জীয়া কলিজাৰ আৰ্তনাদ

মেলি থোৱা খিৰীকিখনৰ ফাকেৰে পূৱাৰ এচেৰেঙা ৰ’দ আহি প্রবালৰ দুচকুত বাগৰি আমনি কৰিবলৈ ধৰিলে।ঘড়ীটোলৈ চায় দেখে ন’ বাজিলেই।হঠাতে তাৰ নিবেদিতালৈ মনত পৰিল।
“আজি তাইৰ বি এ ফাইনেল পৰীক্ষা। গ’লেই চাগে এতিয়ালৈ। তাক মাত এষাৰো লগায় নগ’ল।ফোন কৰি উঠাই দিব পাৰিলেহেঁতেন তাক।”কথাখিনি সি মনতে আঁওৰাই মুখত অভিমানেৰে ভৰা এটি ক্ষীণ খঙৰ প্ৰলেপে সানি লোৱাৰ দৰে হ’ল।অলপ সময় ৰৈ সি বিচনাত পৰি থকা ম’বাইলটো হাতত তুলি ল’লে।
ম’বাইলৰ স্ক্ৰীণত দপদপাই আছিল, পঁচিশটা মিছকল পাঁচটা মেছেজ।নিবেদিতাই

যেন খঙতে ৰঙাজনী হৈ তালৈ চাই আছে।ডিটেইলচত গম পালে পূৱা চাৰি বজাৰ পৰা ন’বজালৈকে তালৈ তাই ফোন কৰি আছিল।সি গম নাপালে।
“কালি মেডিকেলত কোন ঘৈণীয়েৰক লগ পাইছিলা? মা’ৰ খবৰ এটা লওঁ বুলি ভাবিলোঁ।না’ পুতেকৰ ম’বাইলেই অফ।”
“এতিয়া কি মূৰটো কৰি আছা?উঠা আক।”
“হ’ব হ’ব ভেকচনকে ধৰি থাকা।মই যাওঁ।পৰীক্ষা দি আহোতে বাহিৰে বাহিৰে মাক এপাক চাই আহিব লাগিব।তুমি উঠিবা।
“মই কলেজ পালোহি।ইউ উঠাই না হ’ব পাই।”
নিবেদিতাৰ মেছেজকেইটা পঢ়িলে সি।প্ৰান্ততঃ তাৰ ওঁঠদুটিৰ সৰুকৈ হাঁহি এটিয়ে চুই গ’ল।মূহুর্ত্বতে
ভাহি আহিল নিবেদিতাৰ অভিমানে ভৰি পৰা গোমোঠা মুখখন।
নিজৰ ওপৰতে খং উঠিল তাৰ।যোৱানিশা সি তাইক একেবাৰে গুৰুত্ব নিদিলে।কান্দি কান্দি টোপনি গৈছিল।তাইৰ ঠাইত সি হোৱা হ’লে কি কি যে গালি নাপাৰিলহেঁতেন ! দুদিনমা­নলৈকে ফোনেই ৰিচিভ নকৰিলেহেঁতেন চাগে।
অনুসূচনা হ’ল নিজৰ আঁকোৰগোজীয়া স্বভাৱটোলৈ।নিবে
দিতালৈ মেছেজতে কিবা এটা লিখি চেণ্ড কৰিলে সি।ফোন নকৰিলে।এতিয়া তাই পৰীক্ষাহলত পৰীক্ষা দি আছে নিশ্চয়।বিচনাখন ঠিক ঠাক কৰি বাথৰুমৰ পৰা টোথব্রাছডালত টোথপেষ্ট সানি বাহিৰলৈ ওলায় আহিল।চৌপাশে কেৱল বেলিটিৰ খিংখিঙীয়া ৰ’দটোৱে আৱৰি ধৰিছে।প্রবালহঁতৰ ঘৰৰ পৰিয়ালত সি,ভায়েক আৰু মা-বাপেক।ভায়েক ক’লেজলৈ গ’ল।যোৱা দুদিনধৰি মাকৰ বুকুৰ বিষ।যোৱাকালিৰ সন্ধিয়াতেই মাকক ডিব্রুগড়ৰ মেডিকেল কলেজত ভর্ত্তি কৰাইছেগৈ।সেইসূত্রে দেউতাক মাকৰ লগতে আছে।এতিয়ালৈকে ডাক্তৰে মাকৰ সঠিক ৰোগৰ বিষয়ে নিশ্চিত হ’ব পৰা নাই।প্রবালৰ নিজকে ভীষণ অকলশৰীয়া যেন লাগিল।পৰিবেশটো যিমানেই নির্জন হৈ পৰিছে সিমানেই তাৰ মনত কিছুমান কথাই বৰকৈ আমনি কৰি বিষাদময় কৰি তুলিছে।আনদিনে ইমান পৰত মাকে চাহ-ভাত খাবলৈ গালি পাৰি থাকে আৰু সি হেয়াৰফোনডাল লগায় নিবেদিতাৰ লগত কথা পাতি থাকে।
অথচ আজি এজনীও নাই তাৰ সতে।তাৰ জীৱনত দুগৰাকী নাৰীয়েই তাৰ বাবে সংগী,প্ৰেৰণা,উত
্সাহ­ সকলো ।মাক আৰু তাৰ প্ৰেমিকা নিবেদিতা।এই দুগৰাকীৰ­ অবিহনে তাৰ জীৱন যেন মৰুময় শূণ্য।এগৰাকীৰো অনুপস্থিতি তাৰ কাম্য নহয়।ৰেলৱে চাকৰিটো পোৱাৰ পাছৰ বছৰটোতে তাৰ মাক বাপেকে নিবেদিতাৰ মাক-বাপেকৰ সৈতে কথা পাতি অহা ব’হাগতে সিহঁতৰ বিয়াখন পাতি দিবলৈ ঠিক কৰি পেলাইছে।ব’হাগলৈ মাথোঁ আৰু দুমাহ বাকী।আঠবছৰ দিনে সি যিজনী ছোৱালীৰ প্রেমত হাবু কাবু হৈ আছিল সেইজনী নিবেদিতাক সি একেবাৰে নিজৰ কৰি ল’ব।অতি উত্‍চুকতাৰে অপেক্ষাৰত সিহঁত।
মুখ-হাত ধুই পোনচাতেই খোৱাৰ টেবুল পালেগৈ ।ভীষণ ভোক লাগিছে তাৰ। লাগিবইতো, যোৱানিশা মাত্ৰ একাপ চাহ খাইছিল তাকো কলেজৰে বান্ধৱী ডাঃ শিখা বৰুৱাৰ অনুৰোধত।ভায়েকে কলেজলৈ যাবৰ বাবে পৰঠা বনাইছিল হয়তো তাকে ৰাখি থৈছে ।পৰঠা আৰু আলু ভাঁজিৰ সংমিশ্রনৰ এটুকুৰা মুখত দিবলৈ লওঁতেই ফোনটো বাজি উঠিল।
—অ’ দেউতা কওক।
—তই কিবা এটা খালিনে ?
—ওঁ। ভাত খালোঁ।অনিচ্ছা সত্তেও দেউতাকক ভাল লগাবৰ কাৰণেই কথাষাৰ মিছাকৈ ক’লে।
—আপুনি কিবা খাবলৈ পাইছেনে তাত?
—অঁহটো কিয় নাপাম?তোৰ লগৰ শিখাই ৰন্ধা ভাত খাইছোঁ।যোৱানিশা
ভাত খাবলৈকে তাইৰ ৰুম পালোগৈ।বৰ ভাল ছোৱালী দেই।মানুহৰ দুখ-মন বুজি পায়। সেইবাবেই ডাক্তৰক ভগৱান বুলি কয়।অ’ মায়েৰাই বৰ বেছি ভাল পোৱা নাই।ডাক্তৰে দৰৱৰ লিষ্ট এখন আকৌ দিছেহি তই আহিলে ভাল আছিল। তই কালি ইয়াৰ পৰা যোৱাৰ পাছত শিখাই ফোন কৰিছিল।তোৰ আকৌ ম’বাইলেই চুইটচ্ অফ।
—ম’বাইলটোত বেটাৰীয়ে শেষ হৈ গ’ল।ঘৰত আহি চিধাই শুলোহি।নিবেদিতা
ইয়ো তাকে লৈ বেয়াই পাইছে।হ’ব বাৰু দেউতা।মই গৈ আছোঁ। আপুনি চিন্তা নকৰিব।
—অ’ বেচেৰীৰ আজি পৰীক্ষা।ভগৱানে মঙ্গল কৰক তাইৰ।তই ভালকৈ আহিবি।খৰখেদাখন নকৰিবি।প্রভাত কলেজ গ’লনে? পৰীক্ষা আছে ল'ৰাটোৰ।জানো কি হয়?
—দেউতা আপুনি সেইবোৰ বাদ দিয়ক সি এতিয়া সৰু হৈ থকা নাই। সি জনা বুজা ল’ৰা।
—হ’ব তই আহ।
প্ৰবালৰ মনটো বিষণ্ণতাৰে ভৰি পৰিল।মাকৰ প্ৰতি তাৰ চিন্তা দুগুনে বাঢ়িবলৈ ধৰিলে।পৰঠাৰ সেই টুকুৰাটোও থালিতে এৰি দুৱাৰখন লক কৰি সি বাইক ষ্ট্ৰাট দিলে।সিহঁতৰ ঘৰৰ পৰা মেডিকেললৈকে প্ৰায় ৩০ কিলোমিটাৰমান হ’ব।এইচোৱা বাট বাইকত ৬০ কিঃমিঃ বেগত গ’লে ৪০ মিনিট লাগেই।
প্ৰায় এঘাৰমান বজাত সি মেডিকেল পালেগৈ।লগে লগে দেউতাক আৰু ডাঃ শিখাক লগ কৰিলে।ডাঃ শিখাই কোৱা মতে, মাকৰ পৰিস্থিতি বিষম।ভালকৈ চিকিত্সা নকৰিলে দুই-এদিনতে মাকৰ মৃত্যও হ’ব পাৰে।ডাঃশিখাৰ অনুমতি ক্ৰমেই প্রবালে দেউতাকৰ পৰা দৰৱৰ লিষ্টখন লৈ ফার্মাচীকেইখনলৈ
ৰাওনা হ’ল।দুপৰীয়া ঠিত বাৰ বাজিছিল।নিবেদিতাৰ পৰীক্ষাও শেষ হৈছে চাগে ইতিমধ্যে! ফোন এটা কৰিম কৰিম বুলি ভাবিও কৰিব নোৱাৰিলে।সময়ৰ অজুহাত।পকেটৰ পৰা ম’বাইলটো উলিৱাবলৈয়ো এতিয়া তাৰ সময় নাই।নিবেদিতাই এই সময়ত একো গম নাপায় তাৰ পৰিস্থিতিৰ কথা ।বহুত দুখ পাব তাই।তাইক পাছত বুজাই ল’ব।
কথাবোৰ ভাবি ভাবি কেতিয়া ইমান ভিৰৰ মাজতো ফার্মাচীকেইখন পালেহি গমকে নাপালে ।দৰৱকেইটা লৈ যাবলৈ ওলাওঁতেই ফোনটো বাজি উঠিল।শিখা কলিং।
—অ’ কোৱা।
—তুমি পাৰিলে সোনকালে আহা।মা’ৰ অৱস্থা বৰ ভাল নহয়।
—গৈছোঁ গৈছোঁ।
ফোনটো কাটি লৈ পকেটত ম’বাইলটো ভৰাবলৈ লওঁতেই আকৌ ফোনটো বাজি উঠিল ।নিবেদিতা কলিং।
—কোৱা।
—হেল্ল।প্রবাল দা।মই মাইনীয়ে কৈছোঁ।
নিবেদিতাৰ সখীয়েকৰ মাতষাৰ সিমূৰৰ পৰা ভাহি আহিল।
—ওঁ।কি কোৱা! নিবেদিতা?
—মানে তাইৰ!
—কি হ'ল তাইৰ?
মাইনীয়ে একেসুৰতে কথাষাৰ ক’লে, “নিবেদিতাই স্কুটীখন লৈ কলেজৰ পৰা ওলাওঁতেই ট্ৰাক এখনে প্ৰচণ্ড খুন্দা মাৰিছে। বেয়াকৈ আঘাট পাইছে তাই।তাইৰ মুখত কেৱল আপোনাৰ নাম।আপোনাক বিচাৰিছে! আপুনি য’তেই আছে কলেজলৈ আহক সোনকালে।এম্বুলে
ঞ্চ আহি পোৱা নাই এতিয়াও।”
স্তব্ধ হৈ ৰ’ল সি।বিমোৰৰ দোমাজাত আৱদ্ধ এতিয়া প্রবাল। এফালে মেডিকেলত তাক জন্ম দিয়া মাকে মৃত্যুৰ সৈতে যুঁজি আছে। হয়তো হাতৰ এই দৰৱকেইটাই মাকক সুস্থ কৰি তুলিব পাৰে আনফালে তাৰ জীৱনৰ একমাত্ৰ সংগী হ’ব খোজা তাৰ প্ৰেমিকাইয়ো তাৰ নাম লৈ লৈ জীৱনৰ অন্তিম উশাহ লৈছে।কি কৰিব এতিয়া? উপায়হীন হৈ মৃণময়ে মনতে ক’লে “নিবেদিতা তুমি ক্ষমা কৰিবা।আজি মই স্বার্থপৰ হ’লোঁ।তোমাৰ বাবে আজি মোৰ সঁচাকৈয়ে সময় নাই । প্ৰচণ্ড বেগেৰে সি মেডিকেললৈ বুলি ৰাওনা হ’ল।মেডিকেল পাইয়েই পোনতেই মাকৰ ওচৰ পালেগৈ ।ডাঃ শিখাক দৰৱকেইটা দিলে।
“এতিয়া চিন্তা নাই তোমাৰ মা এতিয়া যথেষ্ট সুস্থ হৈছে। কাইলৈ মানে ঘৰলৈ যাব পাৰিব আৰু শুনা এটা গজগজীয়া ডেকা ল’ৰা থাকিও মা’ক বোৱাৰী এজনী আনি দিব নোৱাৰা নেকি?”—শিখাৰ
কথাবোৰ মাত্ৰ ভাহি আহি তাৰ কাণত পৰিল যদিও মুৰত একোকে নোসোমাল।তাৰ যেন চিন্তাশক্তি ক্ৰমশ নিশেষ হ’বলৈ ধৰিছে ।অলপ ইফাল সিফাল কৰি দৌৰ মৰাদি আহি বাইক ষ্ট্ৰাট দি সি নিবেদিতাহঁতৰ কলেজৰ দিশত অগ্রসৰ হ’ল।ইমান গাড়ী-মটৰ,হুলস্থ
ুলৰ মাজতো তাৰ কাণত কেৱল নিবেদিতাৰ মাতবোৰ ভাহি আহিল।দুচকুত নিবেদিতাৰ মুখখনিয়ে বাট আগুৰি ধৰিলেহি।প্ৰচণ্ড স্পীডত আহি থকা প্রবালে হঠাতে দিশহাৰা হৈ সন্মুখৰ ফালে আহি থকা এখন গাড়ীৰ লগত মুখামুখী খুন্দা খালেগৈ ।বাইকৰ চিতৰ পৰা ওফৰি ৰাস্তাৰ একাষত চিতিকি পৰিলগৈ সি ।তাৰ শৰীৰটো যেন কোনোবাই কাটি টুকুৰা-টুকুৰ কৰিলে। যেন উশাহ নিশা স্তব্ধ হোৱাৰ উপক্রম হৈছে।চকুকেইটা নামি আহিল।কাষতে দেখা পালে নিবেদিতাক।তাইৰ সর্বশৰীৰ তাৰ দৰেই তেজ আৰু তেজ।নিবেদিতাই যেন প্রবালক কিবা ক’ব খুজিছে।খুব কষ্ট কৰিও তাইৰ ওঁঠ দুটি মেল নাখালে।প্রবালে অস্ফুত শব্দৰে কিবা কৈছে।অৱশেষত ভাহি আহিল—“তোমাৰ সতে জীয়াই থকাৰ কথা আছিল কিন্তু আজি একেলগে মৰিবলৈ ওলাইছোঁ।” নিচেই কাষকে পৰি থকা নিবেদিতাই হাতখনেৰে প্রবালৰ হাতখন খামুচি ধৰি স্তব্ধ হৈ ৰ’ল।লগে লগে মৌন হৈ ৰ’ল প্রবাল।দুখন হৃদয় একেলগে যেন টোপনি গৈছে।চিৰপ্ৰশান্তিৰ সপোনৰ দেশলৈ।এহাল প্ৰেমিক-প্ৰেমিকাই যেন হাতে-হাত ধৰি সপোন দেখিব এতিয়া।
(হয় ঠিকেই, সেইদিনা নিবেদিতাৰ আঘাটপ্ৰাপ্ত দেহাটি মেডিকেললৈ লৈ অনা 108 এম্বুলেঞ্চখনতে গৈ প্রবালে বাইকৰ সৈতে খুন্দা মাৰিছিলগৈ ।গাড়ীৰ ডাইভাৰে জোৰেৰে ব্ৰেক মৰাৰ বাবেই গাড়ীখনো থিতাতে বাগৰি পৰিছিল হয়তো কেনেবাকৈ নিবেদিতায়ো ওলায় পৰিছিল গাড়ীৰ পৰা।)
বিঃদ্ৰঃ গল্পটো পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।আপুনি পঢ়া গল্পটো লেখক সত্যজিত কাকতিৰ দ্বাৰা সংৰক্ষিত তথা পূৰ্বতে কাকত-আলোচনীত প্ৰকাশিত হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি শিৰোনাম আৰু লেখকৰ নাম উল্লেখ নকৰাকৈ কপি নকৰে যেন।গল্পটো পঢ়ি আপোনাৰ বহুমূলীয়া সময়খিনি যচাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

No comments: