অপ্ৰত্যাশিত

তেওঁৰ লগত কথা পাতি বৰ ভাল লাগে অ’ শিখা।ইমান গভীৰ মানুহ মই আজিলৈকে দেখা নাই।
-দাদা কাৰ? এই আমুকীৰ।
-হুম!ইউ আৰ চ’ লাকী।বৰ সৰল মানুহজন।
-ইমান প্ৰশংসা কৰিব নালাগে বর্ণালী।আৰু তই যে দাদাক বৰ ডাঙৰ মানুহৰ দৰে মানুহজন মানুজন কৈ আছ?
-কি যে কৈ থাক তই।তেওঁৰ গানবোৰ যে মোৰ বহুত ভাল লাগে।
-আৰু দাদাক?
-তেওঁক ভাল লাগে বাবেই গানবোৰো ভাল লাগে।
-তয়ো ভাল গান গাৱ দে।দাদাৰ লগত যুগলবন্দী ভাল জমিব।
-আশা কৰো সেইকণ সময় সোনকালেই আহক।তেওঁক বুজাবিচোন।সেইবো

ৰ ঘটনা আজিকালি কমন।তাৰ বাবে ইমান চেণ্টি হোৱাৰ প্ৰয়োজন নাই।এবছৰ হ’বৰ হ’ল।সেইগৰাকীয়েও চাগে কেতিয়াবাই পাহৰিল।
-প্ৰেমৰ আমেজ অনুক্ষণ, বিৰহ চিৰজীৱন।চা দাদা আজি সকলোফালৰে পৰা সমাজৰ এজন সফল যুৱক কিন্তু সি মানসিকভাবে বৰ দুর্বল।মই সেইবোৰ কথাকে সোঁৱৰাই তাক আকৌ আঘাট দিব নিবিচাৰোঁ।
-সোঁৱৰাব নালাগে।পাহৰাই পেলাবলৈ চেষ্টা ক’ৰ।
-মই নোৱাৰিছোঁ।মই কিবা তাৰ প্ৰেমিকা নহয় নহয়।তই পাৰিবি?
-ময়ো প্ৰেমিকা নহয়।
-কিন্তু তই ভণ্টীও নহয়।
“ৰ’বি তই যোৱাৰ আগতে এবাৰ এইখন পঢ়।দাদায়ে নিজেই লিখিছিছ কলেজৰ আলোচনীত।সম্পূর্
ণ নিজৰ ওপৰত।” শিখাই আলোচনীখন আগবঢ়াই দিলে।আৰু ককায়েকৰ “তুমি নহ’লেও হ’ব” শীর্ষক লেখাৰ পৃষ্ঠাখন উলিয়াই তাই ভিতৰলৈ গ’ল।অতি আগ্ৰহ আৰু উৎসুকতাৰে বর্ণালীয়ে পঢ়ি গ’ল।
“মাৰ মৰিশালীটোৰ কাষত ৰুই দিয়া নাহৰৰ পুলিটো দুবছৰীয়া হৈছেগৈ।শুৰশুৰাই
বৈ অহা পছোৱাজাকে সৰাই পেলোৱা লঠঙা শুকান পাতবোৰ তলখন ভৰাই পেলাইছে।আৰু সিমানেই স্পষ্ট কৰি পেলাইছে ন’ কৈ বাঢ়ি অহা কোমল কুঁহিপাতবোৰ।
ঝাৰুটোৱে মৰিশালিটোৰ কাষৰ ঠাইখিনি চাফা কৰি সেৱা কৰিলোঁ।কাইলৈ নতুন এলবামটোৰ ৰেকর্ডিং আছে।
মা’ মৃত্যু হোৱাৰ এদিনৰ আগত মোক কৈছিল “বাবা তই ভালকৈ থাকিবি আৰু কিবা যদি অসুবিধা নহ’লে কিবা বিপদে আপদে মোৰ তালৈ গৈ মোক জনাবি।মই সদায় তোৰ লগত থাকিম।সহায় কৰিম।”
সেইদিনা মই কান্দিব পৰা নাছিলোঁ।হয়তো নাজানিছিলো।হয়তো
দুখৰ সৈতে পৰিচয় ঘটাই নাছিল।তাৰ পাছত আইতাই কোৱাৰ বাবে মাৰ কপালত চুমা এটা খাই স্কুললৈ গৈছিলোঁ।পাছদিনা কিন্তু চিঞৰি চিঞৰি কান্দিছিলো।মাক মানুহবোৰে ক’লৈ নিছে? কি কৰিবগৈ? মায়ে বৰ কষ্ট পাইছে চাগে।খুড়ীয়ে মোক তাৰ পৰা আঁতৰাই লৈ গৈছিল।সাবটি লৈ কান্দিছিল “তেওঁ আৰু কেতিয়াও ঘূৰি নাহে।”
তেতিয়াও মা’ৰ মৰিশালিটোৰ পৰা ধোঁৱা ওলায়েই আছিল।পাছনিশা সেৰেঙা আন্ধাৰৰ মাজতে ধোঁৱাবোৰে দিগ-বিদিগ হেৰুৱাই উৰা মাৰিছিল আকাশলৈ।আকাশৰ আদিগন্তৰ কোনোবাখিনিত এচপৰা মেঘে গোমোঠা হৈ ৰৈ আছিল।
দেউতা এতিয়াও শুই আছে।টোপনি ধৰা নাই বোধহয়।ভণ্টী? তাই সাৰ পাই আছে।মাজে মাজে কেইবাৰো তাইৰ উচুপনি শুনিছোঁ।যোৱাকাল
ি গধূলিতে বাৰীৰ সৌ চুকটোত মাৰ নিথৰ হৈ পৰা শৱদেহটোত মই নিজে জুই লগাই থৈ আহিছোঁ।কান্দিব পৰা নাছিলোঁ।চকুপানীখিনিও ক্ৰমশঃ ক্ষান্ত হৈছিল।এটা কথা বুজিছিলোঁ, আজিৰ পৰা মোক কোনেও “বাবা বাবা” কৈ চিঞৰি নাথাকে।
পাছনিশা সময় প্ৰায় চাৰি বাজিছে।আকাশত তৰাবোৰে এতিয়াও জিলমিলাই আছে।মই গঁড়ালৰ হাঁহ-কুকুৰা কেইটাক চাউল এমুঠি আনি দিলোঁ।টু শব্দ এটাও নকৰাকৈ সিঁহতে পেটৰ ক্ষুধাকণ শেষ কৰিছে।কেইঘণ্টাম
ানৰ আগতে মা’ৰ শৱদেহক বগা কাপোৰ এখনেৰে ঢাকি থোৱা ঠাই ডোখৰ হাতেৰে এবাৰ চুই চালোঁ।ওঁহো।বিশেষ একো নাই।
আকাশখনলৈ চালোঁ।এটি তৰা যেন মোৰ ফালে আহি আছে।সচাঁকৈ।তেনে
ই ওচৰ পালেহি।সেইয়া আন কোনো নহয়, মোৰ মা’।
“মা’…” চিৎকাৰ কৰি চিঞৰি দিছিলোঁ সেইদিনা।

ক্ৰমশঃ সময়বোৰে গতি কৰে।আমিও সহযাত্ৰী হওঁ।প্ৰাপ্তি অপ্ৰাপ্তিৰে জীৱনৰ বাটত খোজ দি সমীকৰণ কৰোঁ সুখ দুখৰ।জীয়াই থাকিবই লাগিব।ভণ্টী আৰু দেউতাৰ সুখ দুখৰ সমভাগী হৈ ময়ো আগবাঢ়িছিলোঁ।
হঠাতে এদিন লগ পাইছিলো পৰিনীতাক।তাই মোৰ বাবে বিশেষ হৈ পৰিছিল।হয়তো ময়ো।কোনোদিনে প্ৰেমৰ কথা চিন্তা নকৰা গতানুগতিক মই অনুভৱ কৰিছিলোঁ মই যে সচাকৈয়ে পৰিনীতাৰ প্ৰেমত পৰিছোঁ।অৱশ্যে সিমানখিনি সুযোগ দিছিল তাই।মোৰ গান শুনি বলীয়াৰ দৰে হৈ পৰা পৰীনীতাৰ উৎসাহে মোক প্ৰেৰণা দিছিল কিবা এটা কৰিবলৈ।মই সুখী হৈছিলোঁ।মা’ৰ মৃত্যুৰ পাছত পৰীনীতাৰ সান্নিধ্যই মোৰ জীৱনটোক এক নতুনত্ব প্ৰদান কৰিছিল।গতানুগতি
ক জীৱনটোত বৈচিত্ৰৰ পৰিসীমাৰ ভিতৰত মই আৱেগিক হ’বলৈ শিকিলোঁ।মানুহৰ দুখবোৰ মোৰ বাবে বিশেষ আকর্ষিত হৈ পৰিল।দিনে-নিশাই সময় পালেই লিখি উলিয়াইছিলো দুখ বিৰহৰ গান।গানটো শুনি যেতিয়াৰ পৰীনীতাৰ দৰে আন বহুতে যেতিয়া চকুলো টুকে তেতিয়া মই সফল হওঁ।মানুহক কন্দুৱাই নহয় আনৰ দুখত আনুগত্য প্ৰকাশ কৰোৱাই ভাল পাওঁ।
এক নিবিড় মুহূর্তত পৰীনীতাই যেতিয়া মোৰ কান্ধত আঁউজি কয় “মই তোমাৰ অবিহনে সপোনতো নিজকে অকলশৰে কল্পনা কৰিব নোৱাৰা হৈছোঁ।” তেতিয়া মোৰ ভাল লাগে।
সময় সলনি হয়।মানুহৰ মনবোৰো সলনি হয়।কিন্তু পৰীনীতাৰ মন কেনেকৈ সলনি হ’বলৈ পালে? আচৰিত হৈছিলোঁ।নিজকে জুকিয়াই চাইছিলোঁ কোনোবাখিনিত মোৰেই ভুল হোৱা নাইতো? ওঁহো মোৰ ভুল নাই।সচাঁ অর্থত তাই মোক প্ৰতাৰণা কৰিলে।

মই ভাবি লৈছিলোঁ “মায়ে জীয়াই থাকিবলৈ শিকাই মোৰ পৰা আঁতৰি গ’ল আৰু পৰিনীতাই মৰিবলৈ শিকাই গ’ল।মাৰ স্মৃতি বেদনাসিক্ত হলেও বিৰহৰ নহয় কিন্তু পৰিনীতাৰ স্মৃতি বিষাদৰ,বিৰহৰ।তা
ইৰ প্ৰতাৰণাৰ কাৰণ কিমান ডাঙৰ নাজানো কিন্তু তাইক অভিশাপ দিয়াৰ কথা ভবা নাই।তাই সুখী হওক।”
বর্ণালীৰ দুচকুৰে বাগৰি অহা চকুপানী কেইটোপাল উৰুণাখনে সংগোপনে মোহাৰি পেলালে।বুকুখনত বাঢ়ি অহা ঘন উশাহবোৰে তাইক কষ্ট দিছে।মুখখন সোপা মাৰি ধৰি আছে তাই।
“এইয়া চাহ ল” শিখাই চাহকাপ আগবঢ়াই দিলে।বর্ণালীয়ে ওঁঠদুটি কামুৰি উচুপি উঠিল।
-আৰে আৰে বর্ণালী কি হ’ল তোৰ?নকৱ কিয়? কি হ’ল?
-পৰীনীতা…পৰীনীত
া…
-পৰীনীতাৰ আকৌ কি হ’ল?
-পৰীনীতা মোৰ বাইদেউ হয়।
-কি?
মৌন হৈ ৰ’ল পৰিবেশটো।মাজে মাজে বর্ণালীয়ে উচুপি আছে।
“এদিন মই বা’ক কৈছিলো, মই বিকাশ দাক বহুত ভাল পাওঁ।তেওঁ কেৱল মোৰ হোৱাটো বিচাৰোঁ।তাই কৈছিল “চিন্তা নকৰিবি এদিন নহয় এদিন বিকাশ তোৰেই হ’ব”
বিকাশ দা যে বা’ৰ প্ৰেমিক মই মুঠেই গম পোৱা নাছিলোঁ।”

বিচনাৰ গাৰুটোত মুখখন গুজি বর্ণালীয়ে উচুপি থাকিল।নিথৰ হৈ ৰ’ল শিখা।

বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে মাহেকীয়া আলোচনী 'মায়া' নবেম্বৰ (২০১৫) সংখ্যা আৰু 'গণঅধিকাৰ'ৰ কাকতৰ 'সাহিত্য' পৃষ্ঠাত ২৩/০৮/২০১৫(দেওবাৰ)প্ৰকাশিত গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।