চিৰবিদায়

এইহেন বিপদত তোমাৰ পৰা একো সহাঁৰি নোপোৱাতহে আচৰিত লাগিছে।নালাগে টকা-পইচা দি মোক সহায় কৰিব।জাষ্ট বেজেৰুৱা মনটোক অলপ সান্তনা সহানুভূতি দিব পাৰিলা হয়।তোমাৰ এনেকুৱা আচৰণ দীর্ঘদিনীয়া হ'লে হৃদয়খনো কেতিয়াবা ভাঙি-চিঙি যাব।তেতিয়া তোমাৰহে বিপদ।হৃদয়খনত যে কেৱল তোমাকেই সযতনে ৰাখি থৈছোঁ।
চিঠিখন শেষ নহওঁতেই ভিতৰত মাৰ অস্ফুট গেঙনি।লিখা সিমানতে সামৰি মাৰ বিচনাৰ কাষলৈ গ'লোঁ।মাৰ অৱস্থাটো দিনক-দিনে কাঢ়িল হৈ আহিছে।মাৰ এই অসুখটোৰ বাবে মোৰ হাতত আৰু দ্বিতীয় বিকল্প নাই।পানী এগিলাচ যতনাই মই ৰুমটোৰ পৰা ওলায় আহিলোঁ।মাৰ অৱস্থাটো উপভোগ কৰি থাকিবলৈ ইমান শক্তিশালী নহওঁ।অপাৰেশ্যনৰ

নামত ডেৰ লাখ টকা খৰছ হ'ল।অসম মেডিকেল কলেজৰ কার্ডিঅ'লজি ডিপার্টমেণ্টৰ স্পেছিয়েল ইণ্টেনছিভ কেয়াৰত মাৰ চিকিৎসা চলিল।সকলো প্ৰয়াস বিফলে গ'ল।মাৰ কলিজাখনত দুটা বিন্ধাৰ সৃষ্টি হৈছে।অপাৰেশ্যনৰ এমাহমানৰ পাছতে মাৰ অসুখটো আকৌ সক্ৰিয় হৈ উঠিল।পুনৰ মেডিকেলত ভর্তি কৰালোঁ।তেতিয়ালৈ মাৰ শৰীৰৰ স্নায়ুকোষবোৰো নির্ষ্কিয় হৈ পৰিছিল।সকলো অপেক্ষাৰ অন্তত ডাক্তৰে সেই কথাকেইটা মোৰ আগত অৱগত কৰিছিল
"চোৱা তোমাৰ মাৰ বেমাৰটো একেবাৰে শেষ পর্যায় পালেগৈ।কেতিয়াবা
হয়তো হার্টটোৰ ইনজিউৰি হৈছে,আমি আল্ট্ৰাছন গ্ৰাফি, পেট স্কেনিং সকলো কৰিলোঁ কিন্তু সমাধানৰ একো পথেই নাই।বিশ্বৰ যিকোনো উন্নত প্ৰযুক্তিৰ চিকিৎসাও তোমাৰ মাৰাৰ ক্ষেত্ৰত বিফল হ'ব।খুব বেছি এমাহ তাৰ পাছতে তুমি মাৰাক চিৰবিদায় জনাব লাগিব।"
মেডিকেলৰ আর্টিফিছিয়েল হার্ট স্পেছিয়েলিষ্ট ডা' বিমল বৰুৱাৰ কথাখিনিৰ পাছতে মই তাতে কেচুৱা ল'ৰাৰ দৰে ফেকুৰিছিলোঁ।
মাৰ মুখলৈ চাব পৰা নাছিলোঁ,মাই হয়তো সকলো বুজি পাইছিল।তেওঁয়ো কান্দিছিল।বিমুখ
ী যাত্ৰাৰে ঘৰলৈ উভটিছিলোঁ।তেতিয়াৰে পৰা মা বিচনাখনৰে সংগী হৈ পৰি আছে।
খেতি কৰা দুবিঘা মাটি বিক্রী কৰাৰ লগতে বেংকৰ পৰাও যেনেতেনে লোন এটা লৈ টকাখিনি সংগ্ৰহ কৰিছিলোঁ।
দেউতাৰ মৃত্যুৰ পাছত সেই দুবিঘা মাটিতে খেতি কৰি যিখিনি ধান পাইছিলোঁ কোনোৰকমে ছমাহ চলি যায়।চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ পাছত ঘৰৰ পাছফালৰ মাটি তিনিবিঘাতে চাহৰ খেতি লগালোঁ।জীৱনটোৰ পৰা মাৰ লগতে মোৰ অভাৱখিনি দূৰ কৰাত সকাহ অলপ পাইছিলোঁ।

স্পন্দিতা ডিব্ৰগড় চহৰৰে নামী ব্যৱসায়ী প্ৰভাত কলিতাৰ একমাত্ৰ দুহিতা।বিশ্ববিদ
্যালত স্নাতকোত্তৰ নামভর্তি কৰাৰ পাছতে এদিন স্পন্দিতাক লগ পাইছিলোঁ।মই তেতিয়া বিশ্বাবিদ্যালৰ সাংস্কৃতিক সম্পাদক হিচাপে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ ৰুমলৈ উভটিছিলোঁ।
"অহ মাই গড! দীপাংকৰ জোনাক আপুনিয়েই বুলি আজিহে জানিলোঁ।আই লাভ ইউৰ অল ষ্টৰীজ! ইউ আৰ মাই ফেভাৰেট ৰাইটাৰ"
মই স্পন্দিতাৰ সৰলতাক দেখি আচৰিত হৈছিলোঁ।তাইৰ কথা কোৱাৰ ষ্টাইল, চিন্তা-চর্চা,ধু
নীয়া হাঁহিবুলীয়া মুখখন সকলোবিলাকে মোক আকর্ষিত কৰিছিল।
আমাৰ মাজত কথাবোৰ বাঢ়ি গৈছিল।লাহে লাহে জীৱনৰ কথাবোৰ হৃদয়ে পাতিবলৈ আৰম্ভ কৰিছিলোঁ।মোতকৈ দুবছৰৰ সৰু স্পন্দিতাই মোক এদিনো মিচ কৰিবলৈ বিচৰা নাছিল।এনেকৈয়ে এদিন তেওঁ মোৰ দুবাহুত সোমাই পৰিছিল।মই বাধা দিয়া নাছিলোঁ।ময়ো তেজ মহঙৰে মানুহ।
এদিন দেউতাই আমাক চিৰবিদায় জনায় আতৰি গৈছিল।পঢ়া সিমানতে সামৰি মই মাৰ সাৰথি হ'বলৈ উভটিলোঁ।স্পন্দি
তাই একো কোৱা নাছিল যদিও মনে মনে কান্দিছিল।এগালমান প্ৰতিশ্ৰুতি স্পন্দিতাৰ ভৰষাত এৰি আহিছিলোঁ।সময় আগবাঢ়িল,জীৱন সলনি হ'ল।স্পন্দিতাই চিঠি লিখিবলৈ কমাই দিছিল।মোৰ চিন্তাবোৰ বাঢ়ি গৈছিল।
কুঁহি ওচৰৰ সমন্ধীয় খুড়াৰ জীয়েক।আমাৰ ঘৰলৈ প্ৰায়ে আহে।মাক চোৱা-চিতা কৰেহি।সৰুৱে পৰা আমাৰ মাৰ লগত তাইৰ মাক-জীয়েকৰ সমন্ধ এটি গঢ় লৈ উঠিছে।কেতিয়াবা গামোছা এখনেৰে মুখখন সোপা মাৰি তাই কান্দে।
মায়ে কয় "আই দীপাংকৰক অলপ যতন লবি।সি আজিকালি ভাত নাখায় হ'বলা।তয়েই ভালকৈ কিবা এটা ৰান্ধি দিবিচোন।"
দূপৰীয়া গাটো ধুই উঠাৰ পাছত কুঁহিয়ে কেইবাখনো আঞ্জাৰে ভাত কাঁহী আগবঢ়াই দিছিল।
খাবৰ সময়ত তাই কৈছিল,
"দীপ দা আপুনি কিয় ইমানকৈ চিন্তা কৰি থাকে? আপুনি নিজকে অলপ যতন ল'ব।অহ স্পন্দিতা বায়ে বহুদিন চিঠি পঠোৱা নাই নেকি?"
"তুমি ভাত ইয়াতে খাই যাবা"
মই কথাষাৰ কৈ খোৱা সামৰিলোঁ।তাই কাঁহী-বাতি কেইটা সামৰাত ব্যস্ত হৈ পৰিল।
কুঁহিলৈ ভয় লাগে।তাই এতিয়া গাভৰু হ'ল।মোক দাদা বুলি ক'লেও তাইৰ মনত যে বেলেগ এটা ধাৰণাই খোপনি পাতিছেহি মই বুজি পাঁও।মাৰ কথা ভাবিয়েই একো কোৱা নহয়।
স্পন্দিতাৰ পৰা চিঠি এখন পালোঁ।তাত স্পষ্টকৈ লিখা আছিল অহা ২২ এপ্ৰিলত তাইৰ বিয়া ঠিক কৰা হৈছে।মই ভাবি পাৰ নাপাইছিলোঁ বর্তমান সচাঁ নে অতীতৰ সময়বোৰ মিছা আছিল? মোৰ প্ৰাণৰ প্ৰতিমাৰ এই সিন্ধান্তই মোৰ হৃদয় জোকাৰি গ'ল।চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়।মোক নজনোৱাকৈয়ে স্পন্দিতাই চিৰবিদায় জনোৱাৰ সিদ্ধান্ত ল'লে কেনেকৈ?
কথাবোৰ যিমানে এৰাই চলিবলৈ যত্ন কৰিলো সিমানেই বাৰে বাৰে স্পন্দিতাৰ লগত কটোৱা নিবিড় অন্তৰংগৰ টুকুৰা টকুৰ সময়ৰ স্মৃতিয়ে আৱৰি ধৰি জুৰুলা কৰিলেহি।
এফালে মাৰ অৱস্থাটো বেয়ালৈ ঢাল খাই আহিছে।এইকেইদিন দিনে নিশাই মাৰ কাষতে আছোঁ।সমানে ইটো-সিটো যতনাই দিছে কুঁহিয়ে।নিশা দুই বাজি পাৰ হৈছে।কিবা এটা স্পর্শত টোপনিৰ পৰা খকমককৈ সাৰ পালোঁ।মায়ে মোৰ সোঁহাত খনত ধৰি আছে।চকুৰ আগতে মোৰ হাতখনৰ ওপৰত সুকোমল হাত এখন জাপি দি মায়ে অস্ফুট স্বৰে ক'লে,"এইজনীক তই এৰি নিদিবি কেতিয়াও।মই মৰাৰ পাছতে বিয়াখন পাতি পেলাবি।এইজনীৰ বাহিৰে তোক আৰু এই সংসাৰত কোনেও সযতনে ৰাখিব নোৱাৰে।তহঁতে কুশলে থাকিবি।মোৰ আশীর্বাদ সদায় থাকিব।"
মই কুঁহিৰ মুখলৈ চালোঁ।কুঁহিয়ে মাক সাবটি ধৰি উচুপি উঠিল।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰ কৰি শিৰোনাম আৰু লেখকৰ নাম নথকাকৈ নকল তথা কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।