জীৱনৰ আঁৰে আঁৰে

চাপৰিটোৰ সিপাৰে হালি জালি থকা কঁহুৱানি ডৰাৰ ফাঁকেৰে হেঙুলীয়া বেলিটো ক্ৰমশঃ ডুব গৈছে।গাঁৱখনৰ পূৱফালে থকা প্ৰকাণ্ড বুঢ়া আঁহতগোপাৰ সুৰুঙাইদি জোনালীৰ জোনটো ভাহি আহিছে।আদিগন্তজু
ৰি আকাশখন লাজুকী তৰাৰে ভৰি পৰিছে। আকাশেদি অচিনাকি চৰাইকেইজাকমান হুৰহুৰাই পাৰ হৈ গ'ল।বিলৰ মাজৰ পুখুৰীৰ পাৰত জুপ লৈ বহি থকা কনামুছৰী কেইজনী এইমাত্ৰ বৰদেউতাহঁতৰ বাঁহনী বাৰীখনত পৰিছেহি। মাক পদুলিমূৰত ৰৈ থকা দেখিলোঁ।বোধহয় দেউতা কামৰ পৰা উভতা নাই! “যাহ যাহ, সোনকালে ব'ল।মাৰে কেতিয়াবাই আহি পাগুলিয়াই আছে, ব'ল তোৰ বাবে সিবেলিতে পুখুৰীৰ পাৰৰ পৰা দলঘাঁহ আনি থৈছো " মোৰ আগে আগে আহি থকা কজলাই নঙলামুখতে ৰৈ মোলৈ ৰৈ থকা দেখি তাক মাত দিলোঁ।মোৰ মাত শুনি সি আগবাঢ়িল।তাক গোহালিত বান্ধি ভঁৰালৰ গান্ধৈৰ পৰা ঘাঁহসোপা আনি খাবলৈ দিলোঁ।মাকে-পুতেকে খুব হেঁপাহেৰে খাবলৈ ল'লে, সিহঁতক খোৱা দেখি মনটো ভাল লাগি গ'ল।সিহঁতক গোহালিত বান্ধি আল-পৈচান ধৰাৰ পৰ্বটো শেষ কৰি থৈ আহো মানে সন্ধিয়া ছয়মান বাজিলেই।মা তেতিয়াও পদুলীমূৰতে।ভণ্টিয়ে ভিতৰত প্ৰাৰ্থনা জুৰিছে।পাঁচবছৰ বয়সতে ককাই স্কুলত নামভৰ্তি কৰি থৈ আহিবৰ দিনা সন্ধিয়া আইতাই মামণোক প্ৰাৰ্থনা গাবলৈ শিকাইছিল।তাৰ পাছৰ পৰাই তাই সদায় কিতাপৰ টেবুলত বহি প্ৰাৰ্থনা কৰি আহিছে।পৰিৱৰ্তন মাথোঁ এইখিনিতে, সৰু হৈ থাকোতে খুব সৰলভাবে প্ৰাৰ্থনা গাইছিল আৰু এতিয়া খুব গভীৰভাবে গাই।
ভৰি হাত কেইটা ধুই আহোমানে দেউতা আহি পালেহি।চোতালতে বহি দেউতাৰ সতে চাহ খালোঁ।
“মামুনুৰ এডমিশ্যনৰ বাবে টকাকেইটামান কম হৈছে, তোৰ ওচৰত আছে যদি দিবি, দৰমহা হ'লে ঘুৰাই দিম"-দেউতাই বহি থকাৰ পৰাই মোক উদ্দেশ্যি কথাষাৰ ক'লে।
“কিমান টকাৰ প্ৰয়োজন হৈছে দেউতা?”-মই ক'লোঁ।
-পোন্ধৰশ মান লাগে।
-মোৰ ওচৰত সিমাননাই।
“কিয় পৰীৰ বাপেকক টিউচনৰ ফিচ খোজা নাই নেকি?”-কাষতে বহি থকা মায়ে মাত লগালে।
“আজি খুজিব লাগিব মা"- মই ক'লোঁ।
আমাৰ ঘৰৰ পৰা পৰীহঁতৰ ঘৰলৈ বেছি দূৰ নহয় যদিও পোন্ধৰ বিশ মিনিটৰ বাট।পৰী মোৰ লগৰ অনামিকাৰ ভনীয়েক।এইবাৰ নৱম শ্ৰেণীলৈ উতীৰ্ণ হৈছে।পৰীৰ দেউতাক আমাৰ গাঁৱৰে এল পি স্কুলখৰ প্ৰধান শিক্ষক।ক' শ্ৰেণীৰ পৰাই মোক পঢ়াইছিল সেয়েহে পৰীক টিউচন কৰা তিনিমাহৰ মাচুল লোৱাই হোৱা নাই, সুধিলে একেসুৰে কৈ পেলাওঁ, “এতিয়া নালাগে ছাৰ; প্ৰয়োজন হ'লে নিজেই জনাম" । এতিয়া প্ৰয়োজন হৈছে যেতিয়া খুজিবই লাগিব।আশা কৰোঁ আজি মোক নিৰা নকৰে।
অনামিকা আৰু মই সৰুৰে পৰা একেলগে পঢ়া।শেহতীয়া ভাবে আমি একেখন কলেজৰ পৰাই ডিগ্ৰীধাৰী হ'লোঁ।অনামিকাই সমসাময়িকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত।ঘৰৰ অৰ্থনৈতিক সমস্যাৰ বাবে মোৰ পঢ়া সামৰিব লগীয়া হ'ল।যিমান যি হওক ল'ৰা হিচাপে অনামিকাতকৈ মোৰ জীৱনটো বহুগুনে সুকীয়া।নাৰীয়ে জীৱনক লৈ কি আৰু কিমান চিন্তা কৰে ভালকৈ নাজানিলেও এটা কথা জানো পুৰুষতকৈ বহু ভিন্ন।তেওঁলোকে জীৱনটো উপভোগ আৰু উদযাপন কৰিব বিচাৰে কিন্তু আমি জীৱনটোক পাৰ কৰি জীয়াই থকাৰ কথা ভাবোঁ।নাৰীৰ বিষয়ে জানিবলৈ নাৰীক যে অধ্যয়ন কৰিব লাগিব তেনে কোনো কথা নাই কিন্তু এটা কথা ঠিক যে নাৰীৰ মনক বুজিবলৈ কোনো নাৰীৰ নিবিড় সান্নিধ্য নিতান্তই প্ৰয়োজন।আৰু মইতো জীৱনক বুজিবলৈ লোৱাৰে পৰা অনামিকাৰ সান্নিধ্য পাই আহিছোঁ, অকলশৰে,গভীৰভাবে
,অন্তৰংগ হৈ।
তেওঁৰ সপোন আৰু মোৰ সপোন অভিন্ন যদিও হৃদয়খন প্ৰায় একে।
অনামিকাই প্ৰায়ে কয়, “মন আৰু হৃদয়ে বিচৰাজনক লগত লৈ পৃথিৱীৰ সমস্ত সুখ জয় কৰি
জীৱনটো জীয়াই থাকিবলৈ মন যায়।"
“তোমালোক প্ৰয়োজনাধিক আত্মকেন্দ্ৰিক।স
ুখেই জীৱনৰ প্ৰাপ্তি বুলি ভাবা আৰু নিজৰ চকুপানী কেইটোপালক পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি ভাবা!মই সদায় ভাবোঁ,মা-দেউতাৰ পৰিশ্ৰমখিনিয়ে সাৰ্থকতাৰ বাটত খোজ কেতিয়া পেলাব!ভণ্টিয়ে নিজৰ সপোনবোৰ আৰু সুখী জীৱনটোৰ সৈতে কেতিয়া একাত্ম হ'ব পাৰিব!”--মই কওঁ।
“তুমি বৰ নিষ্ঠুৰ ৰাগ, তোমাৰ জীৱনত মোৰ স্থান ক'ত?”--অভিমানী হৈ অনামিকাই কয়।
“স্থান কিয় লাগে! তুমিতো মোৰ জীৱন।"---মই কওঁ।
“হুঁহ"—অনামিকাই
লাজ কৰে
দেউতাই মাটি বাৰী বিক্ৰী কৰি হ'লেও এডমিশ্যন লোৱাৰ ব্যৱস্থা কৰি দিলেহেঁতেন কিন্তু মোৰ মনে নুকুলালে।দেউতাই
দৈনিক মজুৰি কৰি উপাৰ্জন কৰা টকাৰে আমাৰ চাৰিজনীয়া পৰিয়ালটো অভাৱহীন ভাবে চলি যায়।কিছু পৰিমানে খেতিৰ মাটিও নথকা নহয় কিন্তু প্ৰতি বছৰে বানপানীয়ে খেতি নষ্ট কৰে। অনামিকাৰ পৰা আঁতৰি জীৱনটোক গতানুগতিকতাৰে সাঙুৰি লৈছোঁ।চৰকাৰী চাকৰি এটা কিনিব পৰাকৈ হাতত টকা নাই।সদ্যসতে প্ৰয়াস নকৰা নহয়, কিন্তু কৰিনো কি পাইছোঁ!দূৰ্নীতিয়ে সাঙুৰি লোৱা সমাজ,সকলো টকাৰ পিছত দৌৰাত ব্যস্ত, চৰকাৰী আঁচনি সমূহ যে ৰুপায়ন কৰে তাৰ ফলত জনসাধাৰণ কিমান উপকৃত হয় নাজানো কিন্তু এচাম সুযোগবাদী নেতাই পেট ফুলাব পাৰে সেইটো খাটাং।কি সংগঠন, কি সংস্থা সকলো নিজৰ স্বাৰ্থ পূৰণতে ব্যস্ত।
আন্দোলনৰ নামত পথ অৱৰোধ,বন্ধ ঘোষণা কৰা,গাড়ী মটৰত জুই লগাই দিব পৰা,অফিচ কাচাৰী ভঙা এইবোৰতে ব্যতিব্যস্ত সাম্প্ৰতিক অসমৰ দল সংগঠন।এইবোৰ কাৰণতে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা লাহে লাহে তললৈ নামি আহিছে।অসমখনত এটাৰ পিছত এটা সমস্যা-বিদেশী সমস্যা,নদীবান্ধ
সমস্যা,চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ সমস্যা,অসমীয়াৰ সংজ্ঞা বিচাৰি সমস্যা মুঠতে চৌদিশে কেৱল সমস্যা আৰু সমস্যা।
কথাবোৰ ভাবি থাকোতেই অনামিকাহঁতৰ নঙলামুখ পালোগৈ।নঙলাডাল খুলিবলৈ লওঁতেই সিফালৰ পৰা ছাৰক আহি থকা দেখা পালোঁ।
“অ' ৰাগ আহিলা!ব'লা ব'লা, মই এই তোমাৰ শিখাহঁতৰ ঘৰৰ পৰা আহিলোঁ।এইমাত্ৰ শিখা হোষ্টেলৰ পৰা ঘৰ আহি পাইছেহি।আমাৰজনী
আকৌ কাইলৈহে আহিব বুলে।"--ছাৰে আগবাঢ়ি আহি ক'লে।
মই মূৰ দূপিয়ালোঁ মাথোঁ।মনটো ভাল লাগিল কথাটো শুনি।অনামিকাক লগ পাম বহুদিনৰ মূৰত।পৰীয়ে মাকৰ সৈতে চোতালতে বহি আছিল।বৰ মায়ে ভিতৰৰ পৰা মূড়া দুটা উলিয়াই আনি ছাৰ আৰু মোক আগবঢ়াই দিলে।অনামিকাৰ মাকক মই সৰুৰে পৰা বৰ মা' বুলি মাতোঁ।মোক খুব মৰম কৰে।
“পৰী আজি ক্লাছ নকৰোঁ। তুমি কিতাপ পঢ়াগৈ, ভিতৰলৈ যোৱা।"--কথাষাৰ ক'লত পৰী পঢ়াৰ টেবুলত বহিলগৈ।
“ছাৰ ভণ্টিৰ এডমিশ্যনৰ বাবে টকা দুহেজাৰ লাগিছিল।"--কিছু
সংকোচ কৰি কথাটো ক'লোঁ।
“পাবা কিয়নো নাপাবা,মইচোন তোমাক কৈয়ে থাকোঁ কিবা সহায় লাগিলে জনাবা।অ কাইলৈ আমাৰ মাজনী আহিব হেনো, ৰাগৰ সৈতে পদূলিত তাকে পাতি আছিলোঁ"--ছাৰে ক'লে।
“ভালেই হ'ব তাই আহিলে।এইবাৰ আহিলে হাঁহটো মাৰি খোৱাই পঠাব লাগিব।বাবা তুমি আক নহাকৈ নাথাকিবা।"--বৰ মায়ে মোৰফালে চাই ক'লে।
“হ'ব বৰ মা"—মই ক'লোঁ।
কিছু সময়ৰ পাছতে বৰ মায়ে পকা ভিমকলৰ সৈতে সনা ভঁজাপিঠাৰ গুৰি আনি চাহ-জলপান দি গ'ল।পৰীও আহি বহিল।তাই ইংৰাজীৰ কবিতা এটিও মুখস্থ মাতি শুনালে।চাহ-জলপা
ন খাই ছাৰৰ হাতৰ পৰা টকা দুহেজাৰ লৈ উভটিলোঁ।বৰ মায়ে ভাত খাই আহিবলৈ জোৰ কৰিছিল।মই মান্তি নহ'লোঁ।অৱশেষত ভিমকল এক আশি লৈ উভটিলোঁ।
কাইলৈতো অনামিকাক বাছ আস্থানৰ আগবঢ়াই আনিবলৈ ময়ে যাব লাগিব।ওঁ সম্পূৰ্ণ তিনিমাহৰ পাছত অনামিকাক দেখা পাম।

পূৱাতে ছাৰে হাতত বাতৰি কাকত এখন লৈ আমাৰ ঘৰলৈ আহিল।
“এইটো ৰাগৰ নাম নহয় নে?ৰাগ এইফালে আহাচোন, চোৱাচোন ইয়াত থকা ৰোল নাম্বাৰতো তোমাৰ হয় নাই?”--ছাৰে আহিয়েই পেপাৰখন দেউতাৰ আগত মেলি মোক সুধিলে।
মই পেপাৰখন হাতত লৈ ভালকৈ পঢ়ি চালোঁ।
হয় মোৰেই নাম, মোৰেই ৰোল নাম্বাৰ।২০১১ চনতে চিলঙত দি অহা বি এছ এফ ৰ ইণ্টাৰভিউৰ ফলাফল এইয়া।
অলপ পাছতে শিখাহঁতো আহি ওলালহি।শিখাৰ মাকে আহিয়েই মাক চিঞৰিলেহি,
“ শুনিছনে ৰাগৰ মাক, পুতেৰে চাকৰি পালে নহয়! আমাক পাৰ্টী লাগে"
সমাপ্ত।।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা ২-০৮-২০১৫(দেওবাৰ) তাৰিখে 'গণ অধিকাৰ' কাকতৰ সাহিত্য পৃষ্ঠাত প্ৰকাশিত। অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

No comments: