মৰম ডট্ কম

"সেইখন ৰ'দটো ঢাকি সময়ত মানুহৰ আগত ষ্টাইলটো মেইনটেইন কৰিবলৈ ত্ৰিছ টকা খৰচ কৰা নে? নে কেতিয়াবা তাৰ ভিতৰত থকা কথাবোৰ পঢ়াও?"-বাছষ্টেণ
ৰ'দত ৰঙা-চঙাজনী হৈ থকা অনামিকাই কালি দেৱীজনী হৈ মোৰ ফালে চায় কিবা এষাৰ ক'ব খুজিছিল।কাষত মানুহবোৰ উপস্থিতি দেখি নক'লে যদিও কি ক'ব খুজিছিল মই বুজিলোঁ বাৰু।এৰা এটা শব্দ যিটো ক'লে গা মন জুৰ পৰি যায়।প্ৰেমিকসকলে
অলপ ৰৈ অনামিকাই মুখ মেলিলে, "একো চখ নাই ত্ৰিছ টকা দি এইখন কিনাৰ,ক্লাছত থাকোতে কোনোবা এজনীৰ মুখৰ পৰা গম পালোঁ তোমাৰ গল্প এটা প্ৰকাশ পাইছে,সেয়েহে কিনিছোঁ বুজিছা।তেনেকৈ ইতিকিং নকৰিবা।আৰু পঢ়িও শেষ কৰিলোঁ।ভাল লিখিছা"
"নাইচ বুলি ফেচবুকত কমেণ্ট এটা এটা দিবা দেই ।তোমালোক গোটেইকেইজনীকে কৈছোঁ।" হাঁহি এটি মাৰি সিহঁতকেইজনীক ক'লোঁ।
"দিম দিম অকল নাইচ বুলিয়েই নহয় ধেই কিবা কিবি দিম" অনামিকাৰ লগৰ পাপৰিয়ে মুখ মেলিলে এইবাৰ।তাৰ পাছত গোটেইকেইজনীয়ে মুখ মেলি হাঁহিলে।
-আজিওটো কথা পাতিব নোৱাৰিম চাগে!
চাহকাপত সোহা এটা মাৰি অনামিকাই প্ৰশ্নবোধক এৰিলে।
-নোৱাৰিবা মানে আজি ফোনেই কৰিব নালাগে।আজিৰ নিশাটোহে হাতত বাকী।কামটো শেষ হৈ লওকচোন।তোমাৰ এই ৩৪৯ য়েও কামত নিদিব।
-হুঁহ কি বা কৰে ৰাতিখন।মোৰ কিন্তু সন্দেহ।
-আস্ নুবুজা কিয়?
-হ'ব হ'ব।এটা কথা মনত ৰাখিবা কাইলৈ মোৰ বার্থ দে।অফিচৰ কাম শেষ আমাৰ ঘৰলৈ এপাক মাৰিবা।
-এহ মই পাহৰিয়েই গৈছিলোঁ।অফিচৰ কাম শেষ কৰি কাইলৈ ঘৰলৈ এপাক মৰাৰ কথাহে ভাবিছিলোঁ।
-তোমাৰ যি মন যায় তাকে কৰিবা অকে।তোমাৰ গুৰুত্বহীনতাৰ বলি হ'বলৈ তোমাৰ প্ৰেমত বলিয়া হ'লোঁ।মই পাগলী জনী...।
-আৰে আৰে ইমানখন বকিব নালাগে।কিবা এটা মেনেজ কৰিব লাগিব।হ'ব এতিয়া দুইবজাত মিটিং এখন আছে।মই যাওঁ।ঘৰ পালে মেছেজ এটা কৰিবা।
-অহ নকৰো ফোন।মেছেজো নিদিওঁ।ইমান চিন্তা কৰিব নালাগে।
অনিমিকাৰ অভিমানে মোক হঁহুৱালে।হোটেলৰ
কাইলৈ অফিচত নতুন প্ৰজেক্টটোৰ ফাইনেল প্ৰেজেনটেশ্যন দিব লাগিব।এফালে কামৰ শতকৰা পঞ্চাচ ভাগো শেষ কৰিব পৰা নাই।আজিৰ নিশাটোত যেনে-তেনে অলপ কষ্ট বহন কৰিবই লাগিব।ইমান ডাঙৰ এটা প্ৰজেক্ট কেৱল মোৰ তত্বাৱধানত সম্পূর্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে।বচৰ সেইকণ বিশ্বাসক মই আওকাণ কৰিব নিবিচাৰোঁ।ভাতকে
নিমাও মাও পৰিবেশটোত নিজকে বিলীন কৰিবলৈ কিছু অসুবিধা পাওঁ সেয়েহে মেডিয়া ফাইলবোৰ খুচৰি প্ৰিয় গানকেইটাৰ প্লেলিষ্টত ক্লিক কৰিলোগৈ।জুবিনৰ কণ্ঠত লাহেকৈ ভাহি আহিল,
"পাখি পাখি এই মন
পাখি মেলি যা উৰি..."
মোৰ কিন্তু ভাল গুন এটা আছে।মই দুই তিনিটা বিষয়ত একেলগে মনোযোগ দি কাম কৰাত পাকৈত।তেনেকৈ কৰিলে ভুল প্ৰায়ে নহয়।
পাখি পাখি এই গানটো প্ৰথমবাৰৰ বাবে তাহানিৰে এটি দূপৰীয়াত বাইদেউহঁতে চকলিউৱা জকলীয়া সনা কেঁচা আমটেঙাৰ জুটি ঘৰৰ আগৰ বৰগছজোপাৰ তলত বহি ৰেডিঅত শুনিছিলোঁ।আকাশব
বাৰ বাজিবলৈ মাত্ৰ সাতমিনিট বাকী।কামো শেষ হওঁ হওঁ।অনামিকাই সচাঁকৈয়ে মোক বুজি পাইনে? মই যে দিনে-নিশাই অহৰহ কষ্ট কৰিছোঁ।কিয় কৰিছোঁ এবাৰলেও অনুধাৱন কৰে নে অনামিকাই? সচাঁকৈয়ে মই তাইক গুৰুত্ব নিদিও নেকি?ইমানখিনি কষ্টৰ আঁৰতে যে অনামিকাক নিজৰ কৰি লোৱাৰ সপোন এটিয়ে পোখা মেলি ডাঙৰ হৈছে অনামিকাই জানে জানো!
কাইলৈ অফিচৰ পৰা বাহিৰে বাহিৰে সোণাৰিৰ পৰা আঙুঠিটো আনিবগৈ লাগিব।বাকী থকা দহহাজাৰ টকাও কাইলৈয়ে আদায় কৰিব লাগিব।কামখিনি সূচাৰুৰূপে বাৰ বজাৰ আগে আগে শেষ কৰিলোঁ।মোবাইলটো
-কোৱা
-হেপ্পী বার্থ দে মাই চুইটহার্ট।
-ওঁ কাম শেষ কৰিলা?
-য়া এইমাত্ৰ।
-ভাত খালা?
-খালো তো।
-আই এম চৰী সোণ।
-হোৱাই?
-মই যে তোমাৰ ওপৰত প্ৰয়োজনাধিক অভিমান কৰোতে কৰোতে তোমাৰ কষ্টিখিনিক তোমাৰ ব্যস্ততা বুলি ভাবি লৈছোঁ।তাৰ বাবে।
-অহ আই চি।
-সেই ফোনটো ৰাখা....
মই সচাঁকৈয়ে অনামিকাক খং উঠোৱাবলৈকে তাইৰ কথাবোৰত গুৰুত্ব নিদিলোঁ।
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত। অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
-
শ্বেয়াৰ কৰক
-
ফে'চবুকত শ্বেয়াৰ
-
টুইতাৰত শ্বেয়াৰ
-
গুগলত শ্বেয়াৰ
-
পিন
-
লিংকিনত শ্বেয়াৰ