ই-আলোচনী আৰু কিছু কথা

যিকোনো এখন ই-আলোচনীয়ে এজন লেখকৰ মৌলিক সৃষ্টিৰাজিক পাঠক সমাজৰ মাজত বিশ্বজনীন আৰু বহুলভাৱে প্ৰচাৰ কৰি দিয়ে।এখন ছপা আলোচনীতকৈ এখন ই-আলোচনী প্ৰচাৰৰ ক্ষেত্ৰত অধিক কার্যক্ষম।
ই-আলোচনীসমূহ মূলত এটা নিদিষ্ট ৱেবছাইটৰ যোগদি প্ৰকাশ কৰা হয়।প্ৰকাশকসকলৰ বাবে ই এক সম্পূর্ণ (এশ শতাংশই) সেৱা। ই-আলোচনীবিলাকত ব্যক্তিগত স্বার্থ প্ৰায় নাই বুলিবই পাৰি।
আপোনাৰ নামটো আৰু আৰু আপোনাৰ নামত লিখনি এটা গুগলত চার্জ কৰিলে পোৱা যাব নেকি? আপোনাৰ লিখনিটোৰ মাজত থকা যিকোনো এটা শব্দ গুগলত সন্ধান কৰিলে পোৱা যাব নেকি? আপোনাৰ প্ৰকাশিত লেখা এটা সমগ্ৰ বিশ্বৰ মানুহে পঢ়িবলৈ সমর্থ হয় নেকি? হয় ই সম্ভৱ হ'ব পাৰে এখন ই-আলোচনীৰ যোগেদি।
-
মই আমাৰ আলোচনীৰ বাবে লেখা বিচাৰি যেতিয়া ডাঙৰ ডাঙৰ জনপ্ৰিয় লেখক-লেখিকাসকলৰ

ইনবক্সত গৈ কথা হওঁ তেওঁলোকে প্ৰায়ে কেইটামান কথা উল্লেখ কৰিছিল,
"লিখা হোৱাই নাই", "চেষ্টা কৰিম নিশ্চয়", " চাম বাৰু" ইত্যাদি ইত্যাদি।তেওঁলোক
ে পেটে পেটে মনত কি ভাবে জানে নে? ভাবে "বৰ ই-আলোচনী উলিয়াবলৈ আহিছে"
আচলতে লেখা যে নাপাওঁ সেইটো নহয়।আমি ভাবোঁ এজন ডাঙৰ লেখকে আমাৰ আলোচনীত লিখিলে আমাৰ লগতে প্ৰজন্মই যথেষ্ট উত্‍সাহ আৰু প্ৰেৰণা পাব।
লেখা সংগ্ৰহৰ পৰা আদি কৰি গ্ৰাফিক্স ডিজাইন, ৱেবছাইট ডিজাইন এই সকলোখিনি যথেষ্ট কষ্টকৰ।সদ্যসতে এটা ৱেবছাইটক ধুনীয়াকৈ এখন আলোচনীৰ বেশত সজাবলৈ বহুখিনি কষ্টৰ লগতে অর্থও ব্যয় কৰিবলগীয়া হয়।এইখিনি কৰাৰ আঁৰতে আমাৰ একো ব্যৱসায়িক লাভাভাভ নহয়।বহুতো মানুহে ভাবে ই-আলোচনী প্ৰকাশ কৰি আমি কিবা লাভ কৰোঁ।হয় আমি অর্থ লাভ নকৰিলেও যথেষ্ট আত্মসন্তুষ্টি আৰু আশাৰ ৰেঙণি লাভ কৰোঁ।আলোচনীৰ যোগদি ব্যৱসায় সম্ভৱ হ'লেও আমি সেইয়া নকৰোঁ।আজিকালি আমালৈ ফোনকল আহে ডাঙৰ ডাঙৰ মানুহৰ;নতুন নতুন লেখকৰ।মেইল, ইনবক্স, গোটৰ যোগেদি বহুতো লেখনিও আহে।
কিছুমান লেখকে লেখনিটোৰ যোগেদি নিজৰ নামটো প্ৰচাৰ কৰিব বিচাৰে তথা স্ব জনপ্রিয়তাক অধিক গুৰুত্ব দিয়ে আৰু এইসকলে লেখকে আলোচনী বা কাকতখনৰ নামটো চাইহে লেখা প্ৰেৰণ কৰে।আৰু কিছুসংখ্যক লেখক পোনতেই নিজৰ লেখনি আনক পঢ়ুৱাবলৈ বিচাৰে।দৰাচলতে লেখকসকলৰ মানসিকতা এনেকুৱাই হ'ব লাগে।
আজিকালি কাৰ নো মোবাইল নাই আৰু কাৰ মোবাইলত নো নেট পেক নাথাকে? মাত্ৰ এটা ব্ৰাউজাৰত এটা সৰু ৱেবছাইটৰ ঠিকনা ইণ্টাৰ কৰক আৰু খুব সহজ তথা বিনামূলীয়াকৈ এখন আলোচনী পঢ়ক।একো পি ডি এফ ৰীডাৰ, টেক্সট ৰীডাৰ নোহোৱাকৈ, একো ডাউনলড কৰিবৰ প্ৰয়োজন নাই।মই যেতিয়া মোবাইলত প্ৰথমবাৰৰ বাবে এখন অসমীয়া ই-আলোচনী 'অনুভৱ ডট অর্গ' পঢ়িছিলোঁ নাজানো কিমান ভাল লাগিছিল।যাক ভাষাৰে বর্ণনা কৰিবই হয়তো নোৱাৰি।
ছপা আলোচনী বিলাকৰ দৰেই ই-আলোচনী বিলাকেও বর্তমান সময়ত ভাষা-সাহিত্যলৈ এক বহুমূলীয়া অৱদান আগবঢ়াই আহিছে।সাম্প্ৰতি
ক সময়ত ইণ্টাৰনেটত উপলব্ধ কেইখনমান নিয়মীয়া আলোচনী হৈছে,
আৰু নতুনকৈ দুই তিনিখন আলোচনীৰ প্ৰস্তুতি চলি আছে।সদ্যহতে ভাষা-সাহিত্য বিষয়ক আৰু বহুতো ৱেবছাইট আৰু ব্লগ উপলব্ধ যদিও বহুকেইখন আলোচনী বন্ধ হৈ গৈছে।