ্টার্ণ্ট কৰিবলৈ নহয়।এটিটিউড আৰু ষ্টাইলে শেষ কৰিব ইহঁতক।মানুহজনীক কথাটো ক'ম বুলিয়েই ফোনটো কৰিছিলোঁ।ভাবিলো ঁ অনাহকত অশান্তি এসোপা নিদিওঁ।গতিকে কোৱা নহ’ল।
তাই আজি ডায়েৰীখন খুচৰিল চাগে।তাত অনামিকাৰ বিষয়ে লিখা আছিল।আৰু কেইবাজনী ছোৱালীক লৈ লিখা কেইটামান কবিতা।কেতিয়াবাই ফালি পেলাব লাগিছিল।কিন্তু ফালিলেও বা তাহাঁতক একেবাৰে পাহৰি যাবও নোৱাৰোঁ।চাকৰি নথকাক লৈ বিয়াত বহিবলৈ প্ৰত্যেকগৰাকী প্ৰেমিকাৰে চৰম অজুহাত।অনামিকাই সেইকণ অজুহাততে আঁতৰি গৈছিল।নহয় ময়েই বাধ্য কৰাইছিলোঁ বেংকত চাকৰি কৰা সেই ল’ৰাজনৰ সৈতে বিয়াত বহিবলৈ।মোৰ আৱেগখিনিৰ বাবে অনামিকাৰ ভৱিষ্যতক আন্ধাৰৰ মাজলৈ আঁজুৰি আনিব বিচৰা নাছিলোঁ।অনামিকা সুখী হোৱা নাছিল যদিও বিয়াত বহিছিল।ময়ো আছিলোঁ।যন্ত্ৰণা এসোপাক উপভোগ কৰিছিলোঁ নিৰলে।ভাবিছিলোঁ অনামিকা সুখী হ’ব পৰাটোহে আচল কথা।তথাপি প্ৰাপ্তিৰ সংজ্ঞাই সুকীয়া।অনামিকাক পাইছিলোঁ।কিন্তু নিজৰ বুলি নহয়।অনামিকা সুখী নে দুখী তাৰ খবৰ আজি মোৰ হাতত নাই।হয়তো কোনোদিনে নাথাকিব।সিমানখি নি প্ৰয়োজনো নাহে কোনোদিনে।
অনামিকা বিয়া হৈ যোৱা এবছৰৰ পাছতে চাকৰিটো পালোঁ।সাধনা মোৰ যিমান আছিল সিমানেই আৰাধনা অনামিকাই কৰিছিল।
চাকৰিটো পোৱাৰ পাছৰ সময়ছোৱাত মোৰ জীৱনটো ক্ৰমশঃ বৈচিত্ৰহীন হৈ পৰিছিল।গতানুগতি কতাত সাঙুৰ খাই সোমাই পৰিছিলোঁ।ব্যস্ত তাৰ ফেৰেঙণিৰ মাজেৰেই এদিন মোৰ জীৱনৰ কাষ চাপিছিল প্ৰহেলিকা।ডাঃ প্ৰহেলিকা সন্দিকৈ।ডেণ্ট কেয়াৰ স্পেছিয়েলিষ্ট হিচাপে অসম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ চাকৰিত যোগদান কৰিছিল।বন্ধুত্ব ই পোখা মেলা সম্পর্কটোত প্ৰহেলিকা কেতিয়া মোৰ প্ৰতি ইমান দুর্বল হৈ পৰিল মই গমেই নাপালোঁ।বন্ধুত্ বৰো সীমা এটা আছে।সংযমখিনিক ধৰি ৰাখি মই প্ৰায়েই কথাৰ দিশ সলাবলগীয়া হয়।অনামিকাৰ কথা কওঁতে তাই দুচকুৰে বাগৰি অহা চকুলোকেইটোপালৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
নিশা প্ৰায় এঘাৰমান বজাত প্ৰহেলিকাই স্কুটীখন লৈ মোৰ ৰুম পাইছিলহি।
“বিকাশ মই।মই প্ৰহেলিকা।দুৱাৰ খোলা।”বাহিৰত চিঞৰিছিল তাই।ঘনকৈ দি থকা বৰষুণজাকৰ বাবে স্পষ্টকৈ শুনাত অসুবিধা হৈছিল।
“প্ৰহেলিকা তুমি ইয়াত? এতিয়া? এহ গোটেইজনী তিতিলা।এইখন টাৱেল লোৱা আৰু সৌটো বাথৰুম।”মই আচৰিত হৈ সুধিছিলোঁ।
“আৰু কাপোৰ? হ’ব মই কাপোৰ নিপিন্ধাকৈয়ে থাকিম।তোমালৈ লাজ নালাগে মোৰ।” নিলর্জভাৱে কথাখিনি কৈ তাই হাঁহিছিল।
“তুমি ড্ৰিংকচ কৰিলা?”মই সুধিছিলোঁ।
“জানা আজি মোৰ বার্থ দে।তুমি উইচ এটাও নকৰিলা।ৱাই দি ৱে আই লাভ ইউ চ মাচ।” তাই ঢলি পৰিছিল।
নিলর্জভাৱে এটা এটাকৈ ভৰ যৌৱনা প্ৰহেলিকাৰ দেহৰ পৰা কাপোৰবোৰ সলোকাইছিলোঁ।উন্ মাদ হৈ তাৰ দেহটোত জপিয়াই দিয়া নাছিলোঁ।মোৰেই চার্ট এটা পিন্ধাই গাটোত কপাহী কাপোৰ এখন মেৰিয়াই দিছিলোঁ।‘দিলৱাল ে দোলহনিয়া লে জায়েঙ্গে’ৰ দৃশ্য এডোখৰ আওৰালোঁ যেন লাগিল।বিচনাত তাইক শুৱাই মই বাহিৰলৈ ওলায় আহিছিলোঁ।বৰষুণজ াক ক্ৰমশঃ ক্ষান্ত হৈছিল।মনত পৰিছিল অনামিকালৈ।তাই চাগে এতিয়া তেওঁৰ জীৱনসংগীৰ বুকুৰ মাজত মিলনৰ সংসাৰী সপোন গঢ়িছে।
অনুসূচনাত দগ্ধ হৈ ৰাতিপূৱা প্ৰহেলিকাই বাৰে বাৰে মোৰ ওচৰত ক্ষমা খুজিছিল।কফি একাপ বনাই দিলেই মাফ কৰা হ’ব বুলি কৈছিলোঁ।তাই হাঁহিছিল।নিশা সলায় দিয়া প্ৰহেলিকাৰ কাপোৰসাজ শুকুৱা নাছিল।পিন্ধি থকা মোৰ পেণ্ট-চার্টযোৰ তাইৰ বনাই লোৱা বার্থদেৰ উপহাৰ দিয়া হৈছে বুলি তাইক কৈছিলোঁ।তাই ভীষণ লাজ কৰিছিল।
প্ৰহেলিকাই ব্ৰেক ফার্ষ্ট ৰেডি কৰালৈকে মই তাইৰ বাবে ওচৰৰে কাপোৰৰ দোকান এখনৰ পৰা কাপোৰ এযোৰ আনি দিছিলোঁ।পাতল পিংক কালাৰ।মোৰ নিজৰ পচন্দত।জীৱনত প্ৰথম নিজেই পচন্দ কৰি কাৰোবাক কিবা এটা দিছিলোঁ।অনামিকা ক বহুতো উপহাৰ দিছিলোঁ কিন্তু সেইয়া সকলো অনামিকাৰ নিজৰ পচন্দ আৰু দাবীৰ বিনিময়ত দিছিলোঁ।
প্ৰহেলিকা ভাবুক হৈ ৰৈছিল।আঁতৰে আঁতৰে বিভোৰ হৈ মোলৈ চাই আছিল।মই লক্ষ্য কৰিছিলোঁ।
সেইদিনা সেইযোৰ কাপোৰকে পিন্ধি তাই ডিউটিলৈ আহিছিল।
নিশা ফোন কৰোতে তাই মোলৈ প্ৰস্তাৱ দিছিল।প্ৰেমৰ নহয় বিয়াৰ প্ৰস্তাৱ।
“তুমি মোক বিয়া পাতিবা বিকাশ?”
হাঁহি উৰুৱাই দিছিলোঁ তাইৰ কথাষাৰ।সিমূৰত তাই উচুপিছিল।
“আই ৰিয়েলি লাভ ইউ বিকাশ।লাভ ইউ চ’ মাচ।”
বর্ণনাতীত অতীত আৰু কিছু সোঁৱৰণীৰ মাজেৰেই অফিচৰ দিনটোৰ সময়খিনি পাৰ হৈ গ’ল।চহৰখনলৈ সন্ধ্যা নামিছে।বানীপুৰৰ এই ৰেলৱে ষ্টেচনৰ পৰা বাইকেৰে ঘৰলৈ মাথোঁ আধাঘণ্টাৰ বাট।মায়ে পথাৰৰ পৰা ঘৰলৈ উভটিছে চাগ।দেউতাই পকাধানৰ ডাঙৰী বান্ধি কঢ়িয়াইছে।প্ৰহেল িকাই অস্তগামী ৰঙা বেলিটোলৈ চায় পদূলীমুখত মই ঘৰ পোৱালৈ ৰৈ আছে আৰু প্ৰতিদিনাৰ দৰে আজিও গুণগুনাই আছে চাগে “জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ।”
আৰু সেই বেলিটোৰ দিশেৰে ৭০ কিঃমিঃ বেগেৰে মই ঘৰলৈ উভটিছোঁ।ঘৰ গৈ পালে প্ৰহেলিকাই মা-দেউতাৰ আগত মোক গালি পাৰিব।কান্দিব।ম ই মৰাৰ কথা ক’লোঁ আজি।
-তিনিদিন লঘোনে থাকিম।
-অ’ অ’।মই অফিচ পালোহি।হ’ব এতিয়া থাকা।
-ৰ’বা ৰ’বা তোমাৰ লগত কথা এটা আছে।
-পাছত ক’বা।
-নহয় এতিয়াই।
-কোৱা।
-মই তোমাৰ কেইনাম্বাৰৰ প্ৰেয়সী আছিলো বাৰু?
-সঠিককৈ মনত নাই কিন্তু তুমি মোৰ প্ৰথমজনী পত্নী।
-অ’ ৰাম।কি মানুহ অ’ এইটো? হ’ব ফোন ৰাখা।ঘৰলৈ আহাচোন মজা পাবা।
কথমপি বাচি গ’লো আজি।নহ’লে ৰাজপথৰ মাজতে তেজেৰে গা ধুবলগা হ’লহেঁতেন।দুচৰম
তাই আজি ডায়েৰীখন খুচৰিল চাগে।তাত অনামিকাৰ বিষয়ে লিখা আছিল।আৰু কেইবাজনী ছোৱালীক লৈ লিখা কেইটামান কবিতা।কেতিয়াবাই
অনামিকা বিয়া হৈ যোৱা এবছৰৰ পাছতে চাকৰিটো পালোঁ।সাধনা মোৰ যিমান আছিল সিমানেই আৰাধনা অনামিকাই কৰিছিল।
চাকৰিটো পোৱাৰ পাছৰ সময়ছোৱাত মোৰ জীৱনটো ক্ৰমশঃ বৈচিত্ৰহীন হৈ পৰিছিল।গতানুগতি
নিশা প্ৰায় এঘাৰমান বজাত প্ৰহেলিকাই স্কুটীখন লৈ মোৰ ৰুম পাইছিলহি।
“বিকাশ মই।মই প্ৰহেলিকা।দুৱাৰ
“প্ৰহেলিকা তুমি ইয়াত? এতিয়া? এহ গোটেইজনী তিতিলা।এইখন টাৱেল লোৱা আৰু সৌটো বাথৰুম।”মই আচৰিত হৈ সুধিছিলোঁ।
“আৰু কাপোৰ? হ’ব মই কাপোৰ নিপিন্ধাকৈয়ে থাকিম।তোমালৈ লাজ নালাগে মোৰ।” নিলর্জভাৱে কথাখিনি কৈ তাই হাঁহিছিল।
“তুমি ড্ৰিংকচ কৰিলা?”মই সুধিছিলোঁ।
“জানা আজি মোৰ বার্থ দে।তুমি উইচ এটাও নকৰিলা।ৱাই দি ৱে আই লাভ ইউ চ মাচ।” তাই ঢলি পৰিছিল।
নিলর্জভাৱে এটা এটাকৈ ভৰ যৌৱনা প্ৰহেলিকাৰ দেহৰ পৰা কাপোৰবোৰ সলোকাইছিলোঁ।উন্
অনুসূচনাত দগ্ধ হৈ ৰাতিপূৱা প্ৰহেলিকাই বাৰে বাৰে মোৰ ওচৰত ক্ষমা খুজিছিল।কফি একাপ বনাই দিলেই মাফ কৰা হ’ব বুলি কৈছিলোঁ।তাই হাঁহিছিল।নিশা সলায় দিয়া প্ৰহেলিকাৰ কাপোৰসাজ শুকুৱা নাছিল।পিন্ধি থকা মোৰ পেণ্ট-চার্টযোৰ তাইৰ বনাই লোৱা বার্থদেৰ উপহাৰ দিয়া হৈছে বুলি তাইক কৈছিলোঁ।তাই ভীষণ লাজ কৰিছিল।
প্ৰহেলিকাই ব্ৰেক ফার্ষ্ট ৰেডি কৰালৈকে মই তাইৰ বাবে ওচৰৰে কাপোৰৰ দোকান এখনৰ পৰা কাপোৰ এযোৰ আনি দিছিলোঁ।পাতল পিংক কালাৰ।মোৰ নিজৰ পচন্দত।জীৱনত প্ৰথম নিজেই পচন্দ কৰি কাৰোবাক কিবা এটা দিছিলোঁ।অনামিকা
প্ৰহেলিকা ভাবুক হৈ ৰৈছিল।আঁতৰে আঁতৰে বিভোৰ হৈ মোলৈ চাই আছিল।মই লক্ষ্য কৰিছিলোঁ।
সেইদিনা সেইযোৰ কাপোৰকে পিন্ধি তাই ডিউটিলৈ আহিছিল।
নিশা ফোন কৰোতে তাই মোলৈ প্ৰস্তাৱ দিছিল।প্ৰেমৰ নহয় বিয়াৰ প্ৰস্তাৱ।
“তুমি মোক বিয়া পাতিবা বিকাশ?”
হাঁহি উৰুৱাই দিছিলোঁ তাইৰ কথাষাৰ।সিমূৰত তাই উচুপিছিল।
“আই ৰিয়েলি লাভ ইউ বিকাশ।লাভ ইউ চ’ মাচ।”
বর্ণনাতীত অতীত আৰু কিছু সোঁৱৰণীৰ মাজেৰেই অফিচৰ দিনটোৰ সময়খিনি পাৰ হৈ গ’ল।চহৰখনলৈ সন্ধ্যা নামিছে।বানীপুৰৰ
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ।”
আৰু সেই বেলিটোৰ দিশেৰে ৭০ কিঃমিঃ বেগেৰে মই ঘৰলৈ উভটিছোঁ।ঘৰ গৈ পালে প্ৰহেলিকাই মা-দেউতাৰ আগত মোক গালি পাৰিব।কান্দিব।ম
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »
চিৰবিদায়
এইহেন বিপদত তোমাৰ পৰা একো সহাঁৰি নোপোৱাতহে আচৰিত লাগিছে।নালাগে টকা-পইচা দি মোক সহায় কৰিব।জাষ্ট বেজেৰুৱা মনটোক অলপ সান্তনা সহানুভূতি দিব পাৰিলা হয়।তোমাৰ এনেকুৱা আচৰণ দীর্ঘদিনীয়া হ'লে হৃদয়খনো কেতিয়াবা ভাঙি-চিঙি যাব।তেতিয়া তোমাৰহে বিপদ।হৃদয়খনত যে কেৱল তোমাকেই সযতনে ৰাখি থৈছোঁ।
চিঠিখন শেষ নহওঁতেই ভিতৰত মাৰ অস্ফুট গেঙনি।লিখা সিমানতে সামৰি মাৰ বিচনাৰ কাষলৈ গ'লোঁ।মাৰ অৱস্থাটো দিনক-দিনে কাঢ়িল হৈ আহিছে।মাৰ এই অসুখটোৰ বাবে মোৰ হাতত আৰু দ্বিতীয় বিকল্প নাই।পানী এগিলাচ যতনাই মই ৰুমটোৰ পৰা ওলায় আহিলোঁ।মাৰ অৱস্থাটো উপভোগ কৰি থাকিবলৈ ইমান শক্তিশালী নহওঁ।অপাৰেশ্যনৰ
নামত ডেৰ লাখ টকা খৰছ হ'ল।অসম মেডিকেল কলেজৰ কার্ডিঅ'লজি ডিপার্টমেণ্টৰ স্পেছিয়েল ইণ্টেনছিভ কেয়াৰত মাৰ চিকিৎসা চলিল।সকলো প্ৰয়াস বিফলে গ'ল।মাৰ কলিজাখনত দুটা বিন্ধাৰ সৃষ্টি হৈছে।অপাৰেশ্যনৰ এমাহমানৰ পাছতে মাৰ অসুখটো আকৌ সক্ৰিয় হৈ উঠিল।পুনৰ মেডিকেলত ভর্তি কৰালোঁ।তেতিয়ালৈ মাৰ শৰীৰৰ স্নায়ুকোষবোৰো নির্ষ্কিয় হৈ পৰিছিল।সকলো অপেক্ষাৰ অন্তত ডাক্তৰে সেই কথাকেইটা মোৰ আগত অৱগত কৰিছিল
"চোৱা তোমাৰ মাৰ বেমাৰটো একেবাৰে শেষ পর্যায় পালেগৈ।কেতিয়াবা হয়তো হার্টটোৰ ইনজিউৰি হৈছে,আমি আল্ট্ৰাছন গ্ৰাফি, পেট স্কেনিং সকলো কৰিলোঁ কিন্তু সমাধানৰ একো পথেই নাই।বিশ্বৰ যিকোনো উন্নত প্ৰযুক্তিৰ চিকিৎসাও তোমাৰ মাৰাৰ ক্ষেত্ৰত বিফল হ'ব।খুব বেছি এমাহ তাৰ পাছতে তুমি মাৰাক চিৰবিদায় জনাব লাগিব।"
মেডিকেলৰ আর্টিফিছিয়েল হার্ট স্পেছিয়েলিষ্ট ডা' বিমল বৰুৱাৰ কথাখিনিৰ পাছতে মই তাতে কেচুৱা ল'ৰাৰ দৰে ফেকুৰিছিলোঁ।
মাৰ মুখলৈ চাব পৰা নাছিলোঁ,মাই হয়তো সকলো বুজি পাইছিল।তেওঁয়ো কান্দিছিল।বিমুখ ী যাত্ৰাৰে ঘৰলৈ উভটিছিলোঁ।তেতিয় াৰে পৰা মা বিচনাখনৰে সংগী হৈ পৰি আছে।
খেতি কৰা দুবিঘা মাটি বিক্রী কৰাৰ লগতে বেংকৰ পৰাও যেনেতেনে লোন এটা লৈ টকাখিনি সংগ্ৰহ কৰিছিলোঁ।
দেউতাৰ মৃত্যুৰ পাছত সেই দুবিঘা মাটিতে খেতি কৰি যিখিনি ধান পাইছিলোঁ কোনোৰকমে ছমাহ চলি যায়।চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ পাছত ঘৰৰ পাছফালৰ মাটি তিনিবিঘাতে চাহৰ খেতি লগালোঁ।জীৱনটোৰ পৰা মাৰ লগতে মোৰ অভাৱখিনি দূৰ কৰাত সকাহ অলপ পাইছিলোঁ।
স্পন্দিতা ডিব্ৰগড় চহৰৰে নামী ব্যৱসায়ী প্ৰভাত কলিতাৰ একমাত্ৰ দুহিতা।বিশ্ববিদ ্যালত স্নাতকোত্তৰ নামভর্তি কৰাৰ পাছতে এদিন স্পন্দিতাক লগ পাইছিলোঁ।মই তেতিয়া বিশ্বাবিদ্যালৰ সাংস্কৃতিক সম্পাদক হিচাপে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ ৰুমলৈ উভটিছিলোঁ।
"অহ মাই গড! দীপাংকৰ জোনাক আপুনিয়েই বুলি আজিহে জানিলোঁ।আই লাভ ইউৰ অল ষ্টৰীজ! ইউ আৰ মাই ফেভাৰেট ৰাইটাৰ"
মই স্পন্দিতাৰ সৰলতাক দেখি আচৰিত হৈছিলোঁ।তাইৰ কথা কোৱাৰ ষ্টাইল, চিন্তা-চর্চা,ধু নীয়া হাঁহিবুলীয়া মুখখন সকলোবিলাকে মোক আকর্ষিত কৰিছিল।
আমাৰ মাজত কথাবোৰ বাঢ়ি গৈছিল।লাহে লাহে জীৱনৰ কথাবোৰ হৃদয়ে পাতিবলৈ আৰম্ভ কৰিছিলোঁ।মোতকৈ দুবছৰৰ সৰু স্পন্দিতাই মোক এদিনো মিচ কৰিবলৈ বিচৰা নাছিল।এনেকৈয়ে এদিন তেওঁ মোৰ দুবাহুত সোমাই পৰিছিল।মই বাধা দিয়া নাছিলোঁ।ময়ো তেজ মহঙৰে মানুহ।
এদিন দেউতাই আমাক চিৰবিদায় জনায় আতৰি গৈছিল।পঢ়া সিমানতে সামৰি মই মাৰ সাৰথি হ'বলৈ উভটিলোঁ।স্পন্দি তাই একো কোৱা নাছিল যদিও মনে মনে কান্দিছিল।এগালম ান প্ৰতিশ্ৰুতি স্পন্দিতাৰ ভৰষাত এৰি আহিছিলোঁ।সময় আগবাঢ়িল,জীৱন সলনি হ'ল।স্পন্দিতাই চিঠি লিখিবলৈ কমাই দিছিল।মোৰ চিন্তাবোৰ বাঢ়ি গৈছিল।
কুঁহি ওচৰৰ সমন্ধীয় খুড়াৰ জীয়েক।আমাৰ ঘৰলৈ প্ৰায়ে আহে।মাক চোৱা-চিতা কৰেহি।সৰুৱে পৰা আমাৰ মাৰ লগত তাইৰ মাক-জীয়েকৰ সমন্ধ এটি গঢ় লৈ উঠিছে।কেতিয়াবা গামোছা এখনেৰে মুখখন সোপা মাৰি তাই কান্দে।
মায়ে কয় "আই দীপাংকৰক অলপ যতন লবি।সি আজিকালি ভাত নাখায় হ'বলা।তয়েই ভালকৈ কিবা এটা ৰান্ধি দিবিচোন।"
দূপৰীয়া গাটো ধুই উঠাৰ পাছত কুঁহিয়ে কেইবাখনো আঞ্জাৰে ভাত কাঁহী আগবঢ়াই দিছিল।
খাবৰ সময়ত তাই কৈছিল,
"দীপ দা আপুনি কিয় ইমানকৈ চিন্তা কৰি থাকে? আপুনি নিজকে অলপ যতন ল'ব।অহ স্পন্দিতা বায়ে বহুদিন চিঠি পঠোৱা নাই নেকি?"
"তুমি ভাত ইয়াতে খাই যাবা"
মই কথাষাৰ কৈ খোৱা সামৰিলোঁ।তাই কাঁহী-বাতি কেইটা সামৰাত ব্যস্ত হৈ পৰিল।
কুঁহিলৈ ভয় লাগে।তাই এতিয়া গাভৰু হ'ল।মোক দাদা বুলি ক'লেও তাইৰ মনত যে বেলেগ এটা ধাৰণাই খোপনি পাতিছেহি মই বুজি পাঁও।মাৰ কথা ভাবিয়েই একো কোৱা নহয়।
স্পন্দিতাৰ পৰা চিঠি এখন পালোঁ।তাত স্পষ্টকৈ লিখা আছিল অহা ২২ এপ্ৰিলত তাইৰ বিয়া ঠিক কৰা হৈছে।মই ভাবি পাৰ নাপাইছিলোঁ বর্তমান সচাঁ নে অতীতৰ সময়বোৰ মিছা আছিল? মোৰ প্ৰাণৰ প্ৰতিমাৰ এই সিন্ধান্তই মোৰ হৃদয় জোকাৰি গ'ল।চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়।মোক নজনোৱাকৈয়ে স্পন্দিতাই চিৰবিদায় জনোৱাৰ সিদ্ধান্ত ল'লে কেনেকৈ?
কথাবোৰ যিমানে এৰাই চলিবলৈ যত্ন কৰিলো সিমানেই বাৰে বাৰে স্পন্দিতাৰ লগত কটোৱা নিবিড় অন্তৰংগৰ টুকুৰা টকুৰ সময়ৰ স্মৃতিয়ে আৱৰি ধৰি জুৰুলা কৰিলেহি।
এফালে মাৰ অৱস্থাটো বেয়ালৈ ঢাল খাই আহিছে।এইকেইদিন দিনে নিশাই মাৰ কাষতে আছোঁ।সমানে ইটো-সিটো যতনাই দিছে কুঁহিয়ে।নিশা দুই বাজি পাৰ হৈছে।কিবা এটা স্পর্শত টোপনিৰ পৰা খকমককৈ সাৰ পালোঁ।মায়ে মোৰ সোঁহাত খনত ধৰি আছে।চকুৰ আগতে মোৰ হাতখনৰ ওপৰত সুকোমল হাত এখন জাপি দি মায়ে অস্ফুট স্বৰে ক'লে,"এইজনীক তই এৰি নিদিবি কেতিয়াও।মই মৰাৰ পাছতে বিয়াখন পাতি পেলাবি।এইজনীৰ বাহিৰে তোক আৰু এই সংসাৰত কোনেও সযতনে ৰাখিব নোৱাৰে।তহঁতে কুশলে থাকিবি।মোৰ আশীর্বাদ সদায় থাকিব।"
মই কুঁহিৰ মুখলৈ চালোঁ।কুঁহিয়ে মাক সাবটি ধৰি উচুপি উঠিল।
চিঠিখন শেষ নহওঁতেই ভিতৰত মাৰ অস্ফুট গেঙনি।লিখা সিমানতে সামৰি মাৰ বিচনাৰ কাষলৈ গ'লোঁ।মাৰ অৱস্থাটো দিনক-দিনে কাঢ়িল হৈ আহিছে।মাৰ এই অসুখটোৰ বাবে মোৰ হাতত আৰু দ্বিতীয় বিকল্প নাই।পানী এগিলাচ যতনাই মই ৰুমটোৰ পৰা ওলায় আহিলোঁ।মাৰ অৱস্থাটো উপভোগ কৰি থাকিবলৈ ইমান শক্তিশালী নহওঁ।অপাৰেশ্যনৰ
"চোৱা তোমাৰ মাৰ বেমাৰটো একেবাৰে শেষ পর্যায় পালেগৈ।কেতিয়াবা
মেডিকেলৰ আর্টিফিছিয়েল হার্ট স্পেছিয়েলিষ্ট ডা' বিমল বৰুৱাৰ কথাখিনিৰ পাছতে মই তাতে কেচুৱা ল'ৰাৰ দৰে ফেকুৰিছিলোঁ।
মাৰ মুখলৈ চাব পৰা নাছিলোঁ,মাই হয়তো সকলো বুজি পাইছিল।তেওঁয়ো কান্দিছিল।বিমুখ
খেতি কৰা দুবিঘা মাটি বিক্রী কৰাৰ লগতে বেংকৰ পৰাও যেনেতেনে লোন এটা লৈ টকাখিনি সংগ্ৰহ কৰিছিলোঁ।
দেউতাৰ মৃত্যুৰ পাছত সেই দুবিঘা মাটিতে খেতি কৰি যিখিনি ধান পাইছিলোঁ কোনোৰকমে ছমাহ চলি যায়।চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ পাছত ঘৰৰ পাছফালৰ মাটি তিনিবিঘাতে চাহৰ খেতি লগালোঁ।জীৱনটোৰ পৰা মাৰ লগতে মোৰ অভাৱখিনি দূৰ কৰাত সকাহ অলপ পাইছিলোঁ।
স্পন্দিতা ডিব্ৰগড় চহৰৰে নামী ব্যৱসায়ী প্ৰভাত কলিতাৰ একমাত্ৰ দুহিতা।বিশ্ববিদ
"অহ মাই গড! দীপাংকৰ জোনাক আপুনিয়েই বুলি আজিহে জানিলোঁ।আই লাভ ইউৰ অল ষ্টৰীজ! ইউ আৰ মাই ফেভাৰেট ৰাইটাৰ"
মই স্পন্দিতাৰ সৰলতাক দেখি আচৰিত হৈছিলোঁ।তাইৰ কথা কোৱাৰ ষ্টাইল, চিন্তা-চর্চা,ধু
আমাৰ মাজত কথাবোৰ বাঢ়ি গৈছিল।লাহে লাহে জীৱনৰ কথাবোৰ হৃদয়ে পাতিবলৈ আৰম্ভ কৰিছিলোঁ।মোতকৈ দুবছৰৰ সৰু স্পন্দিতাই মোক এদিনো মিচ কৰিবলৈ বিচৰা নাছিল।এনেকৈয়ে এদিন তেওঁ মোৰ দুবাহুত সোমাই পৰিছিল।মই বাধা দিয়া নাছিলোঁ।ময়ো তেজ মহঙৰে মানুহ।
এদিন দেউতাই আমাক চিৰবিদায় জনায় আতৰি গৈছিল।পঢ়া সিমানতে সামৰি মই মাৰ সাৰথি হ'বলৈ উভটিলোঁ।স্পন্দি
কুঁহি ওচৰৰ সমন্ধীয় খুড়াৰ জীয়েক।আমাৰ ঘৰলৈ প্ৰায়ে আহে।মাক চোৱা-চিতা কৰেহি।সৰুৱে পৰা আমাৰ মাৰ লগত তাইৰ মাক-জীয়েকৰ সমন্ধ এটি গঢ় লৈ উঠিছে।কেতিয়াবা গামোছা এখনেৰে মুখখন সোপা মাৰি তাই কান্দে।
মায়ে কয় "আই দীপাংকৰক অলপ যতন লবি।সি আজিকালি ভাত নাখায় হ'বলা।তয়েই ভালকৈ কিবা এটা ৰান্ধি দিবিচোন।"
দূপৰীয়া গাটো ধুই উঠাৰ পাছত কুঁহিয়ে কেইবাখনো আঞ্জাৰে ভাত কাঁহী আগবঢ়াই দিছিল।
খাবৰ সময়ত তাই কৈছিল,
"দীপ দা আপুনি কিয় ইমানকৈ চিন্তা কৰি থাকে? আপুনি নিজকে অলপ যতন ল'ব।অহ স্পন্দিতা বায়ে বহুদিন চিঠি পঠোৱা নাই নেকি?"
"তুমি ভাত ইয়াতে খাই যাবা"
মই কথাষাৰ কৈ খোৱা সামৰিলোঁ।তাই কাঁহী-বাতি কেইটা সামৰাত ব্যস্ত হৈ পৰিল।
কুঁহিলৈ ভয় লাগে।তাই এতিয়া গাভৰু হ'ল।মোক দাদা বুলি ক'লেও তাইৰ মনত যে বেলেগ এটা ধাৰণাই খোপনি পাতিছেহি মই বুজি পাঁও।মাৰ কথা ভাবিয়েই একো কোৱা নহয়।
স্পন্দিতাৰ পৰা চিঠি এখন পালোঁ।তাত স্পষ্টকৈ লিখা আছিল অহা ২২ এপ্ৰিলত তাইৰ বিয়া ঠিক কৰা হৈছে।মই ভাবি পাৰ নাপাইছিলোঁ বর্তমান সচাঁ নে অতীতৰ সময়বোৰ মিছা আছিল? মোৰ প্ৰাণৰ প্ৰতিমাৰ এই সিন্ধান্তই মোৰ হৃদয় জোকাৰি গ'ল।চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়।মোক নজনোৱাকৈয়ে স্পন্দিতাই চিৰবিদায় জনোৱাৰ সিদ্ধান্ত ল'লে কেনেকৈ?
কথাবোৰ যিমানে এৰাই চলিবলৈ যত্ন কৰিলো সিমানেই বাৰে বাৰে স্পন্দিতাৰ লগত কটোৱা নিবিড় অন্তৰংগৰ টুকুৰা টকুৰ সময়ৰ স্মৃতিয়ে আৱৰি ধৰি জুৰুলা কৰিলেহি।
এফালে মাৰ অৱস্থাটো বেয়ালৈ ঢাল খাই আহিছে।এইকেইদিন দিনে নিশাই মাৰ কাষতে আছোঁ।সমানে ইটো-সিটো যতনাই দিছে কুঁহিয়ে।নিশা দুই বাজি পাৰ হৈছে।কিবা এটা স্পর্শত টোপনিৰ পৰা খকমককৈ সাৰ পালোঁ।মায়ে মোৰ সোঁহাত খনত ধৰি আছে।চকুৰ আগতে মোৰ হাতখনৰ ওপৰত সুকোমল হাত এখন জাপি দি মায়ে অস্ফুট স্বৰে ক'লে,"এইজনীক তই এৰি নিদিবি কেতিয়াও।মই মৰাৰ পাছতে বিয়াখন পাতি পেলাবি।এইজনীৰ বাহিৰে তোক আৰু এই সংসাৰত কোনেও সযতনে ৰাখিব নোৱাৰে।তহঁতে কুশলে থাকিবি।মোৰ আশীর্বাদ সদায় থাকিব।"
মই কুঁহিৰ মুখলৈ চালোঁ।কুঁহিয়ে মাক সাবটি ধৰি উচুপি উঠিল।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰ কৰি শিৰোনাম আৰু লেখকৰ নাম নথকাকৈ নকল তথা কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »
Subscribe to:
Posts (Atom)