সহযাত্ৰী

যোৰহাট অভিমুখী ট্ৰেভেলাৰখনত উঠো মানে পূৱা ন মান বাজিছিল।শাওণৰ মাহ।চিপিচিপ কৈ বৰষুণজাক পূৱতি নিশাৰে পৰা সৰি আছে।মাজে কিছু ক্ষান্ত হয় যদিও সেইয়া ক্ষণস্থায়ী।সময়ে
সময়ে চেঁচা বতাহ এজাকে গাটোক শীতল কৰি পেলায়।মা-দেউতাক পথাৰতে এৰি থৈ আহিছোঁ।ভাগ্য ভাল মোৰ কৃত্ৰিম বাহানাবাজিখিনিক তেওঁলোকে বিশ্বাস কৰিলে।মানিছো যেনিবা মই প্ৰয়োজনবশত তেওঁলোকক মিছা কথা কৈ উলাই আহিছোঁ কিন্তু উপায়োতো নাই।কি সাহসেৰে কওঁ, এইজাক বৰষুণৰ মাজতে ডিব্ৰুগড়ৰ পৰা যোৰহাটত গৈ ছোৱালী লগ কৰোঁগৈ বুলি।
অবন্তিকাক লগ কৰিবলৈ ইয়াৰ আগতেও কেইবাবাৰো যোৰহাটলৈ গৈছোঁ।কিন্তু প্ৰতিবাৰৰ উৎসুকতা আৰু অফুৰন্ত হাবিয়াসখিনিৰ পৰিৱর্তে এইবাৰ কিন্তু হৃদয়খনত গধুৰ বেজাৰ এটা কঢ়িয়াই নিছো যেন লাগিছে।আনদিনা হোৱাহ'লে অবন্তিকাই বাৰে বাৰে ফোন মাৰি থাকিলেহেঁতেন।"ক
'ৰ পালাহি? সোনকালে কৰা।"
ট্ৰেভেলাৰখন ধুমুহাৰ দৰে আগবাঢ়িছে।সমুখত উন্মুক্ত খিৰিকীখন।পর্দাখ
ন মেলি দিলোঁ।আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপালবোৰে যেন মোকেই আক্ৰমণ কৰিবলৈ বাৰে বাৰে প্ৰয়াস কৰি আছে আৰু প্ৰতিবাৰেই ফ্লাইবাৰ সংমিশ্ৰিত গ্লাছখনত ঠেকা খাই য'তে ত'তে চিটিকি পৰি বিফলতা আৰু নিৰাশাৰে চিঞৰি উঠিছে।
অবন্তিকাই বৰষুণ ভাল পাই।হয়তো মোতকৈয়ো বেছি।যি ভালপোৱা হয়তো অবন্তিকাৰ সতে আজীৰ্ৱন থাকি যাব।বৰষুণজাক সৰি পৰিলেই বাহিৰলৈ আহি তিতিব।গাৰ কাপোৰখিনি তিতি গাটোত লিপিত খাই পৰিব।বৰষুণজাক দুষ্ট হ'ব হয়তো মোতকৈ বেছি নহ'ব পাৰে।কিন্তু কেতিয়াবা হয়তো অবন্তিকাৰ শিৰত অংকিত সেন্দূৰৰ লাহি পাপৰিটো বিযপি পৰিব দুগাললৈ।সেন্দূৰ
ৰ বিয়পি পৰা ৰঙবোৰ যেন কেতিয়াও তেজৰ দৰে চিৰস্থায়ী নহওক।
"অকণমান কাষলৈ গৈ দিব নে প্লীজ।ই আক কোচত নবহে"- পাতলকৈ হাঁহি এটি মাৰি মানুহগৰাকীয়ে কোৱা অনুৰুধসনা কথাখিনিত মই বাস্তৱলৈ ঘূৰি আহিলোঁ।
"হয় হয়" মই খিৰিকীখনৰ কাষৰফালে নিজৰ গাটোক হেঁচা এটা মাৰি সামান্য খালী ঠাই অলপ উলিয়াই বহিবলৈ দিলোঁ।
সৰু ল'ৰাটো মোৰ ওচৰতে বহিল।সিটো মূৰত মানুহগৰাকী।
বিয়াত বহা বেছি দিন হোৱা নাই চাগে।বয়সো টানি টুনি তেইছ-ছৌব্বিছ বছৰমান হৈছে।মূৰৰ চুলিকোছা ককাল পাইছেগৈ।কপালত দুই এডাল অলকা।অলপ সময়ৰ বাবে এনেকুৱা লাগিল যেন এইজনী আন কোনো নহয় ; মোৰ অবন্তিকা।অবন্তি
কাই বিয়াত বহিব।মোক এৰি আনৰ হ'বগৈ।যদি কেনেবাকৈ বিয়াৰ দুই তিনিবছৰৰ পাছত এনেকৈয়ে অবন্তিকাক লগ পাওঁ হয়তো এনেকুৱাই লাগিব।
শিৰত সেন্দূৰ নথকা কথাটোক লৈ সকলো ভাবনা অথলে যোৱা যেন লাগিল।হয়তো ছোৱালীজনী মুছলমান।
:আপুনি ক'লৈ যাব?-ছোৱালীজনীয়
ে মোক আগবাঢ়ি সুধিলে।
: অ' মই যোৰহাটলৈ যাওঁ।আপোনালোক পিছে? - মই সুধিলে।
:আমি ঘৰলৈ যাওঁ আংকল।-মাজত বহি থকা সৰু ল'ৰাটোৱে ক'লে।
:বাইদেউ ঘৰলৈ যাওঁ।ই মোৰ বাইদেউৰ একমাত্ৰ ল'ৰা।ইয়াক থৈ আহো লগতে ফুৰিও আহো।-হাঁহি হাঁহি ছোৱালীজনীয়ে ক'লে।
আও! ছোৱালীজনীৰ চঞ্চলতাক দেখি তবধ মানিলো।অচিনাকী ল'ৰা এটাৰ লগত এনেকৈ আগবাঢ়ি মাত দিব পাৰে নে কোনোবাই।
কিবা এটা কওঁ বুলি লওঁতেই টীয়কত ট্ৰেভেলাৰখন ৰৈ গ'ল।
"আপুনি যাব।ব'লা বেটা"
ল'ৰাটোক দাঙি লৈ ছোৱালীজনী নামিল।হাঁহি এটি মাৰি সিহঁতক বিদায় জনালোঁ।

কথা মতেই চুপাৰ মার্কেটৰ নিদিষ্ট ৰেষ্টুৰেণ্টখনৰ ভিতৰত অবন্তিকা বহি আছে।কিমান সময় বহি আছে? হয়তো বহু সময়।পৰঠাৰ দৰে ফুলি থকা মুখখনৰ পৰাই অনুমেয়।
অভিমান নে আন কিবা? অভিমান যদি কিহৰ অভিমান? এতিয়া আৰু অভিমানৰ সময় নাই।মই ভাবিছিলোঁ মোক দেখাৰ লগে লগে অবন্তিকাই উচুপি কান্দিব কিন্তু ব্যতিক্ৰমী অবন্তিকাৰ ব্যতিক্ৰমী আচৰণ।
-কি হ'ল? ইমান দেৰি কৰিলা যে।ঘৰত কাম বহুত আছে।
-ময়ো ইয়াত টাইম পাছ কৰিবলৈ অহা নাই।ঘৰৰ পৰা কাম বন এৰি আহিছোঁ।
-হ'ব হ'ব।কি এইবোৰ?
-এইবোৰ কি ঘৰত চাবাগৈ।এতিয়া লোৱা।
কার্টুন বক্সৰে পেক কৰা টোপোলাটো অবন্তিকালৈ আগবঢ়াই দিলোঁ।তাই তাতেই খুলি চাবলৈ ধৰিলে।তাত যি আছে সকলোকেইটা তাইৰেই।ডায়েৰীখন
, উপন্যাস দুখন, ঘড়ীটো আৰু কিবা কিবি।
"বাহ! এইবোৰচোন দোকানত দিব পৰা কৰি থৈছা।" কৃত্ৰিম হাঁহি এটি মাৰি তাই ক'লে।আচলতে তাই দিয়া এপদো বস্তু মই আজিলৈকে ব্যৱহাৰ কৰি নাইপোৱা।
-মই যাওঁ এতিয়া।
-অকে।তুমি দিয়া বস্তুবোৰ ঘূৰাই দিব নোৱাৰিলোঁ।তাৰ বাবে বেয়া নাপাবা।
-ইটচ্ অকে।বেষ্ট অৱ লাক ফৰ ইয়ৰ আপকামিং নিউ লাইফ।
-তুমি ইমান নিষ্ঠুৰ কিয় হৈছা ৰাগ? তাকো মোৰ বাবে।তুমি চাগে ভাবিছা মই বৰ চখত বিয়াত বহিছোঁ কিন্তু আচলতে মই নিজকে শেষ কৰিবলৈ গৈ আছোঁ।মোৰ মন,হৃদয় সকলো তোমাকে দি থৈছোঁ পাৰা যদি সেইবোৰো ঘূৰাই দিয়া।
-তোমাৰ ফিল্মী ডাইলগবোৰ শুনি থকাৰ ইচ্ছা মোৰ সমূলি নাই।
কথাষাৰ কৈয়ে মই ৰৈ থকা বাছখনত উঠি বহিলোহি।এবাৰো উভটি নাচালোঁ অবন্তিকালৈ।এবছৰ
আগতে এইজনী ছোৱালীক ইমান ভিৰৰ মাজত এৰি দিবলৈ ভয় লাগিছিল।অনবৰতে হাত এখনত খামুচি ধৰি ঘূৰি ফুৰিছিলোঁ।সচাঁকৈয়ে অবন্তিকাজনী বৰ আকৰি,সৰল।বেগটোৰ পৰা চশমাযোৰ উলিয়াই চকুযুৰিৰ সমুখত আঁৰি ল'লোঁ।চকুপানীবোৰ অৱধাৰিত ভাবে ব'বলৈ ধৰিছে।বাছখন কেতিয়ানো চলি আহিল গমকেই নাপালোঁ।অবন্তিকাক বহু দূৰত এৰি আহিলোঁ।কি কৰিছে তাই এতিয়া? বৰষুণজাকৰ গতি লাহে লাহে বাঢ়ি আহিল।ভয় লাগিছে; অবন্তিকাৰ যদি কিবা হয়।চকুৰ আগত অবন্তিকাই কান্দিছে, হাঁহিছে,অভিমান কৰিছে। আস! বুকুখন বিষাইছে।হৃদয়খন কিয় অবন্তিকাক গতাই থৈ নাহিলোঁ।
সন্ধিয়া ছয়মান বজাত ডিব্ৰুগড় পালোহি।পৰিবহন বিভাগৰ বাছখনৰ পৰা মানুহবোৰ নামি ঘৰাঘৰি হৈছে।বৰষুণজাক এতিয়াও পাতলৈ চিপ চিপকৈ সৰি আছে।নিজকে যেন ভীষণ শূণ্যতাৰ মাজত আবিষ্কাৰ কৰি পেলাইছোঁ।লাইটৰ পোহৰত জিলিকি থকা কৃত্ৰিম গতানুগতিক, ব্যস্ততাময় চহৰৰ ৰাজপথেদি মই খোজ দিছোঁ।হাই-হুলস্
থূল, জনবহুলতাৰ মাজত কিয় জানো অকলশৰীয়া যেন লাগিছে।
"ৰাগ" শব্দটো অহাৰ দিশত পাছলৈ ঘূৰি চালোঁ।অবন্তিকা ৰৈ আছে পাছত।
"ক'ত এৰি থৈ আহিছিলা মোক অকলে? ভাবিছিলো আমি একেলগে আজি যুৰীয়া নামঘৰলৈ যাম।সেৱা কৰিম। কিন্তু সুযোগেই নিদিলা তুমি।" ভাগৰত তাইৰ কথাবোৰ আৰু খৰকৈ ওলাইছে।
-অবন্তিকা তুমি এইয়া কি কৰিলা?
-তোমালৈ পলাই আহিলোঁ।তোমালোকৰ
ইয়াতো ইমান ডাঙৰ টাউন আছে।ইমান ভীৰ।ভয়ে লাগে মোৰ।ক'ৰবাত যদি হেৰাই যাওঁ।কিন্তু তোমালোকৰ ইয়াত নামঘৰ আছে নাই? ব'লাচোন তাত বহোঁগৈ।
-আৰে আৰে ক'ত গৈছা সেইফালে? চাওঁ হাতখন দিয়া।
অবন্তিকাৰ মুখলৈ চালোঁ।হাঁহি হাঁহি তাই অনর্গল বলকি আছে।অথনিৰ কৃত্ৰিম হাঁহিটোতকৈ এই হাঁহিৰ আকাশ-পাতাল প্ৰভেদ।এই হাঁহি প্ৰাপ্তিৰ।এই হাঁহি মিলনৰ।এই হাঁহি নির্ভয়ৰ।এই হাঁহি সুৰক্ষাৰ।এই হাঁহি স্বাধীনতাৰ।এই হাঁহি মোৰ সহযাত্ৰীৰ।