মৰমৰ অনুলেখা

মৰমৰ অনুলেখা
আশা কৰো তুমি কুশলে আছা।
ওঁহো মই কুশলে থাকিব পৰা নাই,
মোৰ দৰে ডেকা ল'ৰাৰ
সেই একেই ভাষা,
একেই বেথা।
গতানুগতিক জীৱনটোত নিজকে ব্যস্ততাৰে মেৰিয়াই লৈ
যান্ত্ৰিকতাৰ পংকিল পথত
কিমানদূৰ আগবাঢ়িছোঁ
সেইয়া নোহোৱা নোপজা কথা।
হুম...
এবুকু অনাকাংখিত আশা,
নিৰৱতাৰ নিৰিবিলি পচোৱা,
পাৰ হৈ যোৱা নিজান দূপৰীয়া,
আকাশভৰা জোনাকী সন্ধিয়া
আৰু
বৰষুণে আমনি কৰা নিশা
এইবিলাকেইতো মোৰ সম্প্ৰতি
উশাহ-নিশাহ, হুমুনিয়াহ, অথবা সমনিয়াহ।

এই উচুপিছা?
শুনাচোন,
আনবোৰৰ দৰে মই
ছিগাৰেটৰ ধোঁৱাৰ কুন্দলিত
জীৱনক নুৰিয়াই থ'বলৈ শিকা নাই,
সুৰাৰ ৰাগিত মাতাল হৈ
নিসঃগতাৰ ক্ষণবোৰ উদযাপন কৰিলৈকো লোৱা নাই।
তোমাৰ বুকুত থোপ খাই থকা
আলফুলীয়া মৰমবোৰৰ দৰেই
প্ৰতিশ্ৰুতি বোৰ সযতনে ৰাখিছোঁ।
মই আকৌ যাম অনুলেখা
সৰাপাতত বসন্তৰ বতৰা আঁকি
তোমালৈ নিম জোনাকীৰে থোপা বন্ধা
এপাহি শুকুলা কপৌ
অনুলেখা তুমি কুশলে থাকা।