বৰ্ণিল

-যদি মই মৰি থাকো তেতিয়া তুমি কি কৰিবা?
-তিনিদিন লঘোনে থাকিম।
-অ’ অ’।মই অফিচ পালোহি।হ’ব এতিয়া থাকা।
-ৰ’বা ৰ’বা তোমাৰ লগত কথা এটা আছে।
-পাছত ক’বা।
-নহয় এতিয়াই।
-কোৱা।
-মই তোমাৰ কেইনাম্বাৰৰ প্ৰেয়সী আছিলো বাৰু?
-সঠিককৈ মনত নাই কিন্তু তুমি মোৰ প্ৰথমজনী পত্নী।
-অ’ ৰাম।কি মানুহ অ’ এইটো? হ’ব ফোন ৰাখা।ঘৰলৈ আহাচোন মজা পাবা।

কথমপি বাচি গ’লো আজি।নহ’লে ৰাজপথৰ মাজতে তেজেৰে গা ধুবলগা হ’লহেঁতেন।দুচৰম

ান লগাবৰ মন গৈছিল সেই ল’ৰাদুটাক।বাপেকে বাইক কিনি দিছে কলেজ যাবলৈ।ৰাজপথত ৰেচিং,ষ্টার্ণ্ট কৰিবলৈ নহয়।এটিটিউড আৰু ষ্টাইলে শেষ কৰিব ইহঁতক।মানুহজনীক কথাটো ক'ম বুলিয়েই ফোনটো কৰিছিলোঁ।ভাবিলোঁ অনাহকত অশান্তি এসোপা নিদিওঁ।গতিকে কোৱা নহ’ল।
তাই আজি ডায়েৰীখন খুচৰিল চাগে।তাত অনামিকাৰ বিষয়ে লিখা আছিল।আৰু কেইবাজনী ছোৱালীক লৈ লিখা কেইটামান কবিতা।কেতিয়াবাই
ফালি পেলাব লাগিছিল।কিন্তু ফালিলেও বা তাহাঁতক একেবাৰে পাহৰি যাবও নোৱাৰোঁ।চাকৰি নথকাক লৈ বিয়াত বহিবলৈ প্ৰত্যেকগৰাকী প্ৰেমিকাৰে চৰম অজুহাত।অনামিকাই সেইকণ অজুহাততে আঁতৰি গৈছিল।নহয় ময়েই বাধ্য কৰাইছিলোঁ বেংকত চাকৰি কৰা সেই ল’ৰাজনৰ সৈতে বিয়াত বহিবলৈ।মোৰ আৱেগখিনিৰ বাবে অনামিকাৰ ভৱিষ্যতক আন্ধাৰৰ মাজলৈ আঁজুৰি আনিব বিচৰা নাছিলোঁ।অনামিকা সুখী হোৱা নাছিল যদিও বিয়াত বহিছিল।ময়ো আছিলোঁ।যন্ত্ৰণা এসোপাক উপভোগ কৰিছিলোঁ নিৰলে।ভাবিছিলোঁ অনামিকা সুখী হ’ব পৰাটোহে আচল কথা।তথাপি প্ৰাপ্তিৰ সংজ্ঞাই সুকীয়া।অনামিকাক পাইছিলোঁ।কিন্তু নিজৰ বুলি নহয়।অনামিকা সুখী নে দুখী তাৰ খবৰ আজি মোৰ হাতত নাই।হয়তো কোনোদিনে নাথাকিব।সিমানখিনি প্ৰয়োজনো নাহে কোনোদিনে।
অনামিকা বিয়া হৈ যোৱা এবছৰৰ পাছতে চাকৰিটো পালোঁ।সাধনা মোৰ যিমান আছিল সিমানেই আৰাধনা অনামিকাই কৰিছিল।
চাকৰিটো পোৱাৰ পাছৰ সময়ছোৱাত মোৰ জীৱনটো ক্ৰমশঃ বৈচিত্ৰহীন হৈ পৰিছিল।গতানুগতি
কতাত সাঙুৰ খাই সোমাই পৰিছিলোঁ।ব্যস্ততাৰ ফেৰেঙণিৰ মাজেৰেই এদিন মোৰ জীৱনৰ কাষ চাপিছিল প্ৰহেলিকা।ডাঃ প্ৰহেলিকা সন্দিকৈ।ডেণ্ট কেয়াৰ স্পেছিয়েলিষ্ট হিচাপে অসম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ চাকৰিত যোগদান কৰিছিল।বন্ধুত্বই পোখা মেলা সম্পর্কটোত প্ৰহেলিকা কেতিয়া মোৰ প্ৰতি ইমান দুর্বল হৈ পৰিল মই গমেই নাপালোঁ।বন্ধুত্বৰো সীমা এটা আছে।সংযমখিনিক ধৰি ৰাখি মই প্ৰায়েই কথাৰ দিশ সলাবলগীয়া হয়।অনামিকাৰ কথা কওঁতে তাই দুচকুৰে বাগৰি অহা চকুলোকেইটোপালৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
নিশা প্ৰায় এঘাৰমান বজাত প্ৰহেলিকাই স্কুটীখন লৈ মোৰ ৰুম পাইছিলহি।
“বিকাশ মই।মই প্ৰহেলিকা।দুৱাৰ
খোলা।”বাহিৰত চিঞৰিছিল তাই।ঘনকৈ দি থকা বৰষুণজাকৰ বাবে স্পষ্টকৈ শুনাত অসুবিধা হৈছিল।
“প্ৰহেলিকা তুমি ইয়াত? এতিয়া? এহ গোটেইজনী তিতিলা।এইখন টাৱেল লোৱা আৰু সৌটো বাথৰুম।”মই আচৰিত হৈ সুধিছিলোঁ।
“আৰু কাপোৰ? হ’ব মই কাপোৰ নিপিন্ধাকৈয়ে থাকিম।তোমালৈ লাজ নালাগে মোৰ।” নিলর্জভাৱে কথাখিনি কৈ তাই হাঁহিছিল।
“তুমি ড্ৰিংকচ কৰিলা?”মই সুধিছিলোঁ।
“জানা আজি মোৰ বার্থ দে।তুমি উইচ এটাও নকৰিলা।ৱাই দি ৱে আই লাভ ইউ চ মাচ।” তাই ঢলি পৰিছিল।
নিলর্জভাৱে এটা এটাকৈ ভৰ যৌৱনা প্ৰহেলিকাৰ দেহৰ পৰা কাপোৰবোৰ সলোকাইছিলোঁ।উন্
মাদ হৈ তাৰ দেহটোত জপিয়াই দিয়া নাছিলোঁ।মোৰেই চার্ট এটা পিন্ধাই গাটোত কপাহী কাপোৰ এখন মেৰিয়াই দিছিলোঁ।‘দিলৱালে দোলহনিয়া লে জায়েঙ্গে’ৰ দৃশ্য এডোখৰ আওৰালোঁ যেন লাগিল।বিচনাত তাইক শুৱাই মই বাহিৰলৈ ওলায় আহিছিলোঁ।বৰষুণজাক ক্ৰমশঃ ক্ষান্ত হৈছিল।মনত পৰিছিল অনামিকালৈ।তাই চাগে এতিয়া তেওঁৰ জীৱনসংগীৰ বুকুৰ মাজত মিলনৰ সংসাৰী সপোন গঢ়িছে।
অনুসূচনাত দগ্ধ হৈ ৰাতিপূৱা প্ৰহেলিকাই বাৰে বাৰে মোৰ ওচৰত ক্ষমা খুজিছিল।কফি একাপ বনাই দিলেই মাফ কৰা হ’ব বুলি কৈছিলোঁ।তাই হাঁহিছিল।নিশা সলায় দিয়া প্ৰহেলিকাৰ কাপোৰসাজ শুকুৱা নাছিল।পিন্ধি থকা মোৰ পেণ্ট-চার্টযোৰ তাইৰ বনাই লোৱা বার্থদেৰ উপহাৰ দিয়া হৈছে বুলি তাইক কৈছিলোঁ।তাই ভীষণ লাজ কৰিছিল।
প্ৰহেলিকাই ব্ৰেক ফার্ষ্ট ৰেডি কৰালৈকে মই তাইৰ বাবে ওচৰৰে কাপোৰৰ দোকান এখনৰ পৰা কাপোৰ এযোৰ আনি দিছিলোঁ।পাতল পিংক কালাৰ।মোৰ নিজৰ পচন্দত।জীৱনত প্ৰথম নিজেই পচন্দ কৰি কাৰোবাক কিবা এটা দিছিলোঁ।অনামিকা
ক বহুতো উপহাৰ দিছিলোঁ কিন্তু সেইয়া সকলো অনামিকাৰ নিজৰ পচন্দ আৰু দাবীৰ বিনিময়ত দিছিলোঁ।
প্ৰহেলিকা ভাবুক হৈ ৰৈছিল।আঁতৰে আঁতৰে বিভোৰ হৈ মোলৈ চাই আছিল।মই লক্ষ্য কৰিছিলোঁ।
সেইদিনা সেইযোৰ কাপোৰকে পিন্ধি তাই ডিউটিলৈ আহিছিল।
নিশা ফোন কৰোতে তাই মোলৈ প্ৰস্তাৱ দিছিল।প্ৰেমৰ নহয় বিয়াৰ প্ৰস্তাৱ।
“তুমি মোক বিয়া পাতিবা বিকাশ?”
হাঁহি উৰুৱাই দিছিলোঁ তাইৰ কথাষাৰ।সিমূৰত তাই উচুপিছিল।
“আই ৰিয়েলি লাভ ইউ বিকাশ।লাভ ইউ চ’ মাচ।”

বর্ণনাতীত অতীত আৰু কিছু সোঁৱৰণীৰ মাজেৰেই অফিচৰ দিনটোৰ সময়খিনি পাৰ হৈ গ’ল।চহৰখনলৈ সন্ধ্যা নামিছে।বানীপুৰৰ
এই ৰেলৱে ষ্টেচনৰ পৰা বাইকেৰে ঘৰলৈ মাথোঁ আধাঘণ্টাৰ বাট।মায়ে পথাৰৰ পৰা ঘৰলৈ উভটিছে চাগ।দেউতাই পকাধানৰ ডাঙৰী বান্ধি কঢ়িয়াইছে।প্ৰহেলিকাই অস্তগামী ৰঙা বেলিটোলৈ চায় পদূলীমুখত মই ঘৰ পোৱালৈ ৰৈ আছে আৰু প্ৰতিদিনাৰ দৰে আজিও গুণগুনাই আছে চাগে “জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ।”
আৰু সেই বেলিটোৰ দিশেৰে ৭০ কিঃমিঃ বেগেৰে মই ঘৰলৈ উভটিছোঁ।ঘৰ গৈ পালে প্ৰহেলিকাই মা-দেউতাৰ আগত মোক গালি পাৰিব।কান্দিব।ম
ই মৰাৰ কথা ক’লোঁ আজি।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।