বাগদত্তা

এইকেইদিন মা আৰু বৌৰ মুখত অনবৰতে একেকেইটা কথাৰে পুনৰাবৃত্তি ঘটি আছে।তেওঁলোকৰ কাষত উপস্থিক হ'লেই বিশেষ ভংগীমাত কোৱা কথাখিনিয়ে মোক বিৰক্ত কৰি তোলে।
"দেখাত অপেশ্বৰী যেন লাগে, পঢ়াই-শুনাই,কামে

কাজে গুনী ছোৱালী।পৰিয়ালৰ মানুহখিনিকো বেচ ভাল লাগিল।মনে মিলা মানুহ।তেনে পৰিয়ালৰ তেনে ছোৱালী এজনীক মোৰ ঘৰৰ বোৱাৰী কৰিব পাৰিলে মই নথৈ সুখী হ'ম।"---মায়ে কোৱা কথাখিনিত সহাঁৰি জনায় বৌয়ে মোক উদ্দেশ্যি কয়,
"মাক বাপেকৰ আশাবোৰক পূর্ণতা দিয়াটো সন্তানৰ দায়িত্ব।তাতে এই আশাবোৰতো তোমাৰ জীৱনৰ হিতার্থেহে চিন্তা কৰা হৈছে।জীৱনটো আৰু কিমান দিন অকলে অকলে উদযাপন কৰিব পাৰিবা? এদিন সংগী এজনৰ প্ৰয়োজনীয়তাক নিজেই স্বীকাৰ কৰিব লাগিব।"
"তোমালোকে মোক নীতিশিক্ষা দিব নালাগে।জীৱন আৰু জীৱনসংগীৰ বিষয়ে ভালকৈয়ে জনা আছে।মন গ'লে ক'ম বাৰু দেই।"
ভাতকেইটা লৰালৰিকৈ গিলি পাকঘৰৰ পৰা ওলায় আহিলোঁ।মায়ে কিবা ক'ব খুজিছিল।বৌয়ে কথাৰ প্ৰসংগ সলায় মাক বাধা দিলে।প্ৰজেক্টৰ ফাইলটো লৈ বাইক ষ্টার্ট দি ডিব্ৰুগড়স্থিত অফিচৰ দিশে অগ্ৰসৰ হ'লোঁ।
ভালপোৱাত বিচ্ছেদ একো নতুন কথা নহয় কিন্তু মাহঁতক বিয়াৰ বাবে মই সন্মতি দিয়া আৰু প্ৰহেলিকাৰ ভালপোৱাক প্ৰতাৰণা কৰা একেই কথা হ'ব।কৈছিলোঁ,কেই
বাবাৰো কৈছিলোঁ, "সময় পালে কেতিয়াবা কলেজৰ পৰা বাহিৰে বাহিৰে আমাৰ ঘৰৰফালে এপাক মাৰিবা।অকলে যাব নালাগে। জুৰি নতুবা প্ৰিয়ংকাক লগত লৈ যাবা।মোৰ বিশ্বাস আছে তোমাক মাহঁতে পচন্দ কৰিব।" নাই নগ'ল।ভয় লাগে, লাজ লাগে।থাওক সময় আহিলে এদিন নিজেই মাহঁতক ক'ব লাগিব।
আচল কথাটো হ'ল বৌক মায়েই পচন্দ কৰি দাদালৈ বিয়া কৰাই আনিছিল।সঁচাকৈয়ে
মাৰ পচন্দক সলাগিবলগীয়া।বৌৰ দৰে মই দ্বিতীয় গৰাকী নাৰী আজিলৈকে দেখা নাই।সঁচা অর্থত নাৰী বুলি ক'লেই বৌ লৈ মনত পৰে।
ঘৰখনত কথাটো ওলোৱাৰ দিনাই প্ৰহেলিকাক জনাইছিলোঁ।ক'ৰ ছোৱালী? দেখিবলৈ কেনেকুৱা? কি কৰে? ইত্যাদি ধৰণৰ অভিমানসনা ভাষাৰে প্ৰহেলিকাই প্ৰশ্নবোৰ সুধি গৈছিল।মই উত্তৰ দিবলৈ অসমর্থ হৈছিলোঁ।প্ৰহেলি
কাক কিছু নিৰাশ হোৱা যেন লাগিছিল।পিছমুহূর্ততে তায়ো কৈ দিছিল, "আমাৰ ঘৰতো মোৰ বিয়াৰ বন্দোৱস্ত কৰাৰ কথা ওলাইছে।মই কিন্তু একেসুৰে প্ৰত্যাখান কৰি দিছোঁ।আমাৰ সম্পর্কৰ কথাও স্বীকাৰ কৰিছোঁ।কাৰণ মই তোমাক হেৰুৱাব নুখোজোঁ অবিনাশ।"
বাধাৰ প্ৰাচীৰখন বৰ বেছি ওখ নহয়।সুযোগৰ আঁৰ লৈ কেতিয়াবা প্ৰহেলিকাক নিজৰ কৰি ল'ব পাৰোঁ কিন্তু তেনে কৰিলে মায়ে আঘাট পাব।ভাবিছিলোঁ সময়ত মাক প্ৰহেলিকাৰ কথা ক'ম কিন্তু ভয় লাগে যদিহে মাই প্ৰহেলিকাক গ্ৰহণ নকৰে।প্ৰহেলিক এই চহৰৰে সম্ভ্ৰান্ত ব্যৱসায়ী সৌৰভ চলিহাৰ একমাত্ৰ দুহিতা।প্ৰহেলিক
াৰ জীৱনত আধুনিকতাৰ চাপ অলেখ।সেইখিনিকে যদি মায়ে সহজে মানি নলয়! মই জানো প্ৰহেলিকাই মোৰ সৈতে সুখৰ সংসাৰ এখনৰ সমভাগী হ'ব পাৰিব কিন্তু মা আৰু বৌৰ সতে খোজত খোজ মিলাব পাৰিবনে?পাৰিবনে তাই মেখেলা চাদৰ পিন্ধি ঘৰুৱা কাম কাজত অভস্থ্য হ'ব! আকাশত চাং পতা কথা যেন লাগে।আৰু প্ৰহেলিকাৰ সেইখিনি দক্ষতা আছে যদিও নাজানোঁ।আচলতে তেনেকুৱা কথাবোৰ আমাৰ গভীৰ সম্পর্কটোৰ মাজত প্ৰশ্ৰয় দিয়াই হোৱা নাছিল।
অফিচৰ পৰা উভটিয়েই মাহঁতৰ আগত সকলো অৱগত কৰিম ।মোক পাবলৈ প্ৰহেলিকাই বোধহয় সিমানখিনি কষ্ট বহন কৰিব পাৰিব।বাপেকৰ অভিজাত্যৰ পৰিসীমাত কিমান দিন নো জাকজমকতাৰে দিনবোৰ উদযাপন কৰি থাকিব!

সন্ধিয়া ছয়মান বজাত ঘৰ পালোহি।টেবুলতে প্ৰহেলিকাৰ ফটোখন দেখি আচৰিত হ'লোঁ।এইখন আকৌ কৰপৰা ওলাল? মাহঁতে দেখা নাই তো? ভুলবশত নিজেই ফটোখন উলিয়াই থৈছিলো চাগে।সাবধানে ফটোখন ডায়েৰীৰ পাতত আৱদ্ধ কৰি ৰাখিলোঁ।
বৌয়ে দিয়া চাহ জলপান খালোঁ।মাহঁত তেতিয়া চোতালতে বহি আছিল।কিছু সময়ৰ পাছতে দাদাও আহি ওলালহি।মই সাহসেৰে কথাবোৰ কৈ গ'লোঁ।শেষত মায়ে ক'লে,"দেখা যাব ছোৱালী পচন্দ হ'লে তাইকে আনিম।ফটো চটো কিবা ৰাখিছ যদি দেখুৱাচোন!"
মই খৰধৰকৈ ডায়েৰীৰ পৃষ্ঠাৰ মাজৰ পৰা প্ৰহেলিকাৰ ফটোখন আনি বৌৰ হাতত গুজি দিলোহি।বৌয়ে ফটোখন চাই হাঁহিলে, "কি যে ধেমালি কৰা অবি"
ফটোখন মালৈ আগবঢ়াই দিয়া হ'ল।এইবাৰ মায়ে চালে।
"গৰু এইখন আমি চাই অহা জনীৰ হে ফটো।অথনি বোৱাৰীক দি তোৰ টেবুলত ৰাখি থ'বলৈ কৈছিলোঁ"
মই মাৰ হাতৰ পৰা ফটোখন লৈ আৰু এবাৰ ভালকৈ চকু ফুৰালোঁ।পৰিস্থি
তিৰ মেৰপাকত প্ৰহেলিকাকে ভালকৈ চিনিব পৰা নাইচোন।হয় এইজনী প্ৰহেলিকাই হয়।
সম্পূৰ্ণকৈ পঢ়ক »

জীৱনৰ আঁৰে আঁৰে

চাপৰিটোৰ সিপাৰে হালি জালি থকা কঁহুৱানি ডৰাৰ ফাঁকেৰে হেঙুলীয়া বেলিটো ক্ৰমশঃ ডুব গৈছে।গাঁৱখনৰ পূৱফালে থকা প্ৰকাণ্ড বুঢ়া আঁহতগোপাৰ সুৰুঙাইদি জোনালীৰ জোনটো ভাহি আহিছে।আদিগন্তজু
ৰি আকাশখন লাজুকী তৰাৰে ভৰি পৰিছে। আকাশেদি অচিনাকি চৰাইকেইজাকমান হুৰহুৰাই পাৰ হৈ গ'ল।বিলৰ মাজৰ পুখুৰীৰ পাৰত জুপ লৈ বহি থকা কনামুছৰী কেইজনী এইমাত্ৰ বৰদেউতাহঁতৰ বাঁহনী বাৰীখনত পৰিছেহি। মাক পদুলিমূৰত ৰৈ থকা দেখিলোঁ।বোধহয় দেউতা কামৰ পৰা উভতা নাই! “যাহ যাহ, সোনকালে ব'ল।মাৰে কেতিয়াবাই আহি পাগুলিয়াই আছে, ব'ল তোৰ বাবে সিবেলিতে পুখুৰীৰ পাৰৰ পৰা দলঘাঁহ আনি থৈছো " মোৰ আগে আগে আহি থকা কজলাই নঙলামুখতে ৰৈ মোলৈ ৰৈ থকা দেখি তাক মাত দিলোঁ।মোৰ মাত শুনি সি আগবাঢ়িল।তাক গোহালিত বান্ধি ভঁৰালৰ গান্ধৈৰ পৰা ঘাঁহসোপা আনি খাবলৈ দিলোঁ।মাকে-পুতেকে খুব হেঁপাহেৰে খাবলৈ ল'লে, সিহঁতক খোৱা দেখি মনটো ভাল লাগি গ'ল।সিহঁতক গোহালিত বান্ধি আল-পৈচান ধৰাৰ পৰ্বটো শেষ কৰি থৈ আহো মানে সন্ধিয়া ছয়মান বাজিলেই।মা তেতিয়াও পদুলীমূৰতে।ভণ্টিয়ে ভিতৰত প্ৰাৰ্থনা জুৰিছে।পাঁচবছৰ বয়সতে ককাই স্কুলত নামভৰ্তি কৰি থৈ আহিবৰ দিনা সন্ধিয়া আইতাই মামণোক প্ৰাৰ্থনা গাবলৈ শিকাইছিল।তাৰ পাছৰ পৰাই তাই সদায় কিতাপৰ টেবুলত বহি প্ৰাৰ্থনা কৰি আহিছে।পৰিৱৰ্তন মাথোঁ এইখিনিতে, সৰু হৈ থাকোতে খুব সৰলভাবে প্ৰাৰ্থনা গাইছিল আৰু এতিয়া খুব গভীৰভাবে গাই।
ভৰি হাত কেইটা ধুই আহোমানে দেউতা আহি পালেহি।চোতালতে বহি দেউতাৰ সতে চাহ খালোঁ।
“মামুনুৰ এডমিশ্যনৰ বাবে টকাকেইটামান কম হৈছে, তোৰ ওচৰত আছে যদি দিবি, দৰমহা হ'লে ঘুৰাই দিম"-দেউতাই বহি থকাৰ পৰাই মোক উদ্দেশ্যি কথাষাৰ ক'লে।
“কিমান টকাৰ প্ৰয়োজন হৈছে দেউতা?”-মই ক'লোঁ।
-পোন্ধৰশ মান লাগে।
-মোৰ ওচৰত সিমাননাই।
“কিয় পৰীৰ বাপেকক টিউচনৰ ফিচ খোজা নাই নেকি?”-কাষতে বহি থকা মায়ে মাত লগালে।
“আজি খুজিব লাগিব মা"- মই ক'লোঁ।
আমাৰ ঘৰৰ পৰা পৰীহঁতৰ ঘৰলৈ বেছি দূৰ নহয় যদিও পোন্ধৰ বিশ মিনিটৰ বাট।পৰী মোৰ লগৰ অনামিকাৰ ভনীয়েক।এইবাৰ নৱম শ্ৰেণীলৈ উতীৰ্ণ হৈছে।পৰীৰ দেউতাক আমাৰ গাঁৱৰে এল পি স্কুলখৰ প্ৰধান শিক্ষক।ক' শ্ৰেণীৰ পৰাই মোক পঢ়াইছিল সেয়েহে পৰীক টিউচন কৰা তিনিমাহৰ মাচুল লোৱাই হোৱা নাই, সুধিলে একেসুৰে কৈ পেলাওঁ, “এতিয়া নালাগে ছাৰ; প্ৰয়োজন হ'লে নিজেই জনাম" । এতিয়া প্ৰয়োজন হৈছে যেতিয়া খুজিবই লাগিব।আশা কৰোঁ আজি মোক নিৰা নকৰে।
অনামিকা আৰু মই সৰুৰে পৰা একেলগে পঢ়া।শেহতীয়া ভাবে আমি একেখন কলেজৰ পৰাই ডিগ্ৰীধাৰী হ'লোঁ।অনামিকাই সমসাময়িকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত।ঘৰৰ অৰ্থনৈতিক সমস্যাৰ বাবে মোৰ পঢ়া সামৰিব লগীয়া হ'ল।যিমান যি হওক ল'ৰা হিচাপে অনামিকাতকৈ মোৰ জীৱনটো বহুগুনে সুকীয়া।নাৰীয়ে জীৱনক লৈ কি আৰু কিমান চিন্তা কৰে ভালকৈ নাজানিলেও এটা কথা জানো পুৰুষতকৈ বহু ভিন্ন।তেওঁলোকে জীৱনটো উপভোগ আৰু উদযাপন কৰিব বিচাৰে কিন্তু আমি জীৱনটোক পাৰ কৰি জীয়াই থকাৰ কথা ভাবোঁ।নাৰীৰ বিষয়ে জানিবলৈ নাৰীক যে অধ্যয়ন কৰিব লাগিব তেনে কোনো কথা নাই কিন্তু এটা কথা ঠিক যে নাৰীৰ মনক বুজিবলৈ কোনো নাৰীৰ নিবিড় সান্নিধ্য নিতান্তই প্ৰয়োজন।আৰু মইতো জীৱনক বুজিবলৈ লোৱাৰে পৰা অনামিকাৰ সান্নিধ্য পাই আহিছোঁ, অকলশৰে,গভীৰভাবে
,অন্তৰংগ হৈ।
তেওঁৰ সপোন আৰু মোৰ সপোন অভিন্ন যদিও হৃদয়খন প্ৰায় একে।
অনামিকাই প্ৰায়ে কয়, “মন আৰু হৃদয়ে বিচৰাজনক লগত লৈ পৃথিৱীৰ সমস্ত সুখ জয় কৰি
জীৱনটো জীয়াই থাকিবলৈ মন যায়।"
“তোমালোক প্ৰয়োজনাধিক আত্মকেন্দ্ৰিক।স
ুখেই জীৱনৰ প্ৰাপ্তি বুলি ভাবা আৰু নিজৰ চকুপানী কেইটোপালক পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি ভাবা!মই সদায় ভাবোঁ,মা-দেউতাৰ পৰিশ্ৰমখিনিয়ে সাৰ্থকতাৰ বাটত খোজ কেতিয়া পেলাব!ভণ্টিয়ে নিজৰ সপোনবোৰ আৰু সুখী জীৱনটোৰ সৈতে কেতিয়া একাত্ম হ'ব পাৰিব!”--মই কওঁ।
“তুমি বৰ নিষ্ঠুৰ ৰাগ, তোমাৰ জীৱনত মোৰ স্থান ক'ত?”--অভিমানী হৈ অনামিকাই কয়।
“স্থান কিয় লাগে! তুমিতো মোৰ জীৱন।"---মই কওঁ।
“হুঁহ"—অনামিকাই
লাজ কৰে
দেউতাই মাটি বাৰী বিক্ৰী কৰি হ'লেও এডমিশ্যন লোৱাৰ ব্যৱস্থা কৰি দিলেহেঁতেন কিন্তু মোৰ মনে নুকুলালে।দেউতাই
দৈনিক মজুৰি কৰি উপাৰ্জন কৰা টকাৰে আমাৰ চাৰিজনীয়া পৰিয়ালটো অভাৱহীন ভাবে চলি যায়।কিছু পৰিমানে খেতিৰ মাটিও নথকা নহয় কিন্তু প্ৰতি বছৰে বানপানীয়ে খেতি নষ্ট কৰে। অনামিকাৰ পৰা আঁতৰি জীৱনটোক গতানুগতিকতাৰে সাঙুৰি লৈছোঁ।চৰকাৰী চাকৰি এটা কিনিব পৰাকৈ হাতত টকা নাই।সদ্যসতে প্ৰয়াস নকৰা নহয়, কিন্তু কৰিনো কি পাইছোঁ!দূৰ্নীতিয়ে সাঙুৰি লোৱা সমাজ,সকলো টকাৰ পিছত দৌৰাত ব্যস্ত, চৰকাৰী আঁচনি সমূহ যে ৰুপায়ন কৰে তাৰ ফলত জনসাধাৰণ কিমান উপকৃত হয় নাজানো কিন্তু এচাম সুযোগবাদী নেতাই পেট ফুলাব পাৰে সেইটো খাটাং।কি সংগঠন, কি সংস্থা সকলো নিজৰ স্বাৰ্থ পূৰণতে ব্যস্ত।
আন্দোলনৰ নামত পথ অৱৰোধ,বন্ধ ঘোষণা কৰা,গাড়ী মটৰত জুই লগাই দিব পৰা,অফিচ কাচাৰী ভঙা এইবোৰতে ব্যতিব্যস্ত সাম্প্ৰতিক অসমৰ দল সংগঠন।এইবোৰ কাৰণতে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা লাহে লাহে তললৈ নামি আহিছে।অসমখনত এটাৰ পিছত এটা সমস্যা-বিদেশী সমস্যা,নদীবান্ধ
সমস্যা,চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ সমস্যা,অসমীয়াৰ সংজ্ঞা বিচাৰি সমস্যা মুঠতে চৌদিশে কেৱল সমস্যা আৰু সমস্যা।
কথাবোৰ ভাবি থাকোতেই অনামিকাহঁতৰ নঙলামুখ পালোগৈ।নঙলাডাল খুলিবলৈ লওঁতেই সিফালৰ পৰা ছাৰক আহি থকা দেখা পালোঁ।
“অ' ৰাগ আহিলা!ব'লা ব'লা, মই এই তোমাৰ শিখাহঁতৰ ঘৰৰ পৰা আহিলোঁ।এইমাত্ৰ শিখা হোষ্টেলৰ পৰা ঘৰ আহি পাইছেহি।আমাৰজনী
আকৌ কাইলৈহে আহিব বুলে।"--ছাৰে আগবাঢ়ি আহি ক'লে।
মই মূৰ দূপিয়ালোঁ মাথোঁ।মনটো ভাল লাগিল কথাটো শুনি।অনামিকাক লগ পাম বহুদিনৰ মূৰত।পৰীয়ে মাকৰ সৈতে চোতালতে বহি আছিল।বৰ মায়ে ভিতৰৰ পৰা মূড়া দুটা উলিয়াই আনি ছাৰ আৰু মোক আগবঢ়াই দিলে।অনামিকাৰ মাকক মই সৰুৰে পৰা বৰ মা' বুলি মাতোঁ।মোক খুব মৰম কৰে।
“পৰী আজি ক্লাছ নকৰোঁ। তুমি কিতাপ পঢ়াগৈ, ভিতৰলৈ যোৱা।"--কথাষাৰ ক'লত পৰী পঢ়াৰ টেবুলত বহিলগৈ।
“ছাৰ ভণ্টিৰ এডমিশ্যনৰ বাবে টকা দুহেজাৰ লাগিছিল।"--কিছু
সংকোচ কৰি কথাটো ক'লোঁ।
“পাবা কিয়নো নাপাবা,মইচোন তোমাক কৈয়ে থাকোঁ কিবা সহায় লাগিলে জনাবা।অ কাইলৈ আমাৰ মাজনী আহিব হেনো, ৰাগৰ সৈতে পদূলিত তাকে পাতি আছিলোঁ"--ছাৰে ক'লে।
“ভালেই হ'ব তাই আহিলে।এইবাৰ আহিলে হাঁহটো মাৰি খোৱাই পঠাব লাগিব।বাবা তুমি আক নহাকৈ নাথাকিবা।"--বৰ মায়ে মোৰফালে চাই ক'লে।
“হ'ব বৰ মা"—মই ক'লোঁ।
কিছু সময়ৰ পাছতে বৰ মায়ে পকা ভিমকলৰ সৈতে সনা ভঁজাপিঠাৰ গুৰি আনি চাহ-জলপান দি গ'ল।পৰীও আহি বহিল।তাই ইংৰাজীৰ কবিতা এটিও মুখস্থ মাতি শুনালে।চাহ-জলপা
ন খাই ছাৰৰ হাতৰ পৰা টকা দুহেজাৰ লৈ উভটিলোঁ।বৰ মায়ে ভাত খাই আহিবলৈ জোৰ কৰিছিল।মই মান্তি নহ'লোঁ।অৱশেষত ভিমকল এক আশি লৈ উভটিলোঁ।
কাইলৈতো অনামিকাক বাছ আস্থানৰ আগবঢ়াই আনিবলৈ ময়ে যাব লাগিব।ওঁ সম্পূৰ্ণ তিনিমাহৰ পাছত অনামিকাক দেখা পাম।

পূৱাতে ছাৰে হাতত বাতৰি কাকত এখন লৈ আমাৰ ঘৰলৈ আহিল।
“এইটো ৰাগৰ নাম নহয় নে?ৰাগ এইফালে আহাচোন, চোৱাচোন ইয়াত থকা ৰোল নাম্বাৰতো তোমাৰ হয় নাই?”--ছাৰে আহিয়েই পেপাৰখন দেউতাৰ আগত মেলি মোক সুধিলে।
মই পেপাৰখন হাতত লৈ ভালকৈ পঢ়ি চালোঁ।
হয় মোৰেই নাম, মোৰেই ৰোল নাম্বাৰ।২০১১ চনতে চিলঙত দি অহা বি এছ এফ ৰ ইণ্টাৰভিউৰ ফলাফল এইয়া।
অলপ পাছতে শিখাহঁতো আহি ওলালহি।শিখাৰ মাকে আহিয়েই মাক চিঞৰিলেহি,
“ শুনিছনে ৰাগৰ মাক, পুতেৰে চাকৰি পালে নহয়! আমাক পাৰ্টী লাগে"
সমাপ্ত।।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা ২-০৮-২০১৫(দেওবাৰ) তাৰিখে 'গণ অধিকাৰ' কাকতৰ সাহিত্য পৃষ্ঠাত প্ৰকাশিত। অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »

জীয়া কলিজাৰ আৰ্তনাদ

মেলি থোৱা খিৰীকিখনৰ ফাকেৰে পূৱাৰ এচেৰেঙা ৰ’দ আহি প্রবালৰ দুচকুত বাগৰি আমনি কৰিবলৈ ধৰিলে।ঘড়ীটোলৈ চায় দেখে ন’ বাজিলেই।হঠাতে তাৰ নিবেদিতালৈ মনত পৰিল।
“আজি তাইৰ বি এ ফাইনেল পৰীক্ষা। গ’লেই চাগে এতিয়ালৈ। তাক মাত এষাৰো লগায় নগ’ল।ফোন কৰি উঠাই দিব পাৰিলেহেঁতেন তাক।”কথাখিনি সি মনতে আঁওৰাই মুখত অভিমানেৰে ভৰা এটি ক্ষীণ খঙৰ প্ৰলেপে সানি লোৱাৰ দৰে হ’ল।অলপ সময় ৰৈ সি বিচনাত পৰি থকা ম’বাইলটো হাতত তুলি ল’লে।
ম’বাইলৰ স্ক্ৰীণত দপদপাই আছিল, পঁচিশটা মিছকল পাঁচটা মেছেজ।নিবেদিতাই

যেন খঙতে ৰঙাজনী হৈ তালৈ চাই আছে।ডিটেইলচত গম পালে পূৱা চাৰি বজাৰ পৰা ন’বজালৈকে তালৈ তাই ফোন কৰি আছিল।সি গম নাপালে।
“কালি মেডিকেলত কোন ঘৈণীয়েৰক লগ পাইছিলা? মা’ৰ খবৰ এটা লওঁ বুলি ভাবিলোঁ।না’ পুতেকৰ ম’বাইলেই অফ।”
“এতিয়া কি মূৰটো কৰি আছা?উঠা আক।”
“হ’ব হ’ব ভেকচনকে ধৰি থাকা।মই যাওঁ।পৰীক্ষা দি আহোতে বাহিৰে বাহিৰে মাক এপাক চাই আহিব লাগিব।তুমি উঠিবা।
“মই কলেজ পালোহি।ইউ উঠাই না হ’ব পাই।”
নিবেদিতাৰ মেছেজকেইটা পঢ়িলে সি।প্ৰান্ততঃ তাৰ ওঁঠদুটিৰ সৰুকৈ হাঁহি এটিয়ে চুই গ’ল।মূহুর্ত্বতে
ভাহি আহিল নিবেদিতাৰ অভিমানে ভৰি পৰা গোমোঠা মুখখন।
নিজৰ ওপৰতে খং উঠিল তাৰ।যোৱানিশা সি তাইক একেবাৰে গুৰুত্ব নিদিলে।কান্দি কান্দি টোপনি গৈছিল।তাইৰ ঠাইত সি হোৱা হ’লে কি কি যে গালি নাপাৰিলহেঁতেন ! দুদিনমা­নলৈকে ফোনেই ৰিচিভ নকৰিলেহেঁতেন চাগে।
অনুসূচনা হ’ল নিজৰ আঁকোৰগোজীয়া স্বভাৱটোলৈ।নিবে
দিতালৈ মেছেজতে কিবা এটা লিখি চেণ্ড কৰিলে সি।ফোন নকৰিলে।এতিয়া তাই পৰীক্ষাহলত পৰীক্ষা দি আছে নিশ্চয়।বিচনাখন ঠিক ঠাক কৰি বাথৰুমৰ পৰা টোথব্রাছডালত টোথপেষ্ট সানি বাহিৰলৈ ওলায় আহিল।চৌপাশে কেৱল বেলিটিৰ খিংখিঙীয়া ৰ’দটোৱে আৱৰি ধৰিছে।প্রবালহঁতৰ ঘৰৰ পৰিয়ালত সি,ভায়েক আৰু মা-বাপেক।ভায়েক ক’লেজলৈ গ’ল।যোৱা দুদিনধৰি মাকৰ বুকুৰ বিষ।যোৱাকালিৰ সন্ধিয়াতেই মাকক ডিব্রুগড়ৰ মেডিকেল কলেজত ভর্ত্তি কৰাইছেগৈ।সেইসূত্রে দেউতাক মাকৰ লগতে আছে।এতিয়ালৈকে ডাক্তৰে মাকৰ সঠিক ৰোগৰ বিষয়ে নিশ্চিত হ’ব পৰা নাই।প্রবালৰ নিজকে ভীষণ অকলশৰীয়া যেন লাগিল।পৰিবেশটো যিমানেই নির্জন হৈ পৰিছে সিমানেই তাৰ মনত কিছুমান কথাই বৰকৈ আমনি কৰি বিষাদময় কৰি তুলিছে।আনদিনে ইমান পৰত মাকে চাহ-ভাত খাবলৈ গালি পাৰি থাকে আৰু সি হেয়াৰফোনডাল লগায় নিবেদিতাৰ লগত কথা পাতি থাকে।
অথচ আজি এজনীও নাই তাৰ সতে।তাৰ জীৱনত দুগৰাকী নাৰীয়েই তাৰ বাবে সংগী,প্ৰেৰণা,উত
্সাহ­ সকলো ।মাক আৰু তাৰ প্ৰেমিকা নিবেদিতা।এই দুগৰাকীৰ­ অবিহনে তাৰ জীৱন যেন মৰুময় শূণ্য।এগৰাকীৰো অনুপস্থিতি তাৰ কাম্য নহয়।ৰেলৱে চাকৰিটো পোৱাৰ পাছৰ বছৰটোতে তাৰ মাক বাপেকে নিবেদিতাৰ মাক-বাপেকৰ সৈতে কথা পাতি অহা ব’হাগতে সিহঁতৰ বিয়াখন পাতি দিবলৈ ঠিক কৰি পেলাইছে।ব’হাগলৈ মাথোঁ আৰু দুমাহ বাকী।আঠবছৰ দিনে সি যিজনী ছোৱালীৰ প্রেমত হাবু কাবু হৈ আছিল সেইজনী নিবেদিতাক সি একেবাৰে নিজৰ কৰি ল’ব।অতি উত্‍চুকতাৰে অপেক্ষাৰত সিহঁত।
মুখ-হাত ধুই পোনচাতেই খোৱাৰ টেবুল পালেগৈ ।ভীষণ ভোক লাগিছে তাৰ। লাগিবইতো, যোৱানিশা মাত্ৰ একাপ চাহ খাইছিল তাকো কলেজৰে বান্ধৱী ডাঃ শিখা বৰুৱাৰ অনুৰোধত।ভায়েকে কলেজলৈ যাবৰ বাবে পৰঠা বনাইছিল হয়তো তাকে ৰাখি থৈছে ।পৰঠা আৰু আলু ভাঁজিৰ সংমিশ্রনৰ এটুকুৰা মুখত দিবলৈ লওঁতেই ফোনটো বাজি উঠিল।
—অ’ দেউতা কওক।
—তই কিবা এটা খালিনে ?
—ওঁ। ভাত খালোঁ।অনিচ্ছা সত্তেও দেউতাকক ভাল লগাবৰ কাৰণেই কথাষাৰ মিছাকৈ ক’লে।
—আপুনি কিবা খাবলৈ পাইছেনে তাত?
—অঁহটো কিয় নাপাম?তোৰ লগৰ শিখাই ৰন্ধা ভাত খাইছোঁ।যোৱানিশা
ভাত খাবলৈকে তাইৰ ৰুম পালোগৈ।বৰ ভাল ছোৱালী দেই।মানুহৰ দুখ-মন বুজি পায়। সেইবাবেই ডাক্তৰক ভগৱান বুলি কয়।অ’ মায়েৰাই বৰ বেছি ভাল পোৱা নাই।ডাক্তৰে দৰৱৰ লিষ্ট এখন আকৌ দিছেহি তই আহিলে ভাল আছিল। তই কালি ইয়াৰ পৰা যোৱাৰ পাছত শিখাই ফোন কৰিছিল।তোৰ আকৌ ম’বাইলেই চুইটচ্ অফ।
—ম’বাইলটোত বেটাৰীয়ে শেষ হৈ গ’ল।ঘৰত আহি চিধাই শুলোহি।নিবেদিতা
ইয়ো তাকে লৈ বেয়াই পাইছে।হ’ব বাৰু দেউতা।মই গৈ আছোঁ। আপুনি চিন্তা নকৰিব।
—অ’ বেচেৰীৰ আজি পৰীক্ষা।ভগৱানে মঙ্গল কৰক তাইৰ।তই ভালকৈ আহিবি।খৰখেদাখন নকৰিবি।প্রভাত কলেজ গ’লনে? পৰীক্ষা আছে ল'ৰাটোৰ।জানো কি হয়?
—দেউতা আপুনি সেইবোৰ বাদ দিয়ক সি এতিয়া সৰু হৈ থকা নাই। সি জনা বুজা ল’ৰা।
—হ’ব তই আহ।
প্ৰবালৰ মনটো বিষণ্ণতাৰে ভৰি পৰিল।মাকৰ প্ৰতি তাৰ চিন্তা দুগুনে বাঢ়িবলৈ ধৰিলে।পৰঠাৰ সেই টুকুৰাটোও থালিতে এৰি দুৱাৰখন লক কৰি সি বাইক ষ্ট্ৰাট দিলে।সিহঁতৰ ঘৰৰ পৰা মেডিকেললৈকে প্ৰায় ৩০ কিলোমিটাৰমান হ’ব।এইচোৱা বাট বাইকত ৬০ কিঃমিঃ বেগত গ’লে ৪০ মিনিট লাগেই।
প্ৰায় এঘাৰমান বজাত সি মেডিকেল পালেগৈ।লগে লগে দেউতাক আৰু ডাঃ শিখাক লগ কৰিলে।ডাঃ শিখাই কোৱা মতে, মাকৰ পৰিস্থিতি বিষম।ভালকৈ চিকিত্সা নকৰিলে দুই-এদিনতে মাকৰ মৃত্যও হ’ব পাৰে।ডাঃশিখাৰ অনুমতি ক্ৰমেই প্রবালে দেউতাকৰ পৰা দৰৱৰ লিষ্টখন লৈ ফার্মাচীকেইখনলৈ
ৰাওনা হ’ল।দুপৰীয়া ঠিত বাৰ বাজিছিল।নিবেদিতাৰ পৰীক্ষাও শেষ হৈছে চাগে ইতিমধ্যে! ফোন এটা কৰিম কৰিম বুলি ভাবিও কৰিব নোৱাৰিলে।সময়ৰ অজুহাত।পকেটৰ পৰা ম’বাইলটো উলিৱাবলৈয়ো এতিয়া তাৰ সময় নাই।নিবেদিতাই এই সময়ত একো গম নাপায় তাৰ পৰিস্থিতিৰ কথা ।বহুত দুখ পাব তাই।তাইক পাছত বুজাই ল’ব।
কথাবোৰ ভাবি ভাবি কেতিয়া ইমান ভিৰৰ মাজতো ফার্মাচীকেইখন পালেহি গমকে নাপালে ।দৰৱকেইটা লৈ যাবলৈ ওলাওঁতেই ফোনটো বাজি উঠিল।শিখা কলিং।
—অ’ কোৱা।
—তুমি পাৰিলে সোনকালে আহা।মা’ৰ অৱস্থা বৰ ভাল নহয়।
—গৈছোঁ গৈছোঁ।
ফোনটো কাটি লৈ পকেটত ম’বাইলটো ভৰাবলৈ লওঁতেই আকৌ ফোনটো বাজি উঠিল ।নিবেদিতা কলিং।
—কোৱা।
—হেল্ল।প্রবাল দা।মই মাইনীয়ে কৈছোঁ।
নিবেদিতাৰ সখীয়েকৰ মাতষাৰ সিমূৰৰ পৰা ভাহি আহিল।
—ওঁ।কি কোৱা! নিবেদিতা?
—মানে তাইৰ!
—কি হ'ল তাইৰ?
মাইনীয়ে একেসুৰতে কথাষাৰ ক’লে, “নিবেদিতাই স্কুটীখন লৈ কলেজৰ পৰা ওলাওঁতেই ট্ৰাক এখনে প্ৰচণ্ড খুন্দা মাৰিছে। বেয়াকৈ আঘাট পাইছে তাই।তাইৰ মুখত কেৱল আপোনাৰ নাম।আপোনাক বিচাৰিছে! আপুনি য’তেই আছে কলেজলৈ আহক সোনকালে।এম্বুলে
ঞ্চ আহি পোৱা নাই এতিয়াও।”
স্তব্ধ হৈ ৰ’ল সি।বিমোৰৰ দোমাজাত আৱদ্ধ এতিয়া প্রবাল। এফালে মেডিকেলত তাক জন্ম দিয়া মাকে মৃত্যুৰ সৈতে যুঁজি আছে। হয়তো হাতৰ এই দৰৱকেইটাই মাকক সুস্থ কৰি তুলিব পাৰে আনফালে তাৰ জীৱনৰ একমাত্ৰ সংগী হ’ব খোজা তাৰ প্ৰেমিকাইয়ো তাৰ নাম লৈ লৈ জীৱনৰ অন্তিম উশাহ লৈছে।কি কৰিব এতিয়া? উপায়হীন হৈ মৃণময়ে মনতে ক’লে “নিবেদিতা তুমি ক্ষমা কৰিবা।আজি মই স্বার্থপৰ হ’লোঁ।তোমাৰ বাবে আজি মোৰ সঁচাকৈয়ে সময় নাই । প্ৰচণ্ড বেগেৰে সি মেডিকেললৈ বুলি ৰাওনা হ’ল।মেডিকেল পাইয়েই পোনতেই মাকৰ ওচৰ পালেগৈ ।ডাঃ শিখাক দৰৱকেইটা দিলে।
“এতিয়া চিন্তা নাই তোমাৰ মা এতিয়া যথেষ্ট সুস্থ হৈছে। কাইলৈ মানে ঘৰলৈ যাব পাৰিব আৰু শুনা এটা গজগজীয়া ডেকা ল’ৰা থাকিও মা’ক বোৱাৰী এজনী আনি দিব নোৱাৰা নেকি?”—শিখাৰ
কথাবোৰ মাত্ৰ ভাহি আহি তাৰ কাণত পৰিল যদিও মুৰত একোকে নোসোমাল।তাৰ যেন চিন্তাশক্তি ক্ৰমশ নিশেষ হ’বলৈ ধৰিছে ।অলপ ইফাল সিফাল কৰি দৌৰ মৰাদি আহি বাইক ষ্ট্ৰাট দি সি নিবেদিতাহঁতৰ কলেজৰ দিশত অগ্রসৰ হ’ল।ইমান গাড়ী-মটৰ,হুলস্থ
ুলৰ মাজতো তাৰ কাণত কেৱল নিবেদিতাৰ মাতবোৰ ভাহি আহিল।দুচকুত নিবেদিতাৰ মুখখনিয়ে বাট আগুৰি ধৰিলেহি।প্ৰচণ্ড স্পীডত আহি থকা প্রবালে হঠাতে দিশহাৰা হৈ সন্মুখৰ ফালে আহি থকা এখন গাড়ীৰ লগত মুখামুখী খুন্দা খালেগৈ ।বাইকৰ চিতৰ পৰা ওফৰি ৰাস্তাৰ একাষত চিতিকি পৰিলগৈ সি ।তাৰ শৰীৰটো যেন কোনোবাই কাটি টুকুৰা-টুকুৰ কৰিলে। যেন উশাহ নিশা স্তব্ধ হোৱাৰ উপক্রম হৈছে।চকুকেইটা নামি আহিল।কাষতে দেখা পালে নিবেদিতাক।তাইৰ সর্বশৰীৰ তাৰ দৰেই তেজ আৰু তেজ।নিবেদিতাই যেন প্রবালক কিবা ক’ব খুজিছে।খুব কষ্ট কৰিও তাইৰ ওঁঠ দুটি মেল নাখালে।প্রবালে অস্ফুত শব্দৰে কিবা কৈছে।অৱশেষত ভাহি আহিল—“তোমাৰ সতে জীয়াই থকাৰ কথা আছিল কিন্তু আজি একেলগে মৰিবলৈ ওলাইছোঁ।” নিচেই কাষকে পৰি থকা নিবেদিতাই হাতখনেৰে প্রবালৰ হাতখন খামুচি ধৰি স্তব্ধ হৈ ৰ’ল।লগে লগে মৌন হৈ ৰ’ল প্রবাল।দুখন হৃদয় একেলগে যেন টোপনি গৈছে।চিৰপ্ৰশান্তিৰ সপোনৰ দেশলৈ।এহাল প্ৰেমিক-প্ৰেমিকাই যেন হাতে-হাত ধৰি সপোন দেখিব এতিয়া।
(হয় ঠিকেই, সেইদিনা নিবেদিতাৰ আঘাটপ্ৰাপ্ত দেহাটি মেডিকেললৈ লৈ অনা 108 এম্বুলেঞ্চখনতে গৈ প্রবালে বাইকৰ সৈতে খুন্দা মাৰিছিলগৈ ।গাড়ীৰ ডাইভাৰে জোৰেৰে ব্ৰেক মৰাৰ বাবেই গাড়ীখনো থিতাতে বাগৰি পৰিছিল হয়তো কেনেবাকৈ নিবেদিতায়ো ওলায় পৰিছিল গাড়ীৰ পৰা।)
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সম্পূৰ্ণকৈ পঢ়ক »

আই মিচ ইউ- অসমীয়া কবিতাৰ অডিঅ


কবিঃ সত্যজিত কাকতি
কণ্ঠঃ ল‌িপি দত্ত
আবহ সংগীত আৰু অলংকৰণঃ সত্যজিত কাকতি
সময়ঃ ২ মিনিট ৫২ চেকেণ্ড

সম্পূৰ্ণকৈ পঢ়ক »

সহযাত্ৰী

যোৰহাট অভিমুখী ট্ৰেভেলাৰখনত উঠো মানে পূৱা ন মান বাজিছিল।শাওণৰ মাহ।চিপিচিপ কৈ বৰষুণজাক পূৱতি নিশাৰে পৰা সৰি আছে।মাজে কিছু ক্ষান্ত হয় যদিও সেইয়া ক্ষণস্থায়ী।সময়ে
সময়ে চেঁচা বতাহ এজাকে গাটোক শীতল কৰি পেলায়।মা-দেউতাক পথাৰতে এৰি থৈ আহিছোঁ।ভাগ্য ভাল মোৰ কৃত্ৰিম বাহানাবাজিখিনিক তেওঁলোকে বিশ্বাস কৰিলে।মানিছো যেনিবা মই প্ৰয়োজনবশত তেওঁলোকক মিছা কথা কৈ উলাই আহিছোঁ কিন্তু উপায়োতো নাই।কি সাহসেৰে কওঁ, এইজাক বৰষুণৰ মাজতে ডিব্ৰুগড়ৰ পৰা যোৰহাটত গৈ ছোৱালী লগ কৰোঁগৈ বুলি।
অবন্তিকাক লগ কৰিবলৈ ইয়াৰ আগতেও কেইবাবাৰো যোৰহাটলৈ গৈছোঁ।কিন্তু প্ৰতিবাৰৰ উৎসুকতা আৰু অফুৰন্ত হাবিয়াসখিনিৰ পৰিৱর্তে এইবাৰ কিন্তু হৃদয়খনত গধুৰ বেজাৰ এটা কঢ়িয়াই নিছো যেন লাগিছে।আনদিনা হোৱাহ'লে অবন্তিকাই বাৰে বাৰে ফোন মাৰি থাকিলেহেঁতেন।"ক
'ৰ পালাহি? সোনকালে কৰা।"
ট্ৰেভেলাৰখন ধুমুহাৰ দৰে আগবাঢ়িছে।সমুখত উন্মুক্ত খিৰিকীখন।পর্দাখ
ন মেলি দিলোঁ।আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপালবোৰে যেন মোকেই আক্ৰমণ কৰিবলৈ বাৰে বাৰে প্ৰয়াস কৰি আছে আৰু প্ৰতিবাৰেই ফ্লাইবাৰ সংমিশ্ৰিত গ্লাছখনত ঠেকা খাই য'তে ত'তে চিটিকি পৰি বিফলতা আৰু নিৰাশাৰে চিঞৰি উঠিছে।
অবন্তিকাই বৰষুণ ভাল পাই।হয়তো মোতকৈয়ো বেছি।যি ভালপোৱা হয়তো অবন্তিকাৰ সতে আজীৰ্ৱন থাকি যাব।বৰষুণজাক সৰি পৰিলেই বাহিৰলৈ আহি তিতিব।গাৰ কাপোৰখিনি তিতি গাটোত লিপিত খাই পৰিব।বৰষুণজাক দুষ্ট হ'ব হয়তো মোতকৈ বেছি নহ'ব পাৰে।কিন্তু কেতিয়াবা হয়তো অবন্তিকাৰ শিৰত অংকিত সেন্দূৰৰ লাহি পাপৰিটো বিযপি পৰিব দুগাললৈ।সেন্দূৰ
ৰ বিয়পি পৰা ৰঙবোৰ যেন কেতিয়াও তেজৰ দৰে চিৰস্থায়ী নহওক।
"অকণমান কাষলৈ গৈ দিব নে প্লীজ।ই আক কোচত নবহে"- পাতলকৈ হাঁহি এটি মাৰি মানুহগৰাকীয়ে কোৱা অনুৰুধসনা কথাখিনিত মই বাস্তৱলৈ ঘূৰি আহিলোঁ।
"হয় হয়" মই খিৰিকীখনৰ কাষৰফালে নিজৰ গাটোক হেঁচা এটা মাৰি সামান্য খালী ঠাই অলপ উলিয়াই বহিবলৈ দিলোঁ।
সৰু ল'ৰাটো মোৰ ওচৰতে বহিল।সিটো মূৰত মানুহগৰাকী।
বিয়াত বহা বেছি দিন হোৱা নাই চাগে।বয়সো টানি টুনি তেইছ-ছৌব্বিছ বছৰমান হৈছে।মূৰৰ চুলিকোছা ককাল পাইছেগৈ।কপালত দুই এডাল অলকা।অলপ সময়ৰ বাবে এনেকুৱা লাগিল যেন এইজনী আন কোনো নহয় ; মোৰ অবন্তিকা।অবন্তি
কাই বিয়াত বহিব।মোক এৰি আনৰ হ'বগৈ।যদি কেনেবাকৈ বিয়াৰ দুই তিনিবছৰৰ পাছত এনেকৈয়ে অবন্তিকাক লগ পাওঁ হয়তো এনেকুৱাই লাগিব।
শিৰত সেন্দূৰ নথকা কথাটোক লৈ সকলো ভাবনা অথলে যোৱা যেন লাগিল।হয়তো ছোৱালীজনী মুছলমান।
:আপুনি ক'লৈ যাব?-ছোৱালীজনীয়
ে মোক আগবাঢ়ি সুধিলে।
: অ' মই যোৰহাটলৈ যাওঁ।আপোনালোক পিছে? - মই সুধিলে।
:আমি ঘৰলৈ যাওঁ আংকল।-মাজত বহি থকা সৰু ল'ৰাটোৱে ক'লে।
:বাইদেউ ঘৰলৈ যাওঁ।ই মোৰ বাইদেউৰ একমাত্ৰ ল'ৰা।ইয়াক থৈ আহো লগতে ফুৰিও আহো।-হাঁহি হাঁহি ছোৱালীজনীয়ে ক'লে।
আও! ছোৱালীজনীৰ চঞ্চলতাক দেখি তবধ মানিলো।অচিনাকী ল'ৰা এটাৰ লগত এনেকৈ আগবাঢ়ি মাত দিব পাৰে নে কোনোবাই।
কিবা এটা কওঁ বুলি লওঁতেই টীয়কত ট্ৰেভেলাৰখন ৰৈ গ'ল।
"আপুনি যাব।ব'লা বেটা"
ল'ৰাটোক দাঙি লৈ ছোৱালীজনী নামিল।হাঁহি এটি মাৰি সিহঁতক বিদায় জনালোঁ।

কথা মতেই চুপাৰ মার্কেটৰ নিদিষ্ট ৰেষ্টুৰেণ্টখনৰ ভিতৰত অবন্তিকা বহি আছে।কিমান সময় বহি আছে? হয়তো বহু সময়।পৰঠাৰ দৰে ফুলি থকা মুখখনৰ পৰাই অনুমেয়।
অভিমান নে আন কিবা? অভিমান যদি কিহৰ অভিমান? এতিয়া আৰু অভিমানৰ সময় নাই।মই ভাবিছিলোঁ মোক দেখাৰ লগে লগে অবন্তিকাই উচুপি কান্দিব কিন্তু ব্যতিক্ৰমী অবন্তিকাৰ ব্যতিক্ৰমী আচৰণ।
-কি হ'ল? ইমান দেৰি কৰিলা যে।ঘৰত কাম বহুত আছে।
-ময়ো ইয়াত টাইম পাছ কৰিবলৈ অহা নাই।ঘৰৰ পৰা কাম বন এৰি আহিছোঁ।
-হ'ব হ'ব।কি এইবোৰ?
-এইবোৰ কি ঘৰত চাবাগৈ।এতিয়া লোৱা।
কার্টুন বক্সৰে পেক কৰা টোপোলাটো অবন্তিকালৈ আগবঢ়াই দিলোঁ।তাই তাতেই খুলি চাবলৈ ধৰিলে।তাত যি আছে সকলোকেইটা তাইৰেই।ডায়েৰীখন
, উপন্যাস দুখন, ঘড়ীটো আৰু কিবা কিবি।
"বাহ! এইবোৰচোন দোকানত দিব পৰা কৰি থৈছা।" কৃত্ৰিম হাঁহি এটি মাৰি তাই ক'লে।আচলতে তাই দিয়া এপদো বস্তু মই আজিলৈকে ব্যৱহাৰ কৰি নাইপোৱা।
-মই যাওঁ এতিয়া।
-অকে।তুমি দিয়া বস্তুবোৰ ঘূৰাই দিব নোৱাৰিলোঁ।তাৰ বাবে বেয়া নাপাবা।
-ইটচ্ অকে।বেষ্ট অৱ লাক ফৰ ইয়ৰ আপকামিং নিউ লাইফ।
-তুমি ইমান নিষ্ঠুৰ কিয় হৈছা ৰাগ? তাকো মোৰ বাবে।তুমি চাগে ভাবিছা মই বৰ চখত বিয়াত বহিছোঁ কিন্তু আচলতে মই নিজকে শেষ কৰিবলৈ গৈ আছোঁ।মোৰ মন,হৃদয় সকলো তোমাকে দি থৈছোঁ পাৰা যদি সেইবোৰো ঘূৰাই দিয়া।
-তোমাৰ ফিল্মী ডাইলগবোৰ শুনি থকাৰ ইচ্ছা মোৰ সমূলি নাই।
কথাষাৰ কৈয়ে মই ৰৈ থকা বাছখনত উঠি বহিলোহি।এবাৰো উভটি নাচালোঁ অবন্তিকালৈ।এবছৰ
আগতে এইজনী ছোৱালীক ইমান ভিৰৰ মাজত এৰি দিবলৈ ভয় লাগিছিল।অনবৰতে হাত এখনত খামুচি ধৰি ঘূৰি ফুৰিছিলোঁ।সচাঁকৈয়ে অবন্তিকাজনী বৰ আকৰি,সৰল।বেগটোৰ পৰা চশমাযোৰ উলিয়াই চকুযুৰিৰ সমুখত আঁৰি ল'লোঁ।চকুপানীবোৰ অৱধাৰিত ভাবে ব'বলৈ ধৰিছে।বাছখন কেতিয়ানো চলি আহিল গমকেই নাপালোঁ।অবন্তিকাক বহু দূৰত এৰি আহিলোঁ।কি কৰিছে তাই এতিয়া? বৰষুণজাকৰ গতি লাহে লাহে বাঢ়ি আহিল।ভয় লাগিছে; অবন্তিকাৰ যদি কিবা হয়।চকুৰ আগত অবন্তিকাই কান্দিছে, হাঁহিছে,অভিমান কৰিছে। আস! বুকুখন বিষাইছে।হৃদয়খন কিয় অবন্তিকাক গতাই থৈ নাহিলোঁ।
সন্ধিয়া ছয়মান বজাত ডিব্ৰুগড় পালোহি।পৰিবহন বিভাগৰ বাছখনৰ পৰা মানুহবোৰ নামি ঘৰাঘৰি হৈছে।বৰষুণজাক এতিয়াও পাতলৈ চিপ চিপকৈ সৰি আছে।নিজকে যেন ভীষণ শূণ্যতাৰ মাজত আবিষ্কাৰ কৰি পেলাইছোঁ।লাইটৰ পোহৰত জিলিকি থকা কৃত্ৰিম গতানুগতিক, ব্যস্ততাময় চহৰৰ ৰাজপথেদি মই খোজ দিছোঁ।হাই-হুলস্
থূল, জনবহুলতাৰ মাজত কিয় জানো অকলশৰীয়া যেন লাগিছে।
"ৰাগ" শব্দটো অহাৰ দিশত পাছলৈ ঘূৰি চালোঁ।অবন্তিকা ৰৈ আছে পাছত।
"ক'ত এৰি থৈ আহিছিলা মোক অকলে? ভাবিছিলো আমি একেলগে আজি যুৰীয়া নামঘৰলৈ যাম।সেৱা কৰিম। কিন্তু সুযোগেই নিদিলা তুমি।" ভাগৰত তাইৰ কথাবোৰ আৰু খৰকৈ ওলাইছে।
-অবন্তিকা তুমি এইয়া কি কৰিলা?
-তোমালৈ পলাই আহিলোঁ।তোমালোকৰ
ইয়াতো ইমান ডাঙৰ টাউন আছে।ইমান ভীৰ।ভয়ে লাগে মোৰ।ক'ৰবাত যদি হেৰাই যাওঁ।কিন্তু তোমালোকৰ ইয়াত নামঘৰ আছে নাই? ব'লাচোন তাত বহোঁগৈ।
-আৰে আৰে ক'ত গৈছা সেইফালে? চাওঁ হাতখন দিয়া।
অবন্তিকাৰ মুখলৈ চালোঁ।হাঁহি হাঁহি তাই অনর্গল বলকি আছে।অথনিৰ কৃত্ৰিম হাঁহিটোতকৈ এই হাঁহিৰ আকাশ-পাতাল প্ৰভেদ।এই হাঁহি প্ৰাপ্তিৰ।এই হাঁহি মিলনৰ।এই হাঁহি নির্ভয়ৰ।এই হাঁহি সুৰক্ষাৰ।এই হাঁহি স্বাধীনতাৰ।এই হাঁহি মোৰ সহযাত্ৰীৰ।
সম্পূৰ্ণকৈ পঢ়ক »

ই-আলোচনী আৰু কিছু কথা

যিকোনো এখন ই-আলোচনীয়ে এজন লেখকৰ মৌলিক সৃষ্টিৰাজিক পাঠক সমাজৰ মাজত বিশ্বজনীন আৰু বহুলভাৱে প্ৰচাৰ কৰি দিয়ে।এখন ছপা আলোচনীতকৈ এখন ই-আলোচনী প্ৰচাৰৰ ক্ষেত্ৰত অধিক কার্যক্ষম।
ই-আলোচনীসমূহ মূলত এটা নিদিষ্ট ৱেবছাইটৰ যোগদি প্ৰকাশ কৰা হয়।প্ৰকাশকসকলৰ বাবে ই এক সম্পূর্ণ (এশ শতাংশই) সেৱা। ই-আলোচনীবিলাকত ব্যক্তিগত স্বার্থ প্ৰায় নাই বুলিবই পাৰি।
আপোনাৰ নামটো আৰু আৰু আপোনাৰ নামত লিখনি এটা গুগলত চার্জ কৰিলে পোৱা যাব নেকি? আপোনাৰ লিখনিটোৰ মাজত থকা যিকোনো এটা শব্দ গুগলত সন্ধান কৰিলে পোৱা যাব নেকি? আপোনাৰ প্ৰকাশিত লেখা এটা সমগ্ৰ বিশ্বৰ মানুহে পঢ়িবলৈ সমর্থ হয় নেকি? হয় ই সম্ভৱ হ'ব পাৰে এখন ই-আলোচনীৰ যোগেদি।
-
মই আমাৰ আলোচনীৰ বাবে লেখা বিচাৰি যেতিয়া ডাঙৰ ডাঙৰ জনপ্ৰিয় লেখক-লেখিকাসকলৰ

ইনবক্সত গৈ কথা হওঁ তেওঁলোকে প্ৰায়ে কেইটামান কথা উল্লেখ কৰিছিল,
"লিখা হোৱাই নাই", "চেষ্টা কৰিম নিশ্চয়", " চাম বাৰু" ইত্যাদি ইত্যাদি।তেওঁলোক
ে পেটে পেটে মনত কি ভাবে জানে নে? ভাবে "বৰ ই-আলোচনী উলিয়াবলৈ আহিছে"
আচলতে লেখা যে নাপাওঁ সেইটো নহয়।আমি ভাবোঁ এজন ডাঙৰ লেখকে আমাৰ আলোচনীত লিখিলে আমাৰ লগতে প্ৰজন্মই যথেষ্ট উত্‍সাহ আৰু প্ৰেৰণা পাব।
লেখা সংগ্ৰহৰ পৰা আদি কৰি গ্ৰাফিক্স ডিজাইন, ৱেবছাইট ডিজাইন এই সকলোখিনি যথেষ্ট কষ্টকৰ।সদ্যসতে এটা ৱেবছাইটক ধুনীয়াকৈ এখন আলোচনীৰ বেশত সজাবলৈ বহুখিনি কষ্টৰ লগতে অর্থও ব্যয় কৰিবলগীয়া হয়।এইখিনি কৰাৰ আঁৰতে আমাৰ একো ব্যৱসায়িক লাভাভাভ নহয়।বহুতো মানুহে ভাবে ই-আলোচনী প্ৰকাশ কৰি আমি কিবা লাভ কৰোঁ।হয় আমি অর্থ লাভ নকৰিলেও যথেষ্ট আত্মসন্তুষ্টি আৰু আশাৰ ৰেঙণি লাভ কৰোঁ।আলোচনীৰ যোগদি ব্যৱসায় সম্ভৱ হ'লেও আমি সেইয়া নকৰোঁ।আজিকালি আমালৈ ফোনকল আহে ডাঙৰ ডাঙৰ মানুহৰ;নতুন নতুন লেখকৰ।মেইল, ইনবক্স, গোটৰ যোগেদি বহুতো লেখনিও আহে।
কিছুমান লেখকে লেখনিটোৰ যোগেদি নিজৰ নামটো প্ৰচাৰ কৰিব বিচাৰে তথা স্ব জনপ্রিয়তাক অধিক গুৰুত্ব দিয়ে আৰু এইসকলে লেখকে আলোচনী বা কাকতখনৰ নামটো চাইহে লেখা প্ৰেৰণ কৰে।আৰু কিছুসংখ্যক লেখক পোনতেই নিজৰ লেখনি আনক পঢ়ুৱাবলৈ বিচাৰে।দৰাচলতে লেখকসকলৰ মানসিকতা এনেকুৱাই হ'ব লাগে।
আজিকালি কাৰ নো মোবাইল নাই আৰু কাৰ মোবাইলত নো নেট পেক নাথাকে? মাত্ৰ এটা ব্ৰাউজাৰত এটা সৰু ৱেবছাইটৰ ঠিকনা ইণ্টাৰ কৰক আৰু খুব সহজ তথা বিনামূলীয়াকৈ এখন আলোচনী পঢ়ক।একো পি ডি এফ ৰীডাৰ, টেক্সট ৰীডাৰ নোহোৱাকৈ, একো ডাউনলড কৰিবৰ প্ৰয়োজন নাই।মই যেতিয়া মোবাইলত প্ৰথমবাৰৰ বাবে এখন অসমীয়া ই-আলোচনী 'অনুভৱ ডট অর্গ' পঢ়িছিলোঁ নাজানো কিমান ভাল লাগিছিল।যাক ভাষাৰে বর্ণনা কৰিবই হয়তো নোৱাৰি।
ছপা আলোচনী বিলাকৰ দৰেই ই-আলোচনী বিলাকেও বর্তমান সময়ত ভাষা-সাহিত্যলৈ এক বহুমূলীয়া অৱদান আগবঢ়াই আহিছে।সাম্প্ৰতি
ক সময়ত ইণ্টাৰনেটত উপলব্ধ কেইখনমান নিয়মীয়া আলোচনী হৈছে,
আৰু নতুনকৈ দুই তিনিখন আলোচনীৰ প্ৰস্তুতি চলি আছে।সদ্যহতে ভাষা-সাহিত্য বিষয়ক আৰু বহুতো ৱেবছাইট আৰু ব্লগ উপলব্ধ যদিও বহুকেইখন আলোচনী বন্ধ হৈ গৈছে।
সম্পূৰ্ণকৈ পঢ়ক »

মৰমৰ অনুলেখা

মৰমৰ অনুলেখা
আশা কৰো তুমি কুশলে আছা।
ওঁহো মই কুশলে থাকিব পৰা নাই,
মোৰ দৰে ডেকা ল'ৰাৰ
সেই একেই ভাষা,
একেই বেথা।
গতানুগতিক জীৱনটোত নিজকে ব্যস্ততাৰে মেৰিয়াই লৈ
যান্ত্ৰিকতাৰ পংকিল পথত
কিমানদূৰ আগবাঢ়িছোঁ
সেইয়া নোহোৱা নোপজা কথা।
হুম...
এবুকু অনাকাংখিত আশা,
নিৰৱতাৰ নিৰিবিলি পচোৱা,
পাৰ হৈ যোৱা নিজান দূপৰীয়া,
আকাশভৰা জোনাকী সন্ধিয়া
আৰু
বৰষুণে আমনি কৰা নিশা
এইবিলাকেইতো মোৰ সম্প্ৰতি
উশাহ-নিশাহ, হুমুনিয়াহ, অথবা সমনিয়াহ।

এই উচুপিছা?
শুনাচোন,
আনবোৰৰ দৰে মই
ছিগাৰেটৰ ধোঁৱাৰ কুন্দলিত
জীৱনক নুৰিয়াই থ'বলৈ শিকা নাই,
সুৰাৰ ৰাগিত মাতাল হৈ
নিসঃগতাৰ ক্ষণবোৰ উদযাপন কৰিলৈকো লোৱা নাই।
তোমাৰ বুকুত থোপ খাই থকা
আলফুলীয়া মৰমবোৰৰ দৰেই
প্ৰতিশ্ৰুতি বোৰ সযতনে ৰাখিছোঁ।
মই আকৌ যাম অনুলেখা
সৰাপাতত বসন্তৰ বতৰা আঁকি
তোমালৈ নিম জোনাকীৰে থোপা বন্ধা
এপাহি শুকুলা কপৌ
অনুলেখা তুমি কুশলে থাকা।
সম্পূৰ্ণকৈ পঢ়ক »