বাগদত্তা
এইকেইদিন মা আৰু বৌৰ মুখত অনবৰতে একেকেইটা কথাৰে পুনৰাবৃত্তি ঘটি
আছে।তেওঁলোকৰ কাষত উপস্থিক হ'লেই বিশেষ ভংগীমাত কোৱা কথাখিনিয়ে মোক বিৰক্ত
কৰি তোলে।
"দেখাত অপেশ্বৰী যেন লাগে, পঢ়াই-শুনাই,কামে
কাজে গুনী ছোৱালী।পৰিয়ালৰ মানুহখিনিকো বেচ ভাল লাগিল।মনে মিলা মানুহ।তেনে
পৰিয়ালৰ তেনে ছোৱালী এজনীক মোৰ ঘৰৰ বোৱাৰী কৰিব পাৰিলে মই নথৈ সুখী
হ'ম।"---মায়ে কোৱা কথাখিনিত সহাঁৰি জনায় বৌয়ে মোক উদ্দেশ্যি কয়,
"মাক বাপেকৰ আশাবোৰক পূর্ণতা দিয়াটো সন্তানৰ দায়িত্ব।তাতে এই আশাবোৰতো তোমাৰ জীৱনৰ হিতার্থেহে চিন্তা কৰা হৈছে।জীৱনটো আৰু কিমান দিন অকলে অকলে উদযাপন কৰিব পাৰিবা? এদিন সংগী এজনৰ প্ৰয়োজনীয়তাক নিজেই স্বীকাৰ কৰিব লাগিব।"
"তোমালোকে মোক নীতিশিক্ষা দিব নালাগে।জীৱন আৰু জীৱনসংগীৰ বিষয়ে ভালকৈয়ে জনা আছে।মন গ'লে ক'ম বাৰু দেই।"
ভাতকেইটা লৰালৰিকৈ গিলি পাকঘৰৰ পৰা ওলায় আহিলোঁ।মায়ে কিবা ক'ব খুজিছিল।বৌয়ে কথাৰ প্ৰসংগ সলায় মাক বাধা দিলে।প্ৰজেক্টৰ ফাইলটো লৈ বাইক ষ্টার্ট দি ডিব্ৰুগড়স্থিত অফিচৰ দিশে অগ্ৰসৰ হ'লোঁ।
ভালপোৱাত বিচ্ছেদ একো নতুন কথা নহয় কিন্তু মাহঁতক বিয়াৰ বাবে মই সন্মতি দিয়া আৰু প্ৰহেলিকাৰ ভালপোৱাক প্ৰতাৰণা কৰা একেই কথা হ'ব।কৈছিলোঁ,কেইবাবাৰো
কৈছিলোঁ, "সময় পালে কেতিয়াবা কলেজৰ পৰা বাহিৰে বাহিৰে আমাৰ ঘৰৰফালে এপাক
মাৰিবা।অকলে যাব নালাগে। জুৰি নতুবা প্ৰিয়ংকাক লগত লৈ যাবা।মোৰ বিশ্বাস আছে
তোমাক মাহঁতে পচন্দ কৰিব।" নাই নগ'ল।ভয় লাগে, লাজ লাগে।থাওক সময় আহিলে
এদিন নিজেই মাহঁতক ক'ব লাগিব।
আচল কথাটো হ'ল বৌক মায়েই পচন্দ কৰি দাদালৈ বিয়া কৰাই আনিছিল।সঁচাকৈয়ে মাৰ পচন্দক সলাগিবলগীয়া।বৌৰ দৰে মই দ্বিতীয় গৰাকী নাৰী আজিলৈকে দেখা নাই।সঁচা অর্থত নাৰী বুলি ক'লেই বৌ লৈ মনত পৰে।
ঘৰখনত কথাটো ওলোৱাৰ দিনাই প্ৰহেলিকাক জনাইছিলোঁ।ক'ৰ ছোৱালী? দেখিবলৈ কেনেকুৱা? কি কৰে? ইত্যাদি ধৰণৰ অভিমানসনা ভাষাৰে প্ৰহেলিকাই প্ৰশ্নবোৰ সুধি গৈছিল।মই উত্তৰ দিবলৈ অসমর্থ হৈছিলোঁ।প্ৰহেলিকাক কিছু নিৰাশ হোৱা যেন লাগিছিল।পিছমুহূর্ততে
তায়ো কৈ দিছিল, "আমাৰ ঘৰতো মোৰ বিয়াৰ বন্দোৱস্ত কৰাৰ কথা ওলাইছে।মই কিন্তু
একেসুৰে প্ৰত্যাখান কৰি দিছোঁ।আমাৰ সম্পর্কৰ কথাও স্বীকাৰ কৰিছোঁ।কাৰণ মই
তোমাক হেৰুৱাব নুখোজোঁ অবিনাশ।"
বাধাৰ প্ৰাচীৰখন বৰ বেছি ওখ নহয়।সুযোগৰ আঁৰ লৈ কেতিয়াবা প্ৰহেলিকাক নিজৰ কৰি ল'ব পাৰোঁ কিন্তু তেনে কৰিলে মায়ে আঘাট পাব।ভাবিছিলোঁ সময়ত মাক প্ৰহেলিকাৰ কথা ক'ম কিন্তু ভয় লাগে যদিহে মাই প্ৰহেলিকাক গ্ৰহণ নকৰে।প্ৰহেলিক এই চহৰৰে সম্ভ্ৰান্ত ব্যৱসায়ী সৌৰভ চলিহাৰ একমাত্ৰ দুহিতা।প্ৰহেলিকাৰ
জীৱনত আধুনিকতাৰ চাপ অলেখ।সেইখিনিকে যদি মায়ে সহজে মানি নলয়! মই জানো
প্ৰহেলিকাই মোৰ সৈতে সুখৰ সংসাৰ এখনৰ সমভাগী হ'ব পাৰিব কিন্তু মা আৰু বৌৰ
সতে খোজত খোজ মিলাব পাৰিবনে?পাৰিবনে
তাই মেখেলা চাদৰ পিন্ধি ঘৰুৱা কাম কাজত অভস্থ্য হ'ব! আকাশত চাং পতা কথা
যেন লাগে।আৰু প্ৰহেলিকাৰ সেইখিনি দক্ষতা আছে যদিও নাজানোঁ।আচলতে তেনেকুৱা
কথাবোৰ আমাৰ গভীৰ সম্পর্কটোৰ মাজত প্ৰশ্ৰয় দিয়াই হোৱা নাছিল।
অফিচৰ পৰা উভটিয়েই মাহঁতৰ আগত সকলো অৱগত কৰিম ।মোক পাবলৈ প্ৰহেলিকাই বোধহয় সিমানখিনি কষ্ট বহন কৰিব পাৰিব।বাপেকৰ অভিজাত্যৰ পৰিসীমাত কিমান দিন নো জাকজমকতাৰে দিনবোৰ উদযাপন কৰি থাকিব!
সন্ধিয়া ছয়মান বজাত ঘৰ পালোহি।টেবুলতে প্ৰহেলিকাৰ ফটোখন দেখি আচৰিত হ'লোঁ।এইখন আকৌ কৰপৰা ওলাল? মাহঁতে দেখা নাই তো? ভুলবশত নিজেই ফটোখন উলিয়াই থৈছিলো চাগে।সাবধানে ফটোখন ডায়েৰীৰ পাতত আৱদ্ধ কৰি ৰাখিলোঁ।
বৌয়ে দিয়া চাহ জলপান খালোঁ।মাহঁত তেতিয়া চোতালতে বহি আছিল।কিছু সময়ৰ পাছতে দাদাও আহি ওলালহি।মই সাহসেৰে কথাবোৰ কৈ গ'লোঁ।শেষত মায়ে ক'লে,"দেখা যাব ছোৱালী পচন্দ হ'লে তাইকে আনিম।ফটো চটো কিবা ৰাখিছ যদি দেখুৱাচোন!"
মই খৰধৰকৈ ডায়েৰীৰ পৃষ্ঠাৰ মাজৰ পৰা প্ৰহেলিকাৰ ফটোখন আনি বৌৰ হাতত গুজি দিলোহি।বৌয়ে ফটোখন চাই হাঁহিলে, "কি যে ধেমালি কৰা অবি"
ফটোখন মালৈ আগবঢ়াই দিয়া হ'ল।এইবাৰ মায়ে চালে।
"গৰু এইখন আমি চাই অহা জনীৰ হে ফটো।অথনি বোৱাৰীক দি তোৰ টেবুলত ৰাখি থ'বলৈ কৈছিলোঁ"
মই মাৰ হাতৰ পৰা ফটোখন লৈ আৰু এবাৰ ভালকৈ চকু ফুৰালোঁ।পৰিস্থিতিৰ মেৰপাকত প্ৰহেলিকাকে ভালকৈ চিনিব পৰা নাইচোন।হয় এইজনী প্ৰহেলিকাই হয়।
"দেখাত অপেশ্বৰী যেন লাগে, পঢ়াই-শুনাই,কামে
"মাক বাপেকৰ আশাবোৰক পূর্ণতা দিয়াটো সন্তানৰ দায়িত্ব।তাতে এই আশাবোৰতো তোমাৰ জীৱনৰ হিতার্থেহে চিন্তা কৰা হৈছে।জীৱনটো আৰু কিমান দিন অকলে অকলে উদযাপন কৰিব পাৰিবা? এদিন সংগী এজনৰ প্ৰয়োজনীয়তাক নিজেই স্বীকাৰ কৰিব লাগিব।"
"তোমালোকে মোক নীতিশিক্ষা দিব নালাগে।জীৱন আৰু জীৱনসংগীৰ বিষয়ে ভালকৈয়ে জনা আছে।মন গ'লে ক'ম বাৰু দেই।"
ভাতকেইটা লৰালৰিকৈ গিলি পাকঘৰৰ পৰা ওলায় আহিলোঁ।মায়ে কিবা ক'ব খুজিছিল।বৌয়ে কথাৰ প্ৰসংগ সলায় মাক বাধা দিলে।প্ৰজেক্টৰ ফাইলটো লৈ বাইক ষ্টার্ট দি ডিব্ৰুগড়স্থিত অফিচৰ দিশে অগ্ৰসৰ হ'লোঁ।
ভালপোৱাত বিচ্ছেদ একো নতুন কথা নহয় কিন্তু মাহঁতক বিয়াৰ বাবে মই সন্মতি দিয়া আৰু প্ৰহেলিকাৰ ভালপোৱাক প্ৰতাৰণা কৰা একেই কথা হ'ব।কৈছিলোঁ,কেই
আচল কথাটো হ'ল বৌক মায়েই পচন্দ কৰি দাদালৈ বিয়া কৰাই আনিছিল।সঁচাকৈয়ে
ঘৰখনত কথাটো ওলোৱাৰ দিনাই প্ৰহেলিকাক জনাইছিলোঁ।ক'ৰ ছোৱালী? দেখিবলৈ কেনেকুৱা? কি কৰে? ইত্যাদি ধৰণৰ অভিমানসনা ভাষাৰে প্ৰহেলিকাই প্ৰশ্নবোৰ সুধি গৈছিল।মই উত্তৰ দিবলৈ অসমর্থ হৈছিলোঁ।প্ৰহেলি
বাধাৰ প্ৰাচীৰখন বৰ বেছি ওখ নহয়।সুযোগৰ আঁৰ লৈ কেতিয়াবা প্ৰহেলিকাক নিজৰ কৰি ল'ব পাৰোঁ কিন্তু তেনে কৰিলে মায়ে আঘাট পাব।ভাবিছিলোঁ সময়ত মাক প্ৰহেলিকাৰ কথা ক'ম কিন্তু ভয় লাগে যদিহে মাই প্ৰহেলিকাক গ্ৰহণ নকৰে।প্ৰহেলিক এই চহৰৰে সম্ভ্ৰান্ত ব্যৱসায়ী সৌৰভ চলিহাৰ একমাত্ৰ দুহিতা।প্ৰহেলিক
অফিচৰ পৰা উভটিয়েই মাহঁতৰ আগত সকলো অৱগত কৰিম ।মোক পাবলৈ প্ৰহেলিকাই বোধহয় সিমানখিনি কষ্ট বহন কৰিব পাৰিব।বাপেকৰ অভিজাত্যৰ পৰিসীমাত কিমান দিন নো জাকজমকতাৰে দিনবোৰ উদযাপন কৰি থাকিব!
সন্ধিয়া ছয়মান বজাত ঘৰ পালোহি।টেবুলতে প্ৰহেলিকাৰ ফটোখন দেখি আচৰিত হ'লোঁ।এইখন আকৌ কৰপৰা ওলাল? মাহঁতে দেখা নাই তো? ভুলবশত নিজেই ফটোখন উলিয়াই থৈছিলো চাগে।সাবধানে ফটোখন ডায়েৰীৰ পাতত আৱদ্ধ কৰি ৰাখিলোঁ।
বৌয়ে দিয়া চাহ জলপান খালোঁ।মাহঁত তেতিয়া চোতালতে বহি আছিল।কিছু সময়ৰ পাছতে দাদাও আহি ওলালহি।মই সাহসেৰে কথাবোৰ কৈ গ'লোঁ।শেষত মায়ে ক'লে,"দেখা যাব ছোৱালী পচন্দ হ'লে তাইকে আনিম।ফটো চটো কিবা ৰাখিছ যদি দেখুৱাচোন!"
মই খৰধৰকৈ ডায়েৰীৰ পৃষ্ঠাৰ মাজৰ পৰা প্ৰহেলিকাৰ ফটোখন আনি বৌৰ হাতত গুজি দিলোহি।বৌয়ে ফটোখন চাই হাঁহিলে, "কি যে ধেমালি কৰা অবি"
ফটোখন মালৈ আগবঢ়াই দিয়া হ'ল।এইবাৰ মায়ে চালে।
"গৰু এইখন আমি চাই অহা জনীৰ হে ফটো।অথনি বোৱাৰীক দি তোৰ টেবুলত ৰাখি থ'বলৈ কৈছিলোঁ"
মই মাৰ হাতৰ পৰা ফটোখন লৈ আৰু এবাৰ ভালকৈ চকু ফুৰালোঁ।পৰিস্থি
-
শ্বেয়াৰ কৰক
-
ফে'চবুকত শ্বেয়াৰ
-
টুইতাৰত শ্বেয়াৰ
-
গুগলত শ্বেয়াৰ
-
পিন
-
লিংকিনত শ্বেয়াৰ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment